পৃষ্ঠা:পদ্যাৱলী.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
পদ্যাৱলী।

কোন্ চিত্ৰ-লেখা হাতে, নানা ৰং-বৰণেৰে,
 তোক বহুৰূপী সাজি দিলে?
কাৰ বা চেনেহ গুণে, ই মহা বিশাল দেহে,
 বিচিত্ৰ ইন্দ্ৰৰ ধনু ধৰি,
দেখুৱাই জগজীৱে,  কৰা হৰষিত সবে,
 বাৰিদে বা কত ফুৰে ঘূৰি?
চন্দ্ৰ, সূৰ্য্য তৰাৰাজি,  কাৰে বা বুকুত থাকি
 দিন ৰাতি কৰে সমাপন,
কাৰে বা বুকুত আমি,  শুনো বজ্ৰপাত ধ্বনি,
 তুমিয়েটো-অনন্ত গগন!
দাঁতে তৃণ তুলি ধৰি,  তোমাৰ চৰণে পৰি,
 হাত যুৰি হে দেৱ আকাশ!
খাটিছোঁ তোমাক মই, কোৱা মোক কৃপা কৈ,
 কাৰ শক্তি কৰিছা প্ৰকাশ?
ধন্য সেই মহাজন, ধন্য তাৰ বুদ্ধিবল,
 ধন্য তাৰ চিত্ৰত কৌশল!
আমি মূঢ় মায়া হেতু, নিন্দি তাৰ সৃষ্ট বস্তু,
 হেৰুৱাইছোঁ মুকুতি সম্বল।