পৃষ্ঠা:পদ্যাৱলী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
পদ্যাৱলী।


লৰিগৈ সেই পিনে, পৰম হৰিষ মনে,
 ব্যাধৰ ফাঁদত পৰি কান্দি উচ্চৰাৱে
 লোভৰ টানত শেষে প্ৰাণ হেৰুৱাৱে।
( ২ )
 সংসাৰ বনতো তেনে ঘটিছে সদায়,
 বাজিছে পাপৰ বাঁহী তিল ছেদ নাই;
মিঠা সেই সুৰ তাৰ, যেন অমিয়াৰ ধাৰ,
 শুনিব মাত্ৰকে মন প্ৰাণ মোহ যায়,
 এনে যে মোহিনী শক্তি কবলৈ নাই।
( ৩ )
 সাৱধান! সাবধান! লোভ-বশ নৰ,
 নকৰিবি আগ ভৰি শুনি এই স্বৰ;
মোহ গলে বাঁহী শুনি,  জ্ঞান বুদ্ধি এৰে জ্ঞানী,
 যোগীও যোগৰ পৰা ভ্ৰষ্ট গতি পাই,
 মোহৰ জালত পৰি প্ৰাণ হেৰুৱায়।
( 8 )
 পাপৰ ক্ষণিক সুখ অতি অনুপাম,
 কিন্তু হায় পৰিতাপ তাৰ পৰিণাম;
বাহিৰে দেখিও ৰং, এৰ যেন তাৰ সঙ,
 তেনেহলে অবশেষে হৈ সিদ্ধকাম,
 পাবি গৈ সহজতে সেই দিব্য ধাম।