মালচ

ৱিকিউৎসৰ পৰা
(Malochৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
মালচ
লেখক হিতেশ্বৰ বৰবৰুৱা

[  ]
 

তলসৰা ফুল।

 

মালচ।



 

[চতুৰ্দ্দশী পদী কবিতা।]

 

⸻⸻"With this key
Shakespeare unlocked his heart; this melody
of this small lute gave ease to Petrarch's
wound."
..............WORDSWORTH.

 

বেচ–আধুলি এটি। শ্ৰী হিতেশ্বৰ বৰবৰুৱা।

 
[  ]
 

প্ৰকাশক
শ্ৰীকামাখ্যা কুমাৰ দাস
আসাম পাবলিছিং হাউচ।
কালীবিল্ডিং, যোৰহাট।

 
মালচ (page 2 crop).jpg
 

কলিকতা
৩২৭ নং অপাৰ চিৎপুৰ ৰোডস্থ
দি ওৰিয়েন্টল প্ৰিন্টিং ওয়াৰ্কস প্ৰেছত
ত্ৰীগোষ্ঠবিহাৰী দে কৰ্তৃক মুদ্ৰিত।

 
[  ]

OPINION.

 

Sjt. Suryya, Kumar Bhunya M.A.

Vidyabinode, Says :—

 

 "⸻ our joy is that you have also unlocked your heart with this outlandish key bright with the romantic touch of your poetic art. Your Sonnets have brought before my eyes the long-forgotten images of Laura, Elionora, and Stella, so romantically associated with the lives of Sonnetors Petrarch, Tasso, and Sir Philip Sidney. They have opened a new vista in Assamese Literature by naturalising this Italian art, and by making the task of Sonnet-writing easier for subsequent writers. Though the Sonnet is a foreign instrument you have been able to handle it with all the naivete of a domestic [  ] "art. As required, the thoughts of your Sonnets are condensed, there is the regular flow, the musical cadence and the bruity & suggestiveness in the concluding couplets. Hitherto no one in Assamese Literature published such a Sonnet series: in Bengalee, Michael M. S. Dutta, Raby Thakoor (Sir Robindra) and Pramatha Chowdhury took the initiative in this, and I note with extreme pleasure that you have, as in other branches of our literature, taken the lead in this respect also"

 

 Jorhat.
28th May 1917:

 

 
[  ]

উপহাৰ পিঠি৷

মালচ (page 5 crop).jpg

মোৰ
..................................................

.............................................................................

........................................

 

চিন স্বৰূপ৷
উপহাৰ দিলোঁ।

 

...................................

[  ]

আহোমৰ দিন৷

শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱাৰ ঋণ।
প্ৰায় ১৪০০ পিঠিৰ ডাঙৰ কিতাপ লিখোঁতাই
প্ৰকাশ কৰিবলৈ যো-জা কৰিছে৷ সদৌ অসমীয়া
ৰাইজৰ উৎসাহ বাঞ্ছনীয়৷

[  ]
পাতনি৷

 ইটালী দেশৰ অমৰ কবি ফ্ৰান্সিস্কো পেতবাৰ্কাই প্ৰথমতে এই চতুৰ্দ্দশপদী কবিতাৰ সৃষ্টি কৰে৷ তাৰ পাছত ইউৰূপৰ প্ৰায় সকলো ভাষাতেই ইয়াৰ প্ৰচলন হয়৷ ইংৰাজীতে এই ধৰনৰ কবিতাক “চনেট্‌” (Sonnet) বোলে৷ বঙ্গদেশৰ সৰ্ব্বপ্ৰধান কবি, কবিকুলমণি, মহাত্মা ৺মাইকেল মধুসুদন দত্তই প্ৰথমতে বঙ্গলা ভাষাত চতুৰ্দ্দশপদী কবিতা লিখি, বাট দেখুৱায়৷

 বৰ্তমান সময়ৰ অনেক অসমীয়া লেখাৰুৱেও চতুৰ্দ্দশপদী কবিতা লিখিবলৈ হাত দিছে৷ সেই সকলকে দেখি, আমিও সেই অমৰ কবি সকলৰ পদাঙ্ক অনুসৰন কৰি, এই চতুৰ্দ্দশপদী কবিতা কেইটি ৰচনা কৰি, পাঠক সকলৰ ওছৰত ডাঙ্গি ধৰিলো৷ আমাৰ চেষ্টা কিমানদূৰ ফলবতী হৈছে, সেইটো সহৃদয় পাঠক সকলে বিচাৰ কৰিব৷ [  ] এই পুথিৰ কিছুমান কবিতা "বাঁহী", "ঊষা" আৰু “আলোচনী"ত প্ৰকাশ হৈছিল; আৰু কিছু মান ইং ১৯০২ সনত “ঢোপাকলি” নামে পুথিৰ আকাৰে ছাপা হৈছিল৷ বাকি খিনি, আগৈয়ে ছাপা হোৱা নাই।

 "আসাম পাবলিছিং হাউচ্‌"ৰ প্ৰতিষ্ঠাতা সাহিত্যানুৰাগী শ্ৰীযুত জিতেন্দ্ৰকুমাৰ দাস মহোদয়ে অনুগ্ৰহ কৰি এই পুথিখনি প্ৰকাশ কৰিছে৷ সেইবাবে লিখোঁতা তেখেতৰ ওছৰত চিৰকৃতজ্ঞ আৰু পাঠক পাঠিকা সকলৰো তেথেত শলাগৰ পাত্ৰ৷ ইতি—

ৰঙালী বিহু
১৩।৪৷১৮।
হিতেশ।
 



[  ]

সূচীপত্ৰ।

অগুৰু ...        ...      ১১৫
অনুতাপ (ক) ... ...   ৭১
 ’’    (খ) ... ...   ৭১
অন্তিমৰ ছবি ... ...   ৭২
অসতী তিৰুতা—বেশ্যা ... ...   ১০৭
আন্ধাৰ ... ...   ৮৫
আবাহন ... ...   ৶৹+৷৹
আলিঙ্গন ... ...   ১১৪
আশা ... ...  
আহাঁ, সোণ! আহাঁ ঘূৰি ... ...   ৪৮
ইহ কাল ... ...   ১৩
ঈশ্বৰ ... ...  
উটি-যোৱা বন ... ...   ৩১
ঊৰ্ম্মীলা ... ...   ১০০
ঐশ্বৰ্য্য ... ...   ৬৯
ওৰণীন (ক) ... ...   ১০৮
[ ১০ ]
ওৰণী (খ) ...        ...      ১০৯
কটাক্ষ শৰ (ক) ... ...   ১১১
    ’’    (খ) ... ...   ১১২
কবি ... ...  
কবি কালিদাস ... ...   ৮৯
 ’’ চেক্ষপীৰ ... ...   ৮৮
কবিতা ... ...  
কমলাৰ পক্ষপাতিত্ব ... ...   ১২০
কল্পনা ... ...   ১০
কলা ঠৰুৱা ... ...   ১২২
কাণৰ থুৰীয়া ... ...   ১১০
কান্দোন ... ...   ৬২
কি কৰোতে কিবা হ'ল ... ...   ৭৯
কি হৰে পুজিম? ... ...  
কেতিয়া তোমাৰ সেই পাম শ্ৰীচৰণ? ... ...   ১৮
কোনো এখন পুথি পঢ়ি ... ...   ৮৭
কোনোবা বন্ধুৰ মাতৃ বিয়োগত ... ...   ১০১
কোৱা ভাতুৰী ... ...   ১১
[ ১১ ]
খন্তেক ...        ...      ৭০
খোঁপাত লেৰেলা গোলাপ ... ...   ১৯
গোলাপৰ দৰে ... ...   ৫০
ঘৃণা ... ...   ২৯
চকুলো ... ...   ৬৩
চন্দ্ৰ ... ...   ৬৫
চিতাৰ জুই ... ...   ১৭
চিন্তা ... ...   ১০৫
চুমা ... ...   ১১৩
ছবি ... ...   ৯৯
জোনাকী পৰুৱা ... ...   ৭৩
টগৰ ... ...   ৬৮
ঢাকনী ... ...   ৮৬
তপস্বী ... ...   ৩২
দুৰ্গোৎসৱ ... ...   ৮১
দুৰাশা ... ...   ১২১
ধিক্কাৰ ... ...   ৮০
নতুন বছৰ ... ...   ৯৭
[ ১২ ]
নিদ্ৰা দেবী ...        ...      ১৪
নিলাজী ... ...   ৩৫
নোহে চিত্ৰপট ... ...   ৯২
পদুম ... ...   ৬৬
পঢ়াশলীয়া বন্ধু ৺কৃষ্ণচন্দ্ৰ নেওগৰ মৃত্যুত ... ...   ৬৩
পাহৰনী ... ...   ৮৪
প্ৰবোধ ... ...   ৪৬
প্ৰতিধ্বনি ... ...   ২২
প্ৰভাতৰ শোভা ... ...   ৪৭
প্ৰষ্পেৰোলে চাই মিৰেণ্ডা ... ...   ২৮
প্ৰাণ আৰু বিদ্যা ... ...   ৯৩
প্ৰাৰ্থনা ... ...   ১২৩
ফুল ... ...   ১০২
বছৰ বিদায় (ক) ... ...   ৯৫
   ’’    (খ) ... ...   ৯৬
বন্ধু ... ...   ৪৩
বন্ধুত্ব ... ...   ৪৪
[ ১৩ ]
বন্ধু-বিদায় ...        ...      ৯১
বৰ পাত্ৰ ... ...   ১১৮
বসন্ত কালত এটি কুলিলৈ ... ...   ১১৯
বিজুলী ... ...   ৩৪
ভ্ৰান্তি ... ...  
ভেটফুল ... ...   ৬৭
মদাৰ ফুল ... ...  
মনেখনা পুখুৰি ... ...   ১০৫
মৰা চৰাই ... ...   ১২
মলিনা দেবী ... ...   ১৫
মহাপুৰুষ শঙ্কৰদেৱ ... ...   ৯০
মহাভ্ৰম (ক) ... ...   ৬৮
   ’’   (খ) ... ...   ৫৭
মাতৃ স্নেহ ... ...   ৪৯
মায়াদেবী ... ...   ২১
মৃত্যু ... ...   ১৬
মিৰেণ্ডা ... ...   ২৭
যশ ... ...   ১০৩
[ ১৪ ]
যাতন ...        ...      ৫৮
যৌবন ... ...   ৩৩
ৰজাৰ জী—সখীলৈ (ক) ... ...   ৭৪
   ’’   ’’    (খ) ... ...   ৭৫
   ’’   ’’    (গ) ... ...   ৭৭
ৰাধা ... ...   ২৪
ৰাধা আৰু বৃন্দা ... ...   ২৫
ৰূপলাল দত্ত ... ...   ১২৫।১২৬
লক্ষ্মী ... ...  
লোকনাথ বৰুৱা ... ...   ১২৭।১২৮
শকুন্তলা ... ...   ২৬
শত্ৰু ... ...   ৪৫
শ্মশান ... ...   ৮৩
শেষ গতি ... ...   ৯৮
শেষ ভিক্ষা ... ...   ১২৪
সখী—ৰজাৰজীলৈ ... ...   ৭৬
সপোণ ... ...  
সমৰ্পণ (ক) ... ...   ৴৹
[ ১৫ ]
সমৰ্পণ (খ) ...        ...      ৵৹
স্বভাৱৰ গীত (ক) ... ...   ৫১
   ’’    (খ) ... ...   ৫২
   ’’    (গ) ... ...   ৫৩
   ’’    (ঘ) ... ...   ৫৪
   ’’    (ঙ) ... ...   ৫৫
সান্তনা ... ...   ৩০
সীতা ... ...   ২৩
স্ত্ৰীলজ্জা ... ...   ৩৬
সুখ ... ...   ২০
সুখ স্ৰজা নাই ... ...   ৪২
সুখীনে? (ক) ... ...   ৩৭
   ’’    (খ) ... ...   ৩৮
   ’’    (গ) ... ...   ৩৯
   ’’    (ঘ) ... ...   ৪০
   ’’    (ঙ) ... ...   ৪১
সূৰ্য্য ... ...   ৬৪
সোঁৱৰণী ... ...   ৫৯
[ ১৬ ]
হাঁহি ...        ...      ৬১
ক্ষমা ... ...   ৮২
*   *   *    (ক) ...   ১০৬
*   *   *    (খ) ...   ৭৫


⸻⸺
[ ১৭ ]
সমৰ্পণ।

প্ৰাণাধিক
৺সুৰেশ্বৰ বৰবৰুৱালৈ৷

( ক )

ভাই সুৰেশ,
আছিলা স্নেহৰ তুমি নুমলীয়া ভাই
আদৰৰ ধন তুমি, স্নেহৰ ৰতন;
কি দিম তোমাক মই? কিনো আছে মোৰ?
নিতান্ত দৰিদ্ৰ, মোৰ নাইকিয়া ধন॥
নাই মোৰ মণি, মুক্তা, গজমতি হাৰ,
ফুলনি বাৰীত মোৰ নাই ভাল ফুল;
গোলাপ নুফুলে তাত, নুফুলে মালতী,
নাই তাত জাতী, জূতী, সুন্দৰ বকুল;
ফুলে মাথোঁ তাত বহু শিমলু পলাশ,
তলভৰিভৰি থাকে, কোনেও নলয়;
মৰমৰ ছিন বুলি কি দিম তোমাক?
ধনসোন নাই মোৰ, দীনহীন মই!!
কিনো দিম? কিনো ল’বা “মৰমৰ ছিন”?
হিতেশ দৰিদ্ৰ, ভাই! অতি দীনহীন!

