পৃষ্ঠা:পদ্যাৱলী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
পদ্যাৱলী


 ( ২৯ )
 “কিন্তু তুমি মায়ামুক্ত, বৰ পুণ্যবান!
ধন্যা কুন্তী জন্মদাত্ৰী,  লভিলে পৱিত্ৰ শান্তি,
 ওপজাই তোমা হেন সুযোগ্য সন্তান;
 ধৰ্ম্ম পথে থাকা বাছা ধৰ্ম্ম কৰি সাৰ,
 তেনেহলে দুখৰ সাগৰ হবা পাৰ।”
 ( ৩০ )
 “কুৰুকুল হব ক্ষয়, আৰু দিন নাই,
ভৱিষ্য বুৰঞ্জী এই,  ভাঙিলো তোমাত মই
 পালিবা পৃথিৱী সাৰ্ব্বভৌম-পদ পাই;
 এই লোৱা চাৰি ভাই পাঞ্চালী সহিত,
 পুনুগৈ আশ্ৰমত সাধা নিজ হিত।”

বিষয়ী।

 ( ১ )
হে বিষয়ী নৰ!  কিয় আজি তুমি
 এনে বিয়াকুল হৈ,
ঘূৰিব ধৰিছা  বাট হেৰুৱাই
 অযথা সাৱটি লৈ?