পৃষ্ঠা:পদ্যাৱলী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
পদ্যাৱলী।

( ১৫ )


চাল, ঘৰ, বেৰা আদি, এই জাহাজৰ,
 পুৰি তেনে ছাই-ভস্ম হল,
লগে লগে লৰাটিও, কৰ্ত্তব্য সমাধি,
 মৰ্ত্ত্য এৰি স্বৰ্গলৈ গ'ল।


মনৰ প্ৰতি।


জানি বুজি কিয় মন! কৰা অপকাম,
ভাবাচোন কৰিলানে কিবা সজ কাম?
কাঢ়িলানে খোজ কোনো দিনে সুবাটত,
পাহৰি কি সজ কথা আনিলা মুখত!
অনৰ্থক কুচৰ্চ্চাত সময় নিয়ালা,
মানুহৰ কৰ্ত্তব্য একোকে নকৰিলা।
নোৱাৰিলা মনুষ্যত্ব কৰিব গ্ৰহণ,
নৰ সঁচা; কিন্তু পশু বেলে বুধজন।
দেখিয়ে কেৱলে তুমি আন মানুহক,
মিছাতেই আহিছিলা এই সংসাৰক।
দুৰ্লভ মানৱী তনু গল অবাৱত,
সাঁচিলা বিষম পাপ থাকি কুবাটত।
ফুৰিলা অযথা ছয় ৰিপুৰ লগত,
সাধুক নিন্দিলা মিছা তেজৰ বলত।