( কিন্তু )
[ ১৮ ]
( খ )

শিমলু পলাশ যদি তুমি নিঘিনোৱাঁ,
“মৰমৰ ছিন” বুলি আদৰেৰে লোৱাঁ,
দিলো এই মালাধাৰি, পিন্ধিবা সদাই,
আলই এথানি কৰি নিদিবা পেলাই৷
মৰমত দিয়া বুলি কৰিবা আদৰ,
যদিওবা নাই গোন্ধ মালা পলাশৰ॥
আত বাজে কিবা দিম? একো নাইকিয়া,
আছে মাথোঁ তাহানিৰ বিয়াকুল হিয়া;
নিৰাশাৰ হুমুনিয়া, চকুলো চকুত
দাৰুণ শোকৰ লেশ তপত বুকুত;
আদৰৰ “ভাই” মাত নীৰস মুখত,
কোলা লোৱা দুটি হাত শুকান দেহত;
অন্তৰত তুঁহ জুই হিয়া-ছাই-কৰা,
অথিৰ অবিৰ মন নিৰাশাৰে ভৰা॥

যোৰহাট৷
      হিতেশ৷
৩০৷৭৷১৪৷
[ ১৯ ]
আবাহন।

 ●Where art thou, . . . . . . . . . . . . . . . . . . .



‘Return, forgetful Muse, and straight redeem
‘In gentle numbers time so idly spent ;
‘Sing to the ear that doth thy lays esteem,
‘And give thy pen both skill and argument.”
  ⸻Shakespeare's SONNET C.

[ ২০ ]

—আহাঁ,—আই বীণাপাণি! বীণাখনি লই,
উভালি মূৰৰ চুলি, বান্ধি দিলে তাঁৰ!
বজোৱাঁ বজোৱাঁ, আই! সুৱলা সুৰেৰে
সুৱলা মধুৰ গীত, দেবী কবিতাৰ!
যদিও কমলা মাতৃ! অতি নিৰদয়া,
যদিও তেঁওৰ কৃপা নাই ই দাসত,
(অযোগ্য সন্তান ইটো!) কান্দি কিবা লাভ
“হা! ধন! বিভূতি!" কৰি চিৰ জীৱনত?
নাপালো ঐশ্বৰ্য্য ধন, নাপালো ৰতন
নাপালো মুকুতা মণি (গজমতি হাৰ)
মাগোঁ, আই! তযু কৃপা, অনন্ত কৰুণা
তোমাৰ কৰুণা সৃষ্টি, দেবী কবিতাৰ!
লিখোৱাঁ কবিতা, মাতৃ! কৃপা ভিক্ষা দিয়াঁ,
অমৃতভাষিণী তুমি অমৃত বিলোৱাঁ॥

[ ২১ ]

মালচ।
(খণ্ড কবিতা।)
ঈশ্বৰ৷

সকলোৰে আদি হয়ো অনাদিকাৰণ,
পিতা যাৰ নাই, —কিন্তু পিতা জগতৰ;
অনন্ত অক্ষয় যাৰ মহিমা কৰুণা,
স্ৰষ্টা নাই, —কিন্তু যেয়ে স্ৰজোঁতা সবৰ॥
নেদেখে কোনেও যাক, কিন্তু থাকে যেয়ে,
সকলোতে, সৰ্ব্বভূতে, সকলো কালতে;
আকাৰ দিওঁতা হ’য়ো, নিজে নিৰাকাৰ,
পুজে যাক প্ৰভু ভাবি সকলো ৰাজতে॥
সকলোকে জানে যেয়ে, —দেখে সকলোকে,
সকলোৰে হন্তা হ’য়ো নিজে যি অমৰ;
“একমেব অদ্বিতীয়" কিন্তু নানা ভাগে
নানা ভাবে পুজে যাক নৰে জগতৰ৷
সেয়ে কোৰাণৰ “আল্লা” “লড্‌” খ্ৰীষ্টানৰ
হিব্ৰূৰ “যিহোবা” সেয়ে বেদৰ “ঈশ্বৰ”॥

[ ২২ ]
কিহৰে পুজিম।

ব্ৰহ্মাণ্ড বিচাৰি চালো, নাপালো বিচাৰি
পুজিবৰ বস্তু, প্ৰভু৷ তোমাৰ চৰণ;
য’তে যাওঁ, যেনি চাওঁ, যেই বস্তু পাওঁ,
চাৰু ফালে দেখোঁ মাথোঁ তোমাৰ সৃজণ৷
ব্ৰহ্মাণ্ডৰ পতি তুমি, স্ৰজোঁতা বিশ্বৰ,
ঘোৰ টোপনিত আমি নিদ্ৰিত মানৱ
সামান্য নৈবিদ্য আৰু পুষ্পাঞ্জলী স’তে
পূজা দিওঁ, —চুৰি কৰি তোমাৰে বিভৱ৷
তোমাৰেই বস্তু আনি, দিওঁ তোমাকেই
অজ্ঞান মানৱ আমি, আমি মহা চোৰ!
নাজানো মনতে তুমি কত হাঁহা, প্ৰভু!
মৰ্ত্ত্যত নৰৰ দেথি ভ্ৰান্তি দোৰঘোৰ!!
দীন হীন নৰ আমি, আজন্ম দুখীয়া,
কিহৰে পুজিম, প্ৰভু! একো নাইকিয়া!!

[ ২৩ ]
লক্ষ্মী৷

ধনৰ লোভত আয়ু কতযে নিয়ালো,
তথাপি নাপালো দেখা ক’তো যে ধনক!
সতিনীৰ পুত্ৰ ভাবি নকৰা কৰুণা
তুমি, হে কমলা দেবি! এই অধমক॥
অনাহাৰে, কত খতি কৰি টোপনীক,
তোমাক বিচাৰি, দেবি! কত ঠাই গ’লো,
পিয়াহ-আতুৰ-সম মৰুভূমি-মাজে
মৰীচিকা দেখি মাথোঁ জ্বলাকলা হ’লো!!
অস্থিৰা চঞ্চলা তুমি! একো থিৰ নাই
তোমাৰ ভাবৰ দেবি! —অপাত্ৰকো দিয়া
অতুল ঐশ্বৰ্য্য ধন; —-দুৰ্ভগা কবিৰ
তোমাক নাপাই মাথোঁ কান্দি থাকে হিয়া॥
কবি যে বাণীৰ পুত্ৰ (পুত্ৰ সতিনীৰ)
সিহেতু নহয় ধন ভাগ্যত কবিৰ॥

[ ২৪ ]
আশা।

নুচুবা নুচুবা মোক, মায়াবিনী আশা
ফাঁকতিৰে ভৰা তুমি, ফাঁকিময় হিয়া
ছলাই ভুলাই তুমি, আশা দেখুৱাই
গছৰ আগত তুলি গুৰি কাটি দিয়া॥
বৰ ফাঁকিময়ী তুমি, বৰ ছল কৰা
“কাঞ্চন জোঙা”ত তুলি, দিয়া দলিয়াই
আকউ গভীৰ হায় সমুদ্ৰ গৰ্ভত
নিৰাশাৰ সোঁতে পুনু নিয়ে উটুৱাই॥
অনন্ত তোমাৰ মায়া, –মায়াবিনী আশা৷
নিৰ্ব্বোধ মানুহে ভুলি তোমাৰ ছলত
পাতে কত ফুলবাৰী আাকাশৰ মাজে,
শেহত, নেদেখি ফুল কান্দে বিষাদত॥
নুচুবা নুচুবা মোক, তুমি মায়াবিনী,
তোমাক তিয়াগি আজি থাকোঁছোঁ অকনি॥

[ ২৫ ]
ভ্ৰান্তি।

নিতে লগৰিয়া তুমি ভ্ৰান্তি! মানৱৰ,
নিৰ্ম্মল জোনৰ তুমি কলঙ্কৰ ছিন!
অজ্ঞান অবোধ, হায়! ভ্ৰান্তি কলঙ্কিনী,
কিযে ভাল, কিযে বেয়া, নাই একো ভিন!!
বৰবেয়া, ভ্ৰান্তি! তুমি সোণৰ সংসাৰ
মুহূৰ্ত্ততে কৰা ছাই পাতি কূট জাল!
অতি বলৱতী তুমি,― মায়াৰ বলত
পণ্ডিতকো মোহি, হায়! আছা চিৰকাল।।
নাই এনে লোক ক’তো তিনি ত্ৰৈলোক্যত,
যিজন নহয় বশ তোমাৰ মায়াৰ;
তোমাৰ ছলতে ভুলি কত ভ্ৰান্তজনে
ধ্বংস কৰে আপনাৰ সোণৰ সংসাৰ।।
কৰাইছা মোকো, ভ্ৰান্তি! কত বেয়া কাম
ছলাই-ভুলাই,― হায়! কান্দিছে পৰাণ!!

[ ২৬ ]
মনে-খনা পুখুৰি

অতি হাবিয়াসে স’তে ৰুলো হৃদয়ত
আশালতা জুপি, কিন্তু নুফুলিল ফুল!
মনতেই মৰহিলে, গঢ়িছিলো যিবা
আকাশ কুসুম এটি ৰূপহ অতুল॥
ভাবিছিলো যিটো, সিটো গ’ল দূৰলই,
স্বপ্নৰো অগম্য যিটো, ল’লেহি কাষৰ!
বালুময় মৰুভূমি, ― মৰীচিকা তাৰ
নুগুছে পিয়াহ, ― মাথোঁঁ দহিলে অন্তৰ!!
মনে মনে পাতোঁ সিটো, ― নঘটে ভাগ্যত,
আশাত নিৰাশ কৰে বিধিৰ বিধিয়ে
মনে-খনা পুখুৰিত পাণী খাব খোজোঁ, ―
বিধতাৰ ইচ্ছা, — কিন্তু নিদিয়ে নিদিয়ে!
মনত ভবটো নৰে নাপায় নাপায়!
মনে-খনা পুখুৰিত পাণী নাই নাই!

