পৃষ্ঠা:পদ্যাৱলী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
পদ্যাৱলী।


ধৰি যোগাসন—নিজান বননি মাজে
গভীৰ ভাৱেৰে? কিয়বা লেপিছা এই—
সুঠাম অঙ্গত বিভূতি চন্দন; এৰি—
ৰত্ন অলঙ্কাৰ। এৰি ৰাজ-সাজ তুমি
পিন্ধিছা গছৰ ছাল নিষ্কামীৰ দৰে!
ক’ত সি ৰাজাৰ পুৰী হেম-ৰত্নময়,
দিক্‌ পোহৰাই জিলিকে জেউতি যাৰ
তিৰ বিৰ্ কৈ। যেনে তাৰাৰাজি নিশা হলে
নীল আকাশত ভূমুকাই মাজে মাজে
চঞ্চল ভাৱেৰে। ক’ত বা কুবেৰাগাৰ,
সম সি ভঁৰাল ধন ৰতনেৰে ভৰা
ক’ত বা সি বেটী-বন্দী, চিৰ অনুগত
ৰাজভক্ত প্ৰজাবৰ্গ, জন্মদাতা পিতৃ-মাতৃ
দেহাৰ এফাল প্ৰিয়তমা ভাৰ্য্য়া আৰু
প্ৰাণতো অধিক চেনেহৰ এক মাথোঁ
শিশু-পুত্ৰ নয়নৰ মণি! মানসিক,
আধ্যাত্মিক, কায়িক শ্ৰমত, সংসাৰত,
যি সুখ ঘটিব পাৰে মানৱী-ভাগ্যত;
বিনা আয়াসতে তুমি লভিও সি সব
কিয় আজি নিজানত এনে মৌন ভাবে
পৰিহৰি সকলোকে আচৰি ই ব্ৰত
ঠেলিছা ভৰিৰে দেৱ! সুখৰ যৌৱন।