পৃষ্ঠা:পদ্যাৱলী.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
পদ্যাৱলী ৷

বিগত অনেক দিন হয় এই দৰে,
ভাবে শিশু, প্ৰতিদিনে দুগ্ধপান কৰে।
দৈবে একদিনা সঙ্গী শিশুগণ সনে,
বাদ কৰি দ্ৰোণপুত্ৰ পৰীক্ষা কাৰণে;
দেখুৱালে অপ্ৰকৃত দুগ্ধ সি সবক,
হাঁহিলে সকলে দেখি; দ্বিজ-তনয়ক।
লাজে অভিমানে শিশু উভতি ঘৰত,
বিনালে মাতৃৰ কাষে সকলো তাৱত।
কৃপ-সহোদৰা দেবী মহা বুদ্ধিমতী,
কোলে তুলি তনয়ক সান্ত্বিলে সম্প্ৰতি।
বিষাদিত মনে টুকি নয়নৰ নীৰ,
বহি ৰল মৌনভাৱে প্ৰকৃতি গম্ভীৰ।
দিৱাকৰো যেন এই দুখে দুখী হৈ,
কৃষ্ণ বস্ত্ৰে ঢাকি মুখ অস্ত গল গৈ।
আহিল ইহেন কালে দ্ৰোণ মহাজ্ঞানী,
শুনিলে প্ৰিয়াৰ মুখে সকলো কাহিনী।
সান্ত্বিলে ভাৰ্য্যাক “প্ৰিয়ে! নকৰা বেজাৰ,
প্ৰভাতে কৰিম মই এৰ প্ৰতিকাৰ।
দ্ৰুপদ নামেতে আছে পাঞ্চাল ঈশ্বৰ,
শৈশৱৰ বন্ধু মোৰ প্ৰিয় হিতকৰ।
গলে তাৰ সমীপত আমাসাৰ দুখ,
গুছিব সকলো তেনে, উপজিব সুখ।”