[ ২৭ ]
সপোন

মায়াবী সপোন! তুমি অতি বলবান,
সকলো কৰিব, হায়! পাৰা টোপনিত!
অনন্ত অক্ষয় যাৰ ঐশ্বৰ্য্য বিভূতি
সিও মগনীযা হয় তোমাৰ ফাঁকিত!!
কত ৰজা, মহাৰজা এক মূহুৰ্ততে
ৰাজ্য হেৰুৱাই কান্দে তোয়াৰ ছলত,
খুদমগনীয়া-যেন ফুৰে ঘৰে ঘৰে
খুজি-মাগি খুদ-কন পেটৰ ভোকত!!
আকউ, সপোন! — হায়! চিৰ বিৰহিনী
(পতিহেৰুৱাই যাৰ কান্দিছে হৃদয়!)
তোমাৰ কৃপাত পাই স্বোৱামী প্ৰাণৰ৷
এখন্তেক অন্তৰৰ শোক তুলি লয়!
দুৰ্ভাগী জননী কত তোমাৰ স্নেহত
পাৰাণৰ পুত্ৰ পাই, হাঁহে হৰিষত॥

[ ২৮ ]
কবি

মৰতত থাকি তুমি নিতে লোৱা ঘ্ৰাণ
নন্দন-বনত-ফুলা পাৰিজাত ফুল,
আঁকা কত ছবি তুমি সুন্দৰ অতুল
অমৰা পুৰৰ,―কবি! অমৰ পৰাণ!
সুখে আৰোহন কৰি মানস ৰথত
কল্পনা-ৰাজ্যত তুমি কত ক্ৰীড়া কৰা,
পিয়াহ-আতুৰ, হায়! নৰৰ মুখত
অমৃতৰ ৰস আনি আঁজলীৰে ধৰা॥
দেৱতা!―দেৱতা!! কবি!—এই জগতৰ
তুমিয়ে জীৱন্ত দেৱ,―প্ৰতিমা-দেৱৰ;
কি স্বৰগ, কি মৰত, কি পাতাল পুৰি,
কি নগৰ, কি অৰণ্য, তীৰ সাগৰৰ,
সকলোকে দেখা তুমি,― সকলোতে ফুৰি
আঁকা ছবি সকলোৰে,― তুমি চিত্ৰকৰ॥

[ ২৯ ]
কবিতা।

নাজানো, সি সুখ, হায়! পায় কি নাপায়
ৰাজ্য সুখ কৰি ভোগ ৰাজাধিৰজাই,
কবিতা!—যেনুৱা সুখ তুমি কৰা দান
অথিৰ-অবিৰ, হায়! নৰৰ প্ৰাণত।
মোহকৰী তুমি, দেবি। তোমাৰ পৰাণ
অনন্তমোহনী-ভৰা চাৰিও যুগত॥
কিনোযে মোহিনী মাৰি মোহিলা কবিক
ভাবি পোৱা নাই, দেবি! আজিল'কে মই;
কি সুখত, কি দুখত, শোক বেজাৰত,
সকলো তিয়াগি, লয় তোমাৰে আশ্ৰয়॥
সঙ্গিনী কবিৰ তুমি চিৰজীৱনত,
পোহৰাই আছা তুমি সাহিত্য-খনিক,—
মাগিছোঁ আশ্ৰয়, দেবি! ময়ো যে তোমাত,
তাপিত জীৱণ মোৰ, দিয়া বহোঁ ছাঁত॥

[ ৩০ ]
কল্পনা।

কল্পনা সুন্দৰি।—তুমি ভাৰতী আইৰ
স্নেহৰ জীয়াৰী অতি। তোমাৰ বলত
স্বপ্নৰো-অগম্য ৰাজ্য ভ্ৰমিফুৰে কবি,
আৰোহন কৰি সুখে তোমাৰ ৰথত॥
চিত্ৰকৰী তুমি দেবি! তোমাৰ কৃপাত
আঁকে কবি সবে কত চিত্ৰ মনোহৰ
চকুৰে-নেদেথা আৰু ভাবেৰে-নোপোৱা
কত মনোৰম মুৰ্ত্তি অমৰা পুৰৰ।
তুমিয়েতো তেঁও, দেবি!—যাৰ কৰুণাত
মৰিও অমৰ আজি পুত্ৰ ভাৰতীৰ
মহাকবি কালিদাস, ভৱভূতি, মাঘ,
ভাৰ্জিল, হোমাৰ আৰু দাণ্টে, চেক্ষপীৰ?
দিয়াঁ,—দেবি! কণামাত্ৰ মোকো সি স্নেহৰ;
ভাৰতীৰ গুণযেন গাওঁ নিৰন্তৰ॥

[ ৩১ ]
কোৱাভাতুৰ।

সাজে তুমি ৰঙ্গা চঙ্গা, অতি মনোহৰ,
ভিতৰ তোমাৰ কিয় ক’লা এনেকুৱা?
বাহিৰে ধুনীয়া যেনে ভিতৰেও হায়!
নহ’ল অন্তৰ কিয় তোমাৰ তেনুৱা
হ’লহে হেতেন যদি ভিতৰো তোমাৰ
বাহিৰৰ দৰে ৰঙ্গা, শোভা মনোহৰ
মালা গাঁথি ধাৰে ধাৰে অতি হেপাহৰে
পিন্ধিলো হেতেন আজি কৰি সমাদৰ৷
নৰ সমাজতো কিছু আছে তোমাদৰে
বাহিৰে সৰল বহু অন্তৰে কপট,
“বিষ-কুম্ভ পয়োমুখ” কপটেৰে-ভৰা,
বাহিৰে পবিত্ৰ ভাব, ভিতৰে অসত!
অন্তৰ যদিও ক’লা, নকৰাঁ অন্যায়,
কপটীয়া নৰে কিন্তু বিপদ ঘটায়॥

[ ৩২ ]
মৰা চৰাই।

সুন্দৰ তোমাৰ ৰূপ বাখানো কি, পখি?
বাথানো তোমাৰ নেকি বিচিত্ৰ বৰণ?
ফুটুকা ফুটুকী পাখী, লেজ মনোহৰ,
মুৰব মুকুট তযু প্ৰাণ বিমোহন?
গাজিলে বাৰিষা মেঘে কত ছালী ধৰা,
কত নৃত্য কৰা, পথি! বাখানো কি তাক?
নহয়, —নহয়, —কিন্তু নহয় সি বুলি
নাবাগানো ৰূপ কিম্বা নৃত্যত তোমাক৷
দ্বাপৰত পূৰ্ণব্ৰহ্মা কৃষ্ণে গোকুলৰ
পিন্ধিছিলে পাখী তযু অতি হেঁপাহত!
অতি ভাগ্যবান তুমি, মুকুটৰ দৰে
শোভিছিলে তযু পাখী কৃষ্ণৰ শিৰত॥
পূৰ্ব্বজন্ম-পূণ্য-ফলে তুমি ভাগ্যবান,
সিহেতু তোমাক, পখি! কৰিছোঁ বাখান॥

[ ৩৩ ]
ইহকাল ।

নাজানো, —অ’ ইহকাল! পূৰ্ব্বজনমত
কত পাপ কৰি, জানো, আহিছিলি, হায়!
নাই সুখ নাই শান্তি, সদাই বিলাই!
আজন্ম লিখিলে দুখ তোৰ কপালত৷ ৷
কিয়, জানো, —ইহকাল! বোলে “ইহকাল”
তোক যে বুলিব লাগে “কালশোক-ভৰা”
অজন্ম আহিছোঁ দেখি, চকু-পানী সৰা
তোৰ দু চকুৰ পৰা! দুৰ্ভগা কপাল!
আছেযে “ঐহিক সুখ” বুলি এটি কথা,
বিৰাজে অস্তিত্ব তাৰ মাথোঁঁ শবদত
নহ’লে, —“ঐহিক সুখ” নাই জগতত,
সেই সুথ মাথোঁঁ মালা মনে-মনে-গঁথা॥
“ইহকাল” নোহ তই, —“শোক-ভৰা-কাল”
সদাই কান্দোন তোৰ, দুৰ্ভগা কপাল॥

[ ৩৪ ]
নিদ্ৰাদেবী

শান্তিময়ী,—নিদ্ৰা৷ তুমি, —হায়৷ যিকালত
ভাগৰুৱা নৰে লয় তোমাত আশ্ৰয়,
বিষময় সংসাৰৰ বিষম কেলেশ৷
অন্তৰতে কৰা তাৰ সকলোটি লয়॥
দৰিদ্ৰৰ বন্ধু তুমি, —দাৰিদ্ৰ্য দুখত
জ্বলাকলা প্ৰাণ যাৰ, তোমাৰ কৃপাত
(তোমাক আশ্ৰয় কৰি) সকলো পাহৰে,
শোকতাপ এৰি কৰে হিয়া খনি শাত॥
দুখবেজাৰত, হায়৷ বিপদ কালত
নেৰা তুমি কোনো কালে, —চিৰশান্তিময়ি৷
কি ৰজা, কি মহাবীৰ, সকলোটি বশ
তোমাৰ কাষত, —দেবি৷ তুমি সৰ্ব্বজয়ী॥
পৰণৰ পুত্ৰে যৱে প্ৰাণ এৰি যায়,
তেনুৱা শোকতো তুমি ৰাখাঁ নিচুকাই॥

[ ৩৫ ]
মলিনাদেবী৷

বিষাদিনী তুমি, দেবি! নিতউ বিমনা,
নাহাঁহা, নামাতা তুমি, —যেন অন্তৰত
ভাবিছা কি এটা অতি গুঢ়তত্ত্ব-কথা
এই সৌৰজগতৰ একান্ত মনত॥
যদিও নহয়, —দেবি! জানিলো নিশ্চয়,
সংসাৰৰ অনিত্যতা দেখি নয়নত
কন্দিছে তোমাৰ প্ৰাণ ভিতৰে ভিতৰে,
জ্বলিছে শোকৰ জুই হিয়াৰ মাজত॥
মুনিচুনি বেলা দেবি! শ্মশান ভূমিত
নিতউ তোমাক দেখোঁ, এয়েহে কাৰণ!
সংসাৰৰ ধনৰত্ন, সকলোতকই
ভালপোৰা মৰিশালী গহীন নিৰ্জন॥
“মলিনা’’ নামত তুমি, নিতউ মলিনা,
একোতে নাহাঁহা, হায়! সদাই বিমনা॥

[ ৩৬ ]
মৃত্যু।

জগতৰ ভিতৰত নাই এণে ছবি
তেনুৱা সুন্দৰ, যেনে তোমাৰ— মৰণ!
নাই এনে মনোহৰ ক’তো আড়ম্বৰ,
তোমাৰে সইতে যাৰ ঘটিব তুলন॥
মৃত্যু-সময়ৰ কথা গভীৰ ভাবেৰে
যেতিয়া মনতে ভাবি চাওঁ,—হে মৰণ!
সিকালৰ সুখেস তে নোখোজোঁ শলাব
বিষময় সংসাৰৰ অমূল্য ৰতন॥
সংসাৰ-পথৰ, মৃত্যু! পথিক মানুহ
ফুৰি ফুৰি দুথে শোকে, তোমাক শেহত
যেতিয়া অlশ্ৰয় লয়, সিকালত তাৰ
শোক তাপ ঘৃণা একো নাথাকে মনত॥
তাপিত নৰব প্ৰাণ তুমি কৰা শাঁত,
মৰণ!—অনন্ত শান্তি বিৰাজে তোমাত॥

[ ৩৭ ]
চিতাৰ জুই।

জ্বলা, জ্বলা, উঠাঁ জ্বলি, চিতাৰ অগনি!
আগনি লাগোক গই আজি স্বৰগত।
লভিছে অমিয়া শান্তি তোমাৰ কাষত
তাপিত মানৱ-প্ৰাণে তিয়াগি চিঁতনী॥
সংসাৰত ভুঞ্জি বহু যাতনা দোৰ্ঘোৰ,
উছৰগি দিছে আজি দেহা আদৰৰ
তোমাতে মানৱে এৰি মায়া সংসাৰৰ,
নুমাইছে আজি তাৰ প্ৰাণৰূপী জোঁৰ॥
জ্বলা জ্বলা জ্বলা তুমি, চিতাৰ অগনি।
তাপিত নৰৰ দেহা কৰাঁহে গ্ৰহণ,
হিতেশো এদিন আাহি পশিব শৰণ
তোমাতে মধুৰ শান্তি বিচাৰি অকনি॥
পাপী বুলি তুমি তাক ঘৃণা নকৰিবা,
নিমাখিত বুলি, দেৱ! চপাই ধৰিবা॥

[ ৩৮ ]
কেতিয়া তোমাৰ সেই পাম শ্ৰীচৰণ?

