পৃষ্ঠা:পদ্যাৱলী.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
পদ্যাৱলী৷

স্থাৱৰ, জঙ্গম, কীট, পতঙ্গমো যত,
ঈশ-আজ্ঞা পালিছে সততে।
তুমিও মানৱ কুলে মনুজ সন্তান,
এতেকে মানৱৰূপে বৎস!
কৰা মানৱৰ কাম হিয়া উদঙাই
গোৱা সুখে ‘জয় জগদীশ’।
আত্ম-সংযমন ৰূপ ঢাল হাতে লৈ
প্ৰবৃত্তি ৰিপুক দূৰ কৰা,
একাগ্ৰতা কৱচেৰে শৰীৰ আৱৰি
জীৱন যুজত আগবঢ়া।
মিছা কোৱা, সুৰাপান, অপব্যয় কৰা,
ইসবৰ কাষকো নাযাবা,
পৱিত্ৰ ভাৱেৰে সজবাটে বাট ধৰি
অৱশ্যে শেহত জয় পাবা।
এনে ভাবে যদি বৎস! চলা সৰ্ব্বদায়
যমক তোমাৰো নাই ভয়,
পাপীহে কেৱল মাথোঁ পাপৰ ভয়ত
‘মৃত্যু’ নামে বিয়াকুল হয়!