পৃষ্ঠা:পদ্যাৱলী.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
পদ্যাৱলী

হলে উপযুক্ত কাল ৰাজতনয়ৰ,
ভৰদ্বাজাশ্ৰমে তাক থলে নৰবৰ।
সঁপি দিলে মুনি হাতে, পাঞ্চাল ঈশ্বৰ,
বিদ্যাদি শিক্ষাৰ ভাব প্ৰিয় তনয়ৰ।
অতঃপৰ দ্ৰোণক সম্বোধি নৰৰায়,
মধুৰ বচনে কলে দুনাই দুনাই।
“শুনা প্ৰিয় বৎস! মই কওঁ এটি কথা,
অনুৰোধ যেন তাৰ নকৰ অন্যথা।
আজি হৈতে দ্ৰুপদ তোমাৰ হল ভাই,
থাকিবা দুজনে মিলি নকৰিবা হাই।
উদ্ধত স্বভাৱী পুত্ৰ অভিমানী বৰ,
শুধৰাব যেন তাক হোৱা যত্নপৰ।”
অনন্তৰে তনয়ক কৰি সম্বোধন,
বুলিবে লাগিলা ৰাজা মধুৰ বচন;
“শুনা বৎস! দিনে ৰাতি থাকি আশ্ৰমত,
প্ৰিয় গুৰু মূৰ্ত্তি থাপি হৃদি-আসনত,
শিৰে ধৰি আজ্ঞা তাৰ সাধিবা স্বকাজ,
নীহ কাৰ্য্য বুলি কোনো, নকৰিবা লাজ।
শাসনতো কদাচিত নহবা বিতুষ্ট,
থাকিবা প্ৰফুল্ল চিত্তে এৰি ভাব ৰুষ্ট।
কায় ভক্তিমনে ধৰি গুৰু উপদেশ,
বেদ, বিধি, ধনুৰ্বিদ্দ্যা শিকিবা বিশেষ।