বিষময় সংসাৰৰ মায়াৰ জালত
আৰু কতদিন, হায়! কান্দিব লাগিব?
কোৱাঁ, প্ৰভু! এই দেহা অনিত্য অসাৰ।
কেতিয়ানো ধূলী হই ধুলীত মিলিব?
কোৱাঁ, প্ৰভু! কোৱাঁ মোক, কেতিয়ানো মোৰ
মাৰ যাব দুচকুৰ চকুলো দুধাৰ?
অন্তৰৰ জ্বলাজুই কেতিয়া নুমাব?
কেতিয়া তিয়াগি যাম অনিত্য সংসাৰ!
বিষয় ভাবনা মোৰ যাবনো কেতিয়া?
শান্তিৰ কেতিয়া ব’ব অন্তৰত নই?
চিৰ সুখ, চিৰ প্ৰেম কেতিয়া লভিম
তোমাৰ পাৱত প্ৰভু! সিলোকত গই?
কেতিয়া তোমাৰ সেই পাম শ্ৰীচৰণ,
যোগী মুনি নিতে যাক কৰে আৰাধন॥

[ ৩৯ ]
খোঁপাত লেৰেলা গোলাপ।

নকৰিবা অসন্তোষ, লেৰেলা গোলাপ!
ফুলনীতো দুদিনীয়া তোমাৰ পৰাণ!
সন্ধ্যাবেলা ৰূপৱতী গাভৰু–খোঁপাত
শুকুৱাও ভাল, লই আদৰ সন্মান,
দুদিন গছত থাকি, শুকৱাতকই
অনাদৃত হই, ফুল! উদ্যান মাজত
কোনেও নজনাকই নিৰ্জ্জনে গোপনে,
নিজে ফুলি, নিজে জহি, সৰি বতাহত॥
ভাগ্যৱতী তুমি, ফুল! তোমাৰ মৰণ
হিতেশো যে কৰে বাঞ্চা, ভাগ্যে যদি পাওঁ
শুকাব’ তোমাৰ দৰে, এই খন্তেকত
আদৰ সন্মান পাই, আনন্দে শুকাওঁ।।
গুণ আছে বুলি কিন্তু তোমাৰ গৌৰৱ,
কিবা গুণ আছে মোৰ, পাম সি বিভৱ?

[ ৪০ ]
সুখ।

মৰুৰ মাজত যেনে মৰীচিকা ছঁয়া,
সংসাৰ-মাজত, সুখ! তেনেকুৱা তই!
কি দূৰত ওছৰত, কত বিচাৰিলো,
তথাপি অলপো তোক নেদেখিলো মই॥
নতুবা, মেঘত যেনে বিজুলীৰ ৰেখা
খন্তেক চমকি, হায়! দেখায় পোহৰ,
তয়ো, সুখ! তেনেকুৱা খন্তেক ওলাই
বিয়াকুল কৰ হিয়া, অথিৰ নৰৰ॥
গুছি যা, গুছি যা, সুখ! নিবিচাৰোঁ তোক,
মিছাতে ব্যাকুল মোক নকৰিবি তই!
জনম অৱধি বহু ভুগিলো কেলেশ,
আজিও ভুঞ্জিম তাকে দুৰ্ভগীয়া মই।
মেঘৰ মাজত তই বিজুলীৰ ৰেখা,
খন্তেক ওলাই দিয় কেতিয়াবা দেখা॥

[ ৪১ ]
মায়াদেবী।

আমি যে নহওঁ কাৰো, কোনো যে আমাৰ
নোহে এই জগতৰ, জানো ভালকই;
কিন্তু হায়! মায়াদেবি! ডোলেৰে মায়াৰ
মানৱক জগতৰ দিছা বান্ধি থই॥
জানিও নাজানো, দেবি! তোমাৰ মায়াত,
“মোৰ মোৰ” বুলি ফুৰো চিৰ জীৱনত;
অনন্ত তোমাৰ মায়া, তোমাৰ ডোলত
খোৱা নাই যিটে বান্ধ, নেদেখোঁ ইয়াত॥
নোৱাৰি চিঙ্গিব ডোল তোমাৰ মায়াৰ
“মোৰ আই,” “মোৰ ভনী,” “মোৰ ভাই” কওঁ;
“মোৰ ল’ৰা” বুলি কয় আয়ে আপোনাৰ,
ভাবি চালে কিন্তু, কোনো কাৰোৱে নহওঁ॥
তোমাৰ বান্ধত পৰি, বন্দী আছোঁ মই,
মোকলাই দিয়াঁ, দেবি! যাও এৰি থই॥

[ ৪২ ]
প্ৰতিধ্বনি।

যি কথাটি কওঁ মই, তুমি তাকে কোৱা
আকউ ঘূৰাই মোক, কোৱাঁ তুমি কোন?
নিতউ নিমাতী তুমি, শিয়াঁৰা মাথোঁন
সৰু ছোৱালীৰ দৰে কিনো ভাল পোৱা?
মই হাহোঁ, তুমি হাঁহা, যেতিয়া শোকত
ইনাই-বিনাই কান্দো, তুমিও তেতিয়া
কান্দা তুমি মোৰে স’তে বিদৰাই হিয়া!
শিয়াঁৰাণে কান্দা মাথোঁঁ নুবুজোঁ মনত॥
কান্দাই বা শিয়াঁৰাই, পাৰিছোঁ বুজিব,
পৰধনে-ধনী তুমি পৰ-সুথে সুখী,
পৰৰ দুখত তুমি হোৱা চিৰ দুখী,
লোকে যদি কান্দে, তুমি লাগিব কান্দিব॥
পৰত নিৰ্ভৰ কৰা কিয় এনেকই?
এনুৱা তোমাৰ ৰীতি বেয়া পাওঁ মই॥

[ ৪৩ ]
সীতা।

অযোধ্যাৰ ৰাজলক্ষ্মী,—জনকজিয়াৰী!
লক্ষ্মী অবতাৰ তুমি জগত-মাজত,
কিন্তু দুৰ্ভাগ্যৰ ফেৰ খণ্ডাব নোৱাৰি
জন্মাৱধি গ’ল কাল দুখ বেজাৰত॥
কান্দোতে কান্দোতে গ’ল গোটেই জনম
তোমাৰ, জানকী দেবি! দুয়ো নয়নৰ
নুগুছিলে চকুপানী, ৰামৰ জীৱন!
কিন্তু কি কৰিবা? হায়! লিখা কপালৰ॥
ৰাজলক্ষ্মী হ’য়ো, হ’ল দীনা তপস্বিনী,
স্বামী দেৱৰৰে স’তে গ’লা বনলই,
হৰি নি ৰাৱণে কত দুখ দিলে গই,
অশোক বনত, দেবী জনক নন্দিনি!
“অগ্নিত পৰীক্ষা” আদি কত পালা দুখ,
শেহত পাতাল গই, পাহৰিলা শোক॥

[ ৪৪ ]
ৰাধা।

প্ৰেমময়ী তুমি, দেবি! কোনো কোনো কবি
কিন্তু যি আঁকিছে ছবি নিৰ্ম্মল মুখত
ঘহি কলঙ্কৰ মহি, কলঙ্কিনী ছবি!
সি কথা ভাবিলে দুখ লাগে হৃদয়ত॥
নহয় তোমাৰ প্ৰেম, প্ৰেম গাভৰুৰ
প্ৰণয়ীৰে স’তে, দেবি! হিয়াত তোমাৰ
স্বৰ্গীয় প্ৰেমৰ নই, অনন্ত অপাৰ
বাজিছিলে নিতে মাথোঁঁ অমিয়া মধুৰ॥
নিজকে পাহৰি, দেবি! কৃষ্ণৰে পাৱত
উছৰ্গি দিছিলা প্ৰাণ অতি আদৰৰ;
শেলসম গঞ্জনাকো নলই মনত
চাপিছিলা কাষ, দেবি! ঈশ্বৰ–প্ৰেমৰ॥
নাভাবি নিচিন্তি মাথোঁঁ কোনো কোনো কবি
আঁকিলে তোমাৰ, দেবি! কলঙ্কিনী ছবি॥

[ ৪৫ ]
ৰাধা আৰু বৃন্দা।

কৃষ্ণ-বিৰহত পৰি, বিৰহী ৰাধাক
বিয়াকুল দেখি, ক’লে সাদৰী বৃন্দাই,
“নাকান্দিবা আৰু, সখি! কৃষ্ণক ধিয়াঁই,
“নহয় আপোন, তেওঁ না ভাবে তোমাক॥
“থাকিলে হেতেন যদি ভাব তোমালই
“নগ’ল হেতেন তেওঁ তিয়াগি গোকুল;
“ব্ৰজবাসী সকলোকে কৰি বিয়াকুল;
“নাকান্দিবা, সখি! তেওঁ আপোন নহয়॥”
শ্ৰীকৃষ্ণৰ নিন্দা শুনি কথা নিদাৰুণ
বিৰহী ৰাধাই ক’লে কানত বৃন্দাৰ,
“কানায়ে আমাক ভাবে নিচেই আপোন৷
“পৰ দুখ দূৰ কৰা লক্ষণ দয়াৰ;
“দয়ালুৱে নিজ দুখ কৰে কি হৰণ?
“শ্ৰীকৃষ্ণক নিন্দা, সখি! কৰা কি কাৰণ?”

[ ৪৬ ]
শকুন্তলা।

অনসূয়া প্ৰিয়ম্বদা দুই সখী লই
ফুৰিছিলা যৱে তুমি ফুলনী মাজত
পানী চতিয়াই, দেবি! মাধবী-তলত,
দুষ্মন্তে দেখিলে, আহা৷ সিকালত গই॥
কন্বৰ জীয়াৰী? ) তুমি, কেচুৱাৰে পৰা
নিৰ্জ্জন-বনত-উঠা, বনৰ হৰিণী
আছিল তোমাৰ মাথোঁঁ প্ৰকৃত সঙ্গিনী,
নাজানা ছলনা তুমি, সৰলতা-ভৰা॥
দুষ্মন্তৰজাৰে স’তে ফুলনী-মাজত
যেতিয়া তোমাৰ হয় প্ৰথম দৰ্শন,
মোহিলা ৰজাক তুমি অমিয়া মাতত;
অতি মনোহৰ দৃশ্য, অপূৰ্ব্ব মিলন॥
তোমাৰ কাহিনী, দেবি! পঢ়ো যি কালত,
স্বৰ্গ-সুখ ভাল বুলি নালাগে মনত ॥

[ ৪৭ ]
মিৰেণ্ডা
( Miranda. )

ইংলণ্ডীয় মহাকবি, কবি চূড়ামণি
চেক্ষপীৰ যিবা চিত্ৰ দৃশ্য-কাব্য-চ্ছলে
দেখালে তোমাৰ, মিৰা! স্নেহময়ী ৰূপ,
তাৰ অনুৰূপ চিত্ৰ আছে কি ভূতলে?
প্ৰস্পেৰো, (তোমাৰ পিতা) যাদু-বিদ্যা-বলে।
প্ৰচণ্ড ধুমুহা আনি সমুদ্ৰ–গৰ্ভত
তুলিলে যেতিয়া ঢউ মহা ভয়ঙ্কৰ
লাগিলে কোঢ়াল তাৰ এখনি নাৱত॥
কেচুৱাৰে পৰা, মিৰা! উঠিলা অকলে,
পিতাৰাত বাজে, দেখা নাই সপোনত
মানৱ জাতিৰ ছবি, স্বজাতিৰ প্ৰেম
কি যে বস্তু, কেনেকুৱা নাপালা ভাগ্যত॥
পৰ-দুখে-দুখী কিন্তু তোমাৰ পৰাণ,
পৰৰ বিপদ ভাবি কান্দিছিলে প্ৰাণ॥

[ ৪৮ ]
প্ৰস্পেৰোলৈ চাই মিৰেণ্ডা।
সমুদ্ৰৰ গৰ্ভত নাও এখন বুৰোঁবুৰোঁ-হোৱা যেন দেখি

গভীৰ গৰ্জ্জনে নাচে ঢউ সমুদ্ৰৰ,
দেখি সি ভীষণ দৃশ্য কাঁপিছে অন্তৰ;
নিবাৰণ কৰাঁ, পিতা! যদি যাদু-বলে
তুলিছা এনুৱা ঢউ সমুদ্ৰ-গৰ্ভত,
আহা! সেই নাও খনি কিবা মনোহৰ
আছিলে বা কত প্ৰাণী তাৰ ভিতৰত॥
আছিলে নিশ্চয়, পিতা! তেন্তেনেকি, হায়!
সকলোটি পালে নাশ ডুবি সমুদ্ৰত?
(সি কথা মনত হ’লে, কান্দি উঠে প্ৰাণ!)
কান্দিছিলে কত, জানো, অন্তিম কালত॥
দৈবশক্তি যদি মোৰ থাকিলে হেতেন,
এক নিমিষতে শুহি পানী সমুদ্ৰৰ
শুকালো হেতেন, পিতা! নাও খনি ধৰি।
কৰিলো হেতেন ৰক্ষা প্ৰাণ সি সবৰ॥

