পৃষ্ঠা:পদ্যাৱলী.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
পদ্যাৱলী।

প্ৰিয়া ৰাজ্ঞী ‘মমতাজমহলে’ হেৰুৱাই,
সজালে ই সৌধগৃহ সমাধিৰ ঠাই।

(8)

কৰিলে অলেখ ধন ই কাজত ব্যয়,
লগালে নিপুণ শিল্পী যাতে ভাল হয়।
মণি, মুক্তা, ৰত্নৰাজি, গঁথালে বিস্তৰ,
বিচাৰি বিদেশ-দেশ, পৰ্ব্বত কন্দৰ।

(৫)

থলে নাম প্ৰিয়া ৰাজ্ঞী নাম অনুসাৰে,
পবিত্ৰ প্ৰণয়-স্মৃতি, চিৰস্মৃতি তৰে।
“তাজমহল”-শ্ৰেষ্ঠ সৌধ জানে জগজন,
“সপ্তকীৰ্ত্তি”-মাজে যাৰ আজিও গণন।

⸺:•:⸺

আকাশ।

সৃষ্টি পাতনিকে ধৰি,  কাৰ আজ্ঞা শিৰে কৰি,
  বিয়াপন কৰি ভূমণ্ডল,
আজিও উৰ্দ্ধত থাকি,  হে দেৱ! আকাশ তুমি,
  হাঁহি আছা চাই পৃথ্বী-তল!
কোন্ সিটি কাৰিকৰ, যিটে তোৰ গা’ৰ গঢ়,
  এনেকুৱা ধুনীয়া কৰিলে?