[ ৪৯ ]
ঘৃণা।

কিয় কৰা ঘিন, ভাই বুলি দীনহীন?
তুমি আমি দুয়ো কিন্তু একে বাপেকিৰ
(স্বৰ্গীয় পিতাৰ) পুত্ৰ, যদিও অথিৰ
দিন নিশা প্ৰাণ মোৰ, শান্তি-সুখ-হীন!
একে বাপেকিৰে ল’ৰা, এয়ে মাথোঁ ভিন
কমলাৰ পুত্ৰ তুমি, মই সতিনীৰ
অযোগ্য অবোধ ল’ৰা; তুমি জননীৰ
পাইছা চেনেহ, কিন্তু মই দীনহীন॥
তোমাক মাৰাই, ভাই! বহু স্নেহ কৰে,
কিন্তু মোৰ আয়ে মোক উলটি নাচায়।
যোগ্যবান পুত্ৰ তুমি ভৰা ঐশ্বৰ্য্যৰে,
অযোগ্য অবোধ মোৰ আশা নুপূৰায়!!
আয়েই দুখীয়া মোৰ, নাইকিয়া ধন!
ঘৃণা কৰি, ভাই! মোৰ নদহা জীৱন॥

[ ৫০ ]
সান্ত্বনা।

নউ পাওঁতেই, হায়! সংসাৰৰ দুখ,
নুঘূৰোঁতে সংসাৰৰ কূটীল চক্ৰত,
গইছে তোমাৰ সোণ, (কিয় কান্দা, আই?)
অনন্ত শান্তিৰে-ভৰা স্বৰ্গৰ মাজত॥
নজনাৰ-দৰে, আই! কিয় কান্দা তুমি
আউলি-বাউলী হই সোণৰ শোকত?
শোকবেজাৰৰ তাপ নউ পাওঁতেই
গইছে তোমাৰ সোণ প্ৰভুৰ কাষত॥
নাকন্দিবা তুমি, আই! তুমি আমি যেনে
ভাল পাওঁ প্ৰাণে স’তে, সিদৰে সোণক
প্ৰভুৱেও পায় ভাল, দিয়াঁ আশীৰ্ব্বাদ,
স্বৰগত গই সোণে চিৰশান্তি প’ক॥
অনন্ত অক্ষয় শান্তি হোক সুৰেণৰ,
নোহোক আঁতৰ যেন প্ৰভুৰ পাৱৰ॥

[ ৫১ ]
উটি-যোৱা বন।

যোৱাঁ, বন! যোৱাঁ তুমি, যোৱাঁ উটি-বুৰি
নইৰ সোঁতত! এই জগত অসাৰ!
পদুম-পাতৰ পানী অনিত্য সংসাৰ।
মায়াৰ পাকত আমি ফুৰোঁ মাথোঁ ঘুৰি!!
কত ৰজা মহাৰজা আছিলে ইয়াত,
তোমাৰ নিচিনাকৈয়ে উটি-বুৰি গ'ল
কালৰ সোঁতত। হায়! চিনো যে নৰ’ল!
যোৱাঁগই তুমি, বন! নকৰাঁ বিষাদ!!
যোৱাঁ উটি, যোৱাঁ, বন! তোমাৰ দৰেই
আমিওতো আছোঁ উটি কাল-সমুদ্ৰত!
কতদূৰ যাব আৰু লাগিব সোঁতত
উটি-বুৰি তোমাদৰে, জানিছে কালেই!!
নোহোৱাঁ কেৱল তুমি উটিছা সোঁতত,
কালৰ সোঁতত উটে গোটেই জগত॥

[ ৫২ ]
তপস্বী।

বিষময় সংসাৰৰ বিষম ভাবনা
পৰিত্যাগ কৰি, দেব! বনৰ মাজত
একমনে কি ভাবিছা নীৰৱে মনত?
ধ্যানমগ্ন কিয় আজি? আছে কি কামনা?
আহাহা! কামনা নে কি নহ’ব জীৱৰ!
সকলোৰে এটি এটি আছেই কামনা,
সি কাৰণে তুমি, দেব! কৰিছা ভাবনা
নীৰৱে প্ৰভুৰ নাম বন্ধু অন্তিমৰ?
এনে ইচ্ছা হয়, দেৱ! দেখি তযু মুখ,
বিষময় সংসাৰৰ তিয়াগি ভাবনা,
ইৰূপে প্ৰভুক কৰোঁ নিতউ অৰ্চ্চনা
নীৰৱে বনত, ভূলি সংসাৰৰ দুখ॥
সকলোৰে মায়া এৰি, জপি প্ৰভু-নাম
কটাওঁ জীৱন যেন, এয়ে মনস্কাম॥

[ ৫৩ ]
যৌবন।

কয় সছা ভালে মানে, যৌৱন সময়
আনন্দ-সুখেৰে-ভৰা, কিন্তু সি যৌবন
নাথাকেতো চিৰকাল? হ’বতো পতন?
কালৰ গৰ্ভত তাৰ হ’বতো বিলয়?
জীবন-পদুম নিতে হালে-জালে, হায়।
দেহাৰূপী পুখুৰিৰ পানীৰ মাজত!
কি বিশ্বাস তাত? কিন্তু নিতউ শুকায়
কালৰূপী ভয়ঙ্কৰ ৰ'দৰ তাপত।
স্নেহময়ী মাতৃ জাক পিতৃ স্নেহময়,
চেনেহৰ বাই ভনী, ভাই আদৰৰ,
ই সকলে সতে হ’ব লাগিব আঁতৰ
প্ৰাণৰূপী পদ্ম, হায়! যৱে পাব লয়॥
সি কাৰণে কওঁ, মন! যৌবন-মদত
নুভূলা ভজিব’ সেই প্ৰভুৰ পাৱত॥

[ ৫৪ ]
বিজুলি।

আছিলে, বিজুলি! মোৰো এনুৱা এদিন
তোকেহে নিলাজী বুলি ভাবিছিলো মই;
বুজিব পাৰিছোঁ কিন্তু, পালো আজি ছিন
নহ’ৱ নিলাজী তয়ে, আছে তোতো-কই
নাৰী সমাজত, হায়! নিলাজী বহুত।
ওৰণীৰে মুখ ঢাকে, পুনু উলিয়ায়
তোৰ চমকৰ দৰে, আকউ লুকায়
ছঁয়া-ময়া মুখ খনি, সৌন্দৰ্য্য অফুট॥
আছিল আগৈয়ে মোৰ ভাব এনেকুৱা,
নিলাজী বিজুলী মাথোঁ থাক আকাশতে;
কিন্তু যে নহয়, হায়! দেথিলো এতিয়া
তো-দৰে নিলাজী বহু আছে জগততে॥
ওৰণীৰে মুখঢাকে, চমকি দেখায়
ছয়াময়া মুখখনি, আকউ লুকায়॥

[ ৫৫ ]
নিলাজী।

এনেকই ৰৈয়ে থাক মূৰ জ্বিলিকাই,
কাষৰেদি গলে চুই, খাই সোঁত-মোত
তললই কৰ মূৰ, যেন লাজ পাই,
ভালেতো, নিলাজী বোলে! লাজ নাই তোত!
নহৱ কেৱল কিন্তু তয়ে জগতত
এনুৱা নিলাজী, বহু আছে তোৰ দৰে
নাৰী সমাজতো; হায়! এনেকয়ে ধৰে
লাজ-পোৱা ভাও এটি নিলাজী মুখত॥
তধালাগি চায়ে থাকে মূৰ উদিয়াই,
কাষৰ চাপিলে মাথোঁ সোঁত মোত খায়;
এখন্তেক টানে মাথোঁ দীঘল ওৰণী,
দুহাত আঁতৰি গ'লে আকউ গুছায়;
ফিচিঙ্গা হাঁহিৰে হাঁহে দাঁত উলিয়াই,
তো-দৰে নিলাজী আছে বহুত ৰমণী॥

[ ৫৬ ]
স্ত্ৰী লজ্জা।

কিবা শোভে প্ৰিয়তমা পিন্ধি মুক্তমালা
মণি-বিৰি, গলপটা দিঙ্গি ওপোছাই;
মিনা–কৰা বাখৰুৱা কেৰু দুয়ো কানে,
মনি-মৰা খাৰুযুৰি হাতত শুৱায়॥
সোনোৱালী-বনকৰা মেখেলা কাপোৰ,
চন্দনৰ অৰ্দ্ধচন্দ্ৰ ৰেখা কপালত,
দুচকুত বিৰাজিছে কটাক্ষ সুন্দৰ
মদু মিচিকীয়া হাঁহি, লাৱন্য মুখত॥
কিন্তু তিৰী জনোচিত লজ্জা-অলঙ্কাৰে
অলঙ্কৃতা প্ৰিয়তমা শোভে যেনেকুৱা,
সেইরূপ মনোহৰ প্ৰাণমনহাৰী
নেদেখোঁ যে জীৱনত সৌন্দৰ্য্য তেনুৱা॥
স্ত্ৰীজাতিৰ লজ্জা, জানো শ্ৰেষ্ঠ অলঙ্কাৰ,
লজ্জাহীনা তিৰুতাৰ সৌন্দৰ্য্য অসাৰ॥

[ ৫৭ ]
সুখী নে?
(ক)

ওলাইছে ৰঙ্গাবেলি পূব আকাশত,
জগতবাসীৰ, আহা! চকুৰ পোহৰ!
বিতৰি জোছনা ৰাশি, নাশি অন্ধকাৰ।
কৰিছে পোহৰে-ভৰা ৰূপ জগতৰ॥
কিন্তু যেতিয়াহে আহি পাবহি সন্ধীয়া,
লগে-লগে যাব মাৰ দিনৰ পোহৰ,
ক’লামলা পৰি বেলি হ’ব নাইকিয়া;
কোনে কয়, সুখী বৰ বেলি আকাশৰ?
সুনীল আকাশ শোভি উজ্জ্বলিছে জোন,
হাঁহিত পোহৰ কৰি সমুদ্ৰ, নগৰ,
আঁউশীৰ দিনা কিন্তু দোৰ্ঘোৰ এন্ধাৰে
পেলাবহি ঢাকি, হায়! হাঁহি আনন্দৰ!!
লুকাব সুন্দৰ মুখ, হাঁহি নাইকিয়া,
আকাশৰো চন্দ্ৰ সূৰ্য্য নহয় সুখীয়া॥

[ ৫৮ ]
সুখী নে?
(খ)

সৌৱা যে অলেখ তৰা জ্বলে আকাশত,
অমাবাস্যা নিশা আজি, নাইকিয়া জোন,
উজ্বল হীৰাৰ দৰে জ্বলিছে অলেথ,
প্ৰকাশি নিজৰ জ্যোতি, আপোনাৰ গুণ॥
কিন্তু কাইলই, হায়! জোনটি ওলালে,
ক্ষীণ জ্যোতি হ’ব তৰা, সন্তাপেৰে ভৰা,
এনুৱা উজ্জ্বল আৰু নিদিয়ে পোহৰ!
কোনে কয়, সুখী বৰ আকাশৰ তৰা?
নচুৱাই গছলতা বলিছে মলয়া
ফুলৰ সৌৰভে হই নিজে সৌৰভিত,
কিন্তু, হায়! কেতিয়াবা গোন্ধায় মলয়া
খিছৰ দুৰ্গন্ধ লই, বলি খিছনীত॥
কিবা তৰা, কি মলয়া নহয় সুখীয়া,
তৰ মলয়াৰো কাৰো সুখ নাইকিয়া॥

[ ৫৯ ]
সুখী নে?
(গ)

সৌৱা যে দেখিছা, আহা! পুখুৰি-পানীত
ফুলিছে পদুম পাহি কত উলাহত,
আছে বুলি আকাশত পৰাণৰ পতি
ভুঞ্জিছে অমিয়া সুখ হৰিষ মনত॥
কিন্তু যেতিয়াহে আহি পাবহি সন্ধীয়া,
বিষাদে হৰিব সেই মিচিকীয়া হাঁহি,
পদুমৰ এই সুখ হ'ব নাইকিয়া
কোনে কয়,—বৰ সুথী পদুমৰ পাহি?
পদুম পাহিৰ গা-তে জোনাকী ৰাতিত
প্ৰাণৰ জোনক পাই, হাঁহে ভেটপাহি;
কাইলই পুঁৱা কিন্তু বেলিটি ওলালে,
ভেটফুল পাহি, হায়! শুকাব মৰহি॥
নাথাকে মুখত আৰু হাঁহি মিচিকীয়া
পদুম ভেটৰো সুখ নাই!—নাইকিয়া॥

[ ৬০ ]
সুখী নে?
(ঘ)

আৰু যে দিখিছা সেয়া গছৰ ডালত
কুউ কুউ গীত গাই, পকা আম খাই
নাচিছে কুলিয়ে আজি আনন্দ মনত
স্বভাবৰ গীত এটি নৰক শুনাই॥
বিৰহীৰ হৃদয়ত অগনি জ্বলাই,
কোকিলীক লই নিজে সুখত মগন;
পৰদুথে সুখী কুলি,—নাইপোৱা জানো,
কিৰূপে নৰক দহে বিৰহ-দহন!!
কিন্তু তাৰ সুখ মাথোঁ বসন্ত কালত,
যেতিয়া বসন্ত যাব,—আহি জহকালি
মধুৰ কুউৰ গীত হৰিব মুখত,
ঘামত কৰিব তাক জুৰুলী-পুৰুলী॥
বিষাদ মনত কুলি গুছি যাবগই,—
বসন্তৰো কুলি সুখী নহয় নহয়॥

[ ৬১ ]
সুখী নে?
(ঙ)

আৰু যে দেখিছা সেয়া মাকৰ কোলাত
টিলিপ্‌-টিলিপ্‌ নাচে কুমলীয়া ল’ৰা,
নাই দুখ, নাই শোক, বেজাৰ, সন্তাপ,
হৃদয় কোমল তাৰ চিৰসুখে ভৰা॥
কিন্তু, হায়! লাহে লাহে যাব ল’ৰা কাল,
লাহে লাহে হ’ব ডেকা, দেখিব “সংসাৰ”!
বিষম চক্ৰত ঘুৰি, কান্দিব ফেঁকুৰি ,
কোনে কয় চিৰসুখ কোমল ল’ৰাৰ?
সেই গাভৰুটি, হায়! জগত–মোহিনী,
মণি কেৰু খাৰু পিন্ধি ৰমক-জমক :
যৌৱন মদত মাতি, হইছে বিভোল,
তুচ্ছ ভাবি তুচ্ছ জ্ঞানে হাঁহে জগতক॥
দুদিনৰ পাছে কিন্তু নাথাকে যৌবন,
বাৰ্দ্ধক্যে যে এই সুখ কৰিব হৰণ॥

[ ৬২ ]
সুখ স্ৰজা নাই।

কিবা বেলি, কিবা জোন, আকাশৰ তৰা
কিবা কুলি, কি মলয়া, কুমলীয়া ল’ৰা,
ষোড়শী গাভৰু কিম্বা, সবৰে ভাগ্যত
আছে দুখ, -নাই সুখ,—কাৰো জীৱনত।
নাই কাৰো চিৰসুখ; নহয় সুখীয়া
সদাই বিলৰ ভেট, পদুমৰ পাহি,
খন্তেকীয়া ছঁয়া সুখ মৰ জগতত,
খন্তেক ফুলৰ মাথোঁ মিচিকীয়া হাঁহি॥
নিজকে দুখিত ভাবি, চকু দুটি মুদি
স্বৰ্গ মৰ্ত্ত্য দুয়োতেই বহু বিচাৰিলো;
তন্বতন্ব কৰি চালো, কিন্তু ক’তো নাই
প্ৰকৃতি সুখীক, হায়! ক’তো নেদেখিলো॥
অতি মুৰ্খ আমি, সুখ বিচাৰোঁ মিছাই,
সকলো স্ৰজিছে বিধি, সুখ স্ৰজা নাই।

[ ৬৩ ]
বন্ধু।

দুখেভৰা সংসাৰৰ দাৰুণ শোকত
অথিৰ-অবিৰ হই, বান্ধৱ ৰতন!
তোমাৰ কোষৰ চাপি যাওঁ যি কালত,
ভূলি শোক, হয় মন আনন্দ মগন॥
“সুখ” বুলি কিবা যদি আছে সংসাৰত,
তেনে, সেই সুখ মাথোঁ কৰিছে বিৰাজ
তোমাৰ কাষতে, পিন্ধি মনোহৰ সাজ,
অত বাজে আৰু সুখ নাই জগতত॥
প্ৰেমময় তুমি, বন্ধু! তোমাৰ হিয়াত
নিস্বাৰ্থ প্ৰেমৰ নই বইছে সদাই।
নিতে তুমি শান্তিভৰা (বিৰাজে তোমাত
অমল অতুল শান্তি ) শান্তি দেখা পাই,
তোমাকে চপাই ললো, ভাবি আপোনাৰ,
নকৰিবা ত্যাগ, বন্ধু! ময়োযে তোমাৰ॥

[ ৬৪ ]
বন্ধুত্ব।

ক’লা ডাৱৰত, সছা, জ্বিলিকে বিজুলি,
ওপৰে জ্বিলিকে চন্দ্ৰ তৰা দিবাকৰ,
জ্বিলিকে যি দৰে কিন্তু ছবি বন্ধুত্বৰ,
একো নাই জগতত সিৰূপে উজ্জ্বলি।
যেনে জ্বিলিকনি, আহা! বন্ধুত্ব! তোমাৰ।
কি জানিব পাৰে সিটে, যিটে পোৱা নাই?
কোনে কয় জ্বিলিকনি উজ্জ্বল হীৰাৰ
তোমাতো অধিক? হায়! নাভাবি নাচাই?
আছে “কহিনুৰ” সছা উজ্জ্বলি ৰাণীৰ*
ৰত্নময় মুকুটত, কিন্তু যেনে কই
জ্বিলিকিছে ছবিখনি, বন্ধুত্ব তোমাৰ
বান্ধৱৰ হৃদয়ত,—নাই তেনেকই॥
বন্ধুত্ব! তোমাৰ মুৰ্ত্তি শান্তিৰ আধাৰ,
নিৰ্ম্মল পুখুৰি তুমি অনন্ত শান্তিৰ॥

*Late Lamented Queen Victoria, the Empress of India.
ৰাণী স্বৰ্গী হোৱাৰ পূৰ্ব্বেই এই কবিতাটী লিখা হৈছিল।
[ ৬৫ ]
শত্ৰু।

বাঘ, ঘোঙ সাপ, আৰু ভালুক বনত,
শিহু ঘৰিয়াল আদি দূৰ সাগৰৰ,
এনেকুৱা বহু শত্ৰু আছে মানবৰ,
আছে সছা, কিন্তু সদা থাকে আঁতৰত॥
যেনুৱা দাৰুণ শত্ৰু আছে শৰীৰত
(কাম ক্ৰোধ লোভ মোহ ঘৃণা অহঙ্কাৰ)
তেনেকুৱা আৰু শত্ৰু নাইযে আমাৰ,
মহা শত্ৰু ছয় ৰিপু নৰ-জীৱনত॥
সাতোটা ৰথীয়ে বেৰি “ভাৰত যুদ্ধত,”
যিৰূপে কৰিলে বধ অভিমন্যু বীৰ
ছটা শতুৰুৱে তেনে নৰ-জীৱনত
খুছি-কাটি মানৱক কৰিছে অস্থিৰ॥
বাঘ ঘোঙ শক্ৰ,—কিন্তু থাকে আঁতৰত
মুৰ্ত্তিমান ছয় ৰিপু নৰৰ দেহত॥

[ ৬৬ ]
প্ৰবোধ।

অজ্ঞান দোষত নৰে কৰে কত দোষ,
কত অনিয়ায় কাম, কিন্তু পৰিতাপ
দিয়ে কিবা ফল তাৰ! মাথো মনোদুখ।
কেতেকী তলতো থাকে বিষধৰ সাপ॥
আছে কত বোকা, হায়! কতনো পলশ
নিৰ্ম্মল পানীৰে ভৰা নইৰ গৰ্ভত!
কত যে কাঁইট আছে, নাই তাৰ লেখ
পদুম ঠাৰিত আৰু গোলাপ গছত॥
চন্দ্ৰতো কলঙ্ক আছে, সূৰুজতো তাপ,
মেঘতো যে আছে বজ্ৰ, গাঁজনী দোৰ্ঘোৰ;
ভীমেও দিছিল ভঙ্গ হাৰি সমৰত,
মুনিৰো যে মতি অম, মোহত বিভোৰ।
তুমি আমি কোন কূটা? যেন দৃষ্টিহীন,
কিবা ভাল, কিবা বেয়া, নাই একো ভিন॥

[ ৬৭ ]
প্ৰভাতৰ শোভা।

বিলৰ নিৰ্ম্মল পানী মলয়া বায়ুত
টল-বল কৰি, চোৱাঁ, লৰে কেনে কই ,
চোৱাছোঁ কিৰূপে তাতে এপাহী পদুম
হালি জালি নাচে, মুৰ কৰি তললই॥
সোণালী মউৱে কিনো হৰিষ মনেৰে,
আহা! কেনেকই গায় সুমধুৰ গান;
ঘূৰি ঘূৰি নাচে কিবা তাৰ চাৰুফালে,
গুণ্‌ গুণ্‌ গুণ্‌ কৰি হৰে মন প্ৰাণ॥
কুউ শবদত কুলি প্ৰাণহৰি লয়,
ঢালিছে কাণত কি যে অমৃতৰ ধাৰা,
চাৰুফালে ফুলে কত অলেখ কুমুম,
প্ৰকৃতি সুন্দৰী কেনে সুগন্ধেৰে ভৰা॥
পুঁৱাৰ বেলিটি শোভে উষাৰ কোলাত,
কিবা দৃশ্য মনোৰম নিৰ্ম্মল প্ৰভাত॥

[ ৬৮ ]

আহা, সোণ! আহাঁ ঘূৰি।

বছত দূৰৰ নীল গিৰিৰ ওপৰে
নীল সাগৰৰ বগা ফেন পাৰ হই,
সংসাৰ-তিয়াগি-যোৱা মোৰ সোণকনি।
আহাঁহে এবাৰ পুনু ঘুৰি বুকলই॥
যিদিনা তিয়াগি গলা মায়া সংসাৰ,
পুৰি মাৰা-বাপেৰাক জ্বলন্ত চিতাত;
মৰিশালী যেন লাগে গোটেই জগত,
দিনতে এন্ধাৰ ঘৰ, নিজম নিমাত॥
বহুত দূৰৰ নীল গিৰিৰ ওপৰে,
নীল সাগৰৰ বগা ফেন পাৰ হই,
সংসাৰ তিয়াগি যোৱা মোৰ সোণকনি!
আহাঁ সিকাৰণে ঘূৰি পুনু ঘৰলই॥
নিৰ্জ্জীব পৰাণে আজি প’ক পুনু প্ৰাণ;
আহাঁ, সোণ! আহাঁ ঘূৰি,—জুড়াওঁ পৰাণ॥

[ ৬৯ ]
মাতৃ-স্নেহ।

আছে, সছা, জগতত আনন্দ অনেক,
মাধুৰ্য্যেৰে পৰিপূৰ্ণ আছে স্বৰগত;
চেনেহী মাতৃৰ কিন্তু স্নেহৰ অৰ্দ্ধেক
মধুৰ নেদেখোঁ একো মোৰ জীৱনত॥
স্নেহময়ী মাতৃ মোৰ! তোমাৰ মৰম
হৃদয়-পটত মোৰ আছে থোৱা লিখি,
মৰতৰ শোক তাপ কৰি নিবাৰণ
বিভুৱে তোমাক যেন কৰে চিৰ সুখী॥
কি কৃতজ্ঞ মনে স্নেহ সুমৰোঁ তোমাৰ,
কত বাল্য স্মৃতি, মাতৃ! কৰোঁ আৰাধন
হাঁহি ঢালি দিয়ে যেন স্বৰগৰ দ্বাৰে,
অমৰী-সঙ্গত যেন হোৱাঁ সুখীমন॥
স্বৰ্গৰ জীৱন তযূ হোক শান্তিময়,
অশান্তিৰ ছঁয়া যেন না থাকে নৰয়॥

[ ৭০ ]
গোলাপৰ দৰে।

মানৱ–যৌবন, সখি! গোলাপৰ দৰে,
যদিও খন্তেক ইতো মনপ্ৰাণ হৰে,
যদিও বা এখন্তেক প্ৰফুল্লিত হয়,
কিন্তু, সখি, বহুপৰ নাথাকে নৰয়॥
খন্তেক প্ৰফুল্ল হই, ক’লামলা পৰে,
কালৰ বতাতে আহি সমূলে সংহৰে॥
যৌৱনৰ সৌন্দৰ্য্যৰ নিমিত্তে গৰ্ব্বিত
কিয় হ’বা তেনেহ’লে? নহ’বা নিশ্চয়
সৌন্দৰ্য্য যৌবনো, সখি! বিবৰণ হয়,
কৰ্ত্তব্য সাধন কৰি, সুনাম অৰ্জ্জিত
কৰা তুমি প্ৰাণপণে, অতি যতনেৰে,
মৰিলে গোন্ধাব, সখি! গোলাপৰ দৰে॥
শুকায়ো গোলাপে কৰে সুগন্ধ প্ৰদান,
মৰিও অমৰ নৰ, হই যশবান॥

[ ৭১ ]
স্বভাবৰ গীত।
(ক)

কোনে আজি গোৱা গান উদ্যান-মাজত
অমিয় সুৰেৰে মোহি কবিৰ হৃদয়?
কিনো মাত, কিনো গীত! কি নাম তোমাৰ?
যি গান গাহিছা তুমি অতি মধুময়॥
ভয়-ভয়-ভয় মনে, মধুৰ ললীত
গাই গান, পুনু কিয় তধা লাগি ৰোৱাঁ?
বলিছে মলয়া বায়ু মৃদুল মধুৰ,
কি ভয় তোমাৰ? তুমি কিনো ভয় পোৱা?
চিনিছো এতিয়া, পখি। প্ৰকৃতিৰ শোভা,
বসন্তৰ সঙ্গী তুমি গীত–প্ৰিয় কুলি,
গাইছা স্বভাব গীত সুমধুৰ তানে
গছৰ ডালত বহি পঞ্চমত তুলি॥
মধুৰ তোমাৰ গান (কুউ কুউ মাত)
গোৱাঁ, পখি! দগ্ধ প্ৰাণ হ’ক মোৰ শাঁত॥

[ ৭২ ]
স্বভাবৰ গীত।
(খ)

অনেক কালৰে পৰা ফুৰিছোঁ বিচাৰি
বনত তোমাক, পখি! ফুলনী–মাজত।
নাপাওঁ এদিনো কিন্তু, ভাগ্যে আজি মই
পাইছোঁ তোমাক আহি গছৰ ডালত॥
গোৱাঁ, পখি! গোৱাঁ গান মধুৰ ললীত,
গোৱাঁ স্বভাৱৰ গান মন প্ৰাণ হৰা,
কবিমুগ্ধ কৰ সুৰে, পঞ্চমত তানি,
কাবউ কৰিছোঁ আজি সঙ্গীতত ধৰাঁ॥
পাইছোঁ যেতিয়া আজি, নেৰিম তোমাক,
অমিয়া সুৰেৰে, পখি! আৰু এটি গোৱাঁ
সেই গীত, যি গীতেৰে মোহিলা কবিক,
যি গীতেৰে জগতক মুগ্ধ কৰি থোৱাঁ॥
গোৱাঁ, পখি! সেই গীত, জুড়াওঁ পৰাণ,
তাপিত প্ৰাণৰ তাপ হোক অৱসান॥

[ ৭৩ ]
স্বভাৱৰ গীত।
(গ)

কাবউ কৰিছোঁ, পখি! মাতিছোঁ তোমাকে,
শুনা নাই বহু দিন সুৱলা সঙ্গীত!
মানুহে যি গান গায়, তেনুৱা গানত
নজনমে তৃপ্তি মোৰ, নোহে সুললীত॥
মানুহৰ গান, পখি! কৃত্ৰিম সঙ্গীত,
নোহে স্বভাবৰ গীত, তেনুৱা গীতত
কিবা সুখ? কিবা তৃপ্তি? শুনিছোঁ অনেক
তেনুৱা সঙ্গীত, সুখ নালাগে মনত॥
তুমি স্বভাবৰ পখী, সিকাৰণে, পখি!
শুনিব খুজিছোঁ গান তোমাৰ মুখৰ
স্বভাবৰ গীত এটি সুৱলা মধুৰ;
গোৱাঁ, পখি! গোৱা এটি, জুড়াওঁ অন্তৰ।
গোৱাঁ স্বভাবৰ গীত, অকৃত্ৰিম গান,
শুনি তাক, হোক শাঁত তাপিত পৰাণ॥

[ ৭৪ ]
স্বভাৱৰ গীত।
(ঘ)

পুৰুষৰ গীত আজি বিহ যেন লাগে!
ভালকে নালাগে সুৰ তেনে সঙ্গীতৰ;
গোৱাঁ, পখি! গোৱাঁ তুমি সুৱলা মাতেৰে,
পৰাণ জুড়াওঁ শুনি গীত স্বভাবৰ॥
কোনে আৰু গাব গীত? শঙ্কৰ মাধৱ
অনন্ত কন্দলী ৰাম নাই আসামত?
আসাম-সঙ্গীত-বন নীৰবতা-ভৰি।
এৰিলে ই মৰ্ত্ত্যভূমি কালৰ হাতত॥
কোনে আৰু, হায়! পখি! সঙ্গীতৰ সুৰ
ধৰিব সুৱলা তানে? ন ন গাঁথণীৰে
কোনেনো গাঁথিব গান সুৱলা মধুৰ?
ঢালিব কানত কোনে সুধা ধীৰে ধীৰে?
শঙ্কৰ মাধৱ নাই, নাই আজি ৰাম!
নাই আজি সেই গীত জুড়াব পৰাণ॥

[ ৭৫ ]
স্বভাৱৰ গীত।
(ঙ)

আসাম-সৌভাগ্য-সূৰ্য্য, পখি! অস্ত গল।
মাইকীৰ মাতে আৰু না ঢালে অমৃত!
বানৰ জীয়াৰী উষা আাক ক'ত আছে?
কোনে আৰু গাব গান মধুৰ ললীত?
“নটিনী” যে গায় গান, ৰসহীন তান
গদ্দভ-নিন্দিত সুৰে, ধন-লালসত
ঘৰে ঘৰে বিয়া সভা উৎসৱ পূজাত!
ডুবিল আসাম, পখি! নৰক মাজত!
সি কাৰণে, পখি! তোৰ সুধাময় গীত
শুনাত, আহিছোঁ আজি এৰি বাৰী ঘৰ।
গোৱাঁ আজি এটি গান, জুড়াও পৰাণ;
পূৰ হোক আশা মোৰ, হেৰা পিকবৰ!
না লাগে কৃত্ৰিমগান, পঞ্চমত ধৰি
গোৱাঁ স্বভাৱৰ গীত, গোৱাঁ দয়া কৰি॥

[ ৭৬ ]
মহা ভ্ৰম।
(ক)

কি-যে-এটা মহাভ্ৰম, হে মন! তোমাৰ,
দুখে-ভৰা প্ৰণয়ৰ সমুদ্ৰ-গৰ্ভত
আশা কৰা সদা তুমি সুখ-ৰূপী মনি!
নোশোভে তোমাত! মাথোঁ পৰিছা ভ্ৰমত!!
প্ৰণয়ৰ সাগৰৰ ঢউৰ মাজত
পলে পলে হাঁহি কন্দা, প্ৰাণ যায় যায়!
মকৰ হাঙ্গৰ তাত ঘুৰিছে অলেখ;
তাত কি কোনোৱে, মন! সুখ দেখা পায়?
অন্তৰৰ কামনাৰ আশাময়ী গাঁথি
আঁট থায় মাজে মাজে মিলন-আশাত।
কিন্তু, হায়! ঢিলা হয় পুনু তেতিয়াই
ভবিষ্যত বিৰহৰ পৰি কল্পনাত!!
ভাবী বিৰহৰ ভাবে অন্তৰ শুকায়;
ই পাৰ্থীব প্ৰণয়ত সুখ নাই নাই॥

[ ৭৭ ]
মহাভ্ৰম।
(খ)

হাহোঁ বুলি গ’লে য’ত চকুলো ওলায়,
বিৰহ বিচ্ছেদ যাৰ ভঁড়ালৰ ধন,
ভাবি চোৱাছোঁন, মন! তেনুৱা প্ৰণয়
হ’বনো পাৰেনে কাৰো সুখৰ কাৰণ?
আৰু চোৱাঁছোন, মন! সেই ল’ৰাকাল,
সেই শিক্ষা, লেখা পঢ়া, সুৱলা কল্পনা
ভাহি গ’ল প্ৰণয়ৰ দুখ-সাগৰত,
শূন্য হ’ল অন্তৰৰ পবিত্ৰ কামনা।
ভাবাছোন পুনু, মন! সেই ল’ৰাকাল,
চিৰ আনন্দেৰে ভৰা পবিত্ৰ হৃদয়,
একো নাই! সবে গ’ল আছিলে যি তাৰ,
পৰি আছে মাত্ৰ নাম বৰ্ণ-মালাময়॥
সেই আশা, ওখ আশা, লয় পালে তাৰ,
আছে মাথোঁ “কিমাকাৰ” সেই দেহা-ভাৰ।

[ ৭৮ ]
যাতনা।

বিশ্ব বিধতাৰ এই বিশ্ব মণ্ডলত
জন্মিলে মৰিব লাগে, সকলোৱে কয়,
(মৰেও সকলো সঁচা, মৰে একালত)
যাতনা! তোৰেহে মাথোঁ মৰণ নহয়।।
সূৰুজো যে অস্ত যায়, জোনে পায় ক্ষয়,
সকলোৰে মৃত্যু লিখা আছে কপালত;
যাতনা! তয়েহে মাথোঁ নৰ-হৃদয়ত
অজৰ-অমৰ;— হায়! হৰণ নহয়!!
নহয়,–নহৱ,–তই, যাতনা! অমৰ;
সকলো যে মৰে, তয়ো কিয় নমৰিবি?
পৰাণ থাকোতে মাথোঁ নৰহৃদয়ৰ
থাক জ্বলি ভিতৰত; মৰিলে, মৰিবি!!
প্ৰাণ গলে যাবি তয়ো, যাতনা দোৰ্ঘোৰ!
জীয়াই থাকোতে তোৰ নাই মাথোঁ ওৰ॥

[ ৭৯ ]
সোঁৱৰনী।

সংসাৰৰ চিন্তা এৰি, বহি নিৰ্জ্জনত
যেতিয়া তোমাৰ কৰোঁ মনত অৰ্চ্চনা,
ওলোটাই দিয়া আনি অতীত ঘটনা
এটিদুটিকই পুনু মানস–পটত॥
বিধতাৰ বিড়ম্বনা! স্নেহৰ ৰতন।
হেৰুৱালো এটি, দেবি! মই অকালত!
সেই মূৰ্ত্তি তুমি কিন্তু কৰাই স্মৰণ,
আকউ বহুত মোক কন্দুৱাঁ শোকত!!
অতীত ঘটনা, দেবি! বাল্য জীৱনৰ
এটিদুটিকই আনি সকলো দেখুৱাঁ!
যি গইছে যাব দিয়াঁ; যোৱা বিলাকৰ
সোঁৱৰনী আনি, হায়! কিয়নো কন্দুৱাঁ?
চিৰ কাললই মই হেৰুৱালো যাক;
কিয়নো কন্দুৱা, দেবি! সোঁৱৰাই তাক?

[ ৮০ ]
পাহৰনী।

তুমি দেবী; পাহৰণি! তোমাৰ গৰ্ভত
ৰাখিছা সুমাই কত গৌৰৱ দেশৰ,
কত কীৰ্ত্তি পুৰাতন কত নগৰৰ,
সংখ্যা নাই, সংখ্যা তাৰ নপৰে মনত॥
হায়! পাহৰণি! তুমি কতযে গিলিছা
অমূল্য ৰতন, হায়! নৰজীৱনৰ
দিনে দিনে, নাই অন্ত সেই বিলাকৰ!
লুকুৱাই ৰাখি কিন্তু কি দৌল বান্ধিছা?
ধনৱতী তুমি, দেবি! অমূল্য ৰতন
লুকাই থইছা কত তোমাৰ গৰ্ভত!
দুৰ্ভাগী জননী যৱে শোকত মগন
পুত্ৰ হেৰুৱাই হয়, তুমি সিকালত
সেই শোক কিয় মাথোঁ নকৰা হৰণ?
দয়ামায়া তযু, দেবি! নাইনে মনত?

[ ৮১ ]
হাঁহি।

সম্পদ কালত আৰু আনন্দ দিনত
থাকা তুমি মানৱৰ নিতে লগৰীয়া;
নাইকিয়া হোৱা কিন্তু দুখ বিপদত
কৃত্ৰিম বন্ধুৰ দৰে;—হাঁহি মিচিকীয়া!
সুখৰ দেখিলে মুখ, আহি লগধৰা
বিষাদৰ গমপালে, লুকুৱাঁ পলাই!
এনুয়া তোমাৰ ৰীতি কপটতা-ভৰা?
যোৱাঁগই তুমি;—দিলো তোমাক বিদায়॥
নামাতোঁ তোমাক আৰু এই জন্মলই,
গুছি যোৱাঁ তুমি, হাঁহি! গইছে সম্পদ!
নিতান্ত কৃত্ৰিম, হায়! তোমাৰ প্ৰণয়,
নোচোৱাঁ উলটি তুমি আহিলে বিপদ॥
সম্পদত আহি থোৱা, এৰা বিপদত
কৃত্ৰিম বন্ধুৰ দৰে তুমি জগতত॥

[ ৮২ ]
কান্দোন।

বিৰহী গাভৰু পৰি বিৰহ-দুখত
প্ৰণয়ী সইতে হয় যেতিয়া মিলন,
কি কৰিব, কিবা ক’ব, বিচাৰি নাপাই,
তোমাকে চপাই লয় সাদৰি, কান্দোন!
বহুত দিনৰ, হায়! পাছত এদিন
পুত্ৰপ্ৰাণা মাকে পাই প্ৰবাসী পুত্ৰক,
শোকৰ অন্তত দেখি আনন্দৰ ছিন,
হৰিষত কান্দে, লই প্ৰাণৰ সোণক॥
হৰিষতো সম্পদতো থাকা মাজে মাজে
মানৱৰ সঙ্গী তুমি; কিন্তু বিপদত,
বিষাদে যেতিয়া ধৰে, তেনুৱা কালত,
কান্দোন! তোমাৰ ছবি সদাই বিৰাজে॥
বিপদৰ সঙ্গী তুমি; শোক বিষাদত
নেৰা তুমি মানৱক ক’তো জগতত॥

[ ৮৩ ]
চকুলো।

ঘোৰ দুৰ্দ্দিনত, হায়। বিপদ কালত
বন্ধুৱে তিয়াগি যৱে যায় এৰি থই,
তেনুৱা কালতো তুমি নেৰা, —চকুপানি।
কোমল তোমাৰ মন, কোমল হৃদয়॥
কৰিলে পৰাণত্যাগ প্ৰাণৰ পুতেকে,
দুৰ্ভাগিনী মাকে কান্দে যেতিয়া বীনাই,
তেনুৱা শোকতো তুমি দুৰ্ভাগী মাকক
হিয়াৰ অগনি মাৰি, থোৱাঁ নিচুকাই॥
আহাহা। অকলে হায়। জনক জীয়াৰী
বন্দিনী আছিলে যৱে অশোক বনত,
সিকালত, হে চকুলো। তুমি লগৰীয়া
দুৰ্ভাগিনী বৈদেহীৰ বনৰ মাজত॥
বিপদৰ বন্ধু তুমি, কোমল অন্তৰ,
এনুৱা বন্ধুত্ব, হায়। নাই মানবৰ॥

[ ৮৪ ]
সূৰ্য্য।

পূবৰ ফালে দি তুমি নিতউ ওলাই
উদ্যান নগৰ বন পোহৰা সাগৰ;
হঁহুৱৱা পদুমক (প্ৰিয়সী প্ৰাণৰ )
নিশাৰ বিৰহ-দুখ সন্তাপ গুছাই॥
দেৱ তুমি, দিবাকৰ! তুমি জ্যোতিৰ্ম্ময়,
গুছুৱা এন্ধাৰ ঘোৰ তুমি জগতৰ;
নকৰা পোহৰ মাথোঁ নৰৰ অন্তৰ
(অজ্ঞান এন্ধাৰে ঢকা অন্ধকাৰ ময়)॥
তেজোময় তুমি, দেব! উজ্জ্বল কিৰণ
দিয়া ঢালি জগতত, মৰিশালনীত,
নৰকতো (যদি ক’তো থাকে পৃথিবীত )
পৰ্ব্বতত সাগৰত বনতো নিৰ্জ্জন॥
অজ্ঞান এন্ধাৰে ঢকা মানুহৰ হিয়া
পোহৰিবলৈ মাথোঁ শক্তি নাইকিয়া॥

[ ৮৫ ]
চন্দ্ৰ।

নোলাবা নোলাবা, মই কৰিছোঁ মিনতি
ইদৰে আকউ তুমি আকাশ-মাজত!
তোমাৰ মোহন মূৰ্ত্তি দেখি নয়নত
কান্দিছে পৰাণ মোৰ, হে ৰোহিনীপতি!
আহাহা! আছিলে মোৰো নিচিনা তোমাৰ
সুন্দৰ লাবন্য এটি প্ৰাণৰ লহৰী,
কিন্তু তাক অকালতে নিছে কালে হৰি!
আছে জ্বলি সি অগনি আজিও হিয়াৰ!!
মধুৰতা তেনে, দেৱ! আছে কি তোমাৰ
লাহৰীৰ কথা যেনে আছিলে মধুৰ?
তাৰ মিঠা মাতে প্ৰাণ কৰিছিলে জূৰ!
নিৰমূল হ’ল কিন্তু সকলোটি তাৰ!!
নোলাবা নোলাবা তুমি, আকউ ওলাই
অন্তৰৰ জুই মোৰ নিদিবা জ্বলাই!!

[ ৮৬ ]
পদুম।

প্ৰকৃতিৰ চোঘৰৰ পূবৰ দুৱাৰে
ৰঙ্গা সাজপাৰ পিন্ধি, ৰঙ্গচুৱা বেলি
ওলোৱা মাত্ৰকে, তুমি চকুদুটি মেলি
ফুলি উঠা পুখুৰিত অনন্ত শোভাৰে॥
থাকে বেলি যতবেলি আকাশ-মাজত
পদুম। সিমান বেলি থাকা তুমি হাঁহি
আনন্দ মনেৰে মেলি সুকোমল পাহি;
মাৰ গ’লে বেলি মাথোঁ কান্দা বিষাদত॥
পতি-প্ৰাণা তিৰী যেনে বিয়াকুল হয়
পৰাণৰ স্বামী হ’লে চকুৰ আঁতৰ,
বিষাদ মলিনা তুমি হোৱা তেনেকই
আদৰৰ স্বামী গ’লে পশ্চিম সাগৰ॥
পতিপ্ৰাণতাৰ তুমি দেখাইছা চিন,
তোমাৰ স্বামীয়ে স’তে পৰাণ অভিন॥

[ ৮৭ ]
ভেটফুল।

স্বামী বিৰহত পৰি কান্দিছে পদুম,
মিচিকিয়া হাঁহি কিন্তু হাঁহিছা মুখত
আদৰৰ জোনটিক দেখি আকাশত;
তোমাৰ হৃদয় নেকি এনে নিদাৰুণ?
জা-জোৱালী সমন্ধীয়া তুমি পদুমৰ,
কিন্তু, হায়। দেখি জা-ক বিষাদ মলিনা,
হাঁহিছা আনন্দে তুমি? তুমি দয়াহীনা?
নাই একো দয়া মায়া? নিৰ্দ্দয় অন্তৰ?
শতুৰালি জা–ই জা-ই যেনে মানৱৰ
তোমালোক দুই জা-ৰো দেখোঁ তেনেকুৱা!
ফুলৰ কোমল হিয়া, কিয়নো নোপোৱা
হৃদয়ত দুখ দেখি দুথ পদুমৰ?
জানিলো, ফুলৰো হিয়া শিলেৰে বন্ধোৱা;
সিকাৰণে দুখ দেখি বিষাদ নোপোৱা॥

[ ৮৮ ]
টগৰ।

আহিল বহাগী বিহু, ফুলিল টগৰ
ৰমক-জমক কৰি, ডাল ভৰি ভৰি,
বিহুৱতী গাভৰুৰে সমাদৰ কৰি
ল’লে চিঙ্গি থোপাথোপে সন্তোষ অন্তৰ॥
বগা বগা ফুল খিনি, ৰূপতো শুৱনী,
অতিচাৰ গোন্ধ কিন্তু মুৰ কামোৰায়!
সি কাৰণে সকলোৰে আদৰ না পাই
নুফুলে সদাই, হায়! টগৰ-ফুলনী!!
অতি চাৰ গোন্ধ ল'লে লাহৰী দেহত,
সকলোৰে তেনে কিন্তু নাপালে আদৰ;
আতউ-পুতউ আৰু চিন চেনেহৰ;
অতি চিৰী নোহে ভাল জানে জগতত॥
কিবা লাভ টগৰৰ তেনে গোন্ধ লই?
সকলোৰে বেছি বেয়া, সকলোৱে কয়॥

[ ৮৯ ]
ঐশ্বৰ্য্য।

ঐশ্বৰ্য্য-বিভূতি! হায় নিমিত্তে তোমাৰ
দিনে-দিনে ভায়ে ভায়ে কত দ্বন্দ হাই।
কত ৰজা, মহাৰাজা, ৰাজাধিৰজাই
কৰে কত ৰক্তপাত নিৰ্দ্দোষী প্ৰজাৰ!!
আহাহা! ঐশ্বৰ্য্য। তুমি বৰ মোহকৰী
তোমাৰ মায়াত ভুলি, নিৰ্ব্বোধ মানৱে
হা! ধন-বিভূতি॥ কৰি বিয়াকুল ভাৱে
ভ্ৰমি ফুৰে জগতত প্ৰাণ পণ কৰি॥
শুনিলে সঙ্গীত ধনি মৃগৰ পৰাণ
নাচি উঠে যেনেকই; প্ৰাণ আশা এৰি
প্ৰাণ দিবলই আহে লৰালৰি কৰি
শত্ৰুৰ হাতত, আহা! মানুহৰো প্ৰাণ
শুনিলে তোমাৰ মাত, এৰে প্ৰাণ ভয়।
ঐশ্বৰ্য্য! তোমাৰ মাথোঁ কাষ পাবলই॥

[ ৯০ ]
খন্তেক।

কত দিন, কত ৰাতি, কত মাহ গ’ল।
খন্তেক খন্তেক কৰি অগা-পিছা কই।
তথাপি অলপো তুমি নেদেখিলা ৰই
হৃদয়ৰ দুখ মোৰ, বিহ হলাহল!!
ৰবাছোঁ খন্তেক। তুমি ৰ’বাছোঁ অলপ,
শুনি যোৱাঁ আজি মোৰ দুথৰ বীননী;
ব্যাকুল কৰিছে মোক শোকৰ গাজনি!
নৰ’লা অলপো তুমি? কৰানেকি গপ?
আজন্ম আহিছোঁ কৰি মিনতি তোমাক,
“ৰ’বাছোঁ অলপ” বুলি ধৰিছোঁ পাৱত;
তথাপি ন হ’ল দয়া অলপো মনত?
নাচালা উলটি, হায়! তুমি দুৰ্ভগাক?
খন্তেক। নিতউ তুমি একেৰাহে যোৱা,
কতনো মিনতি কৰোঁ, অলপো নোৰোৱা

[ ৯১ ]
অনুতাপ।
(ক)

ৰত্নৰ লোভত পৰি সমুদ্ৰ-গৰ্ভত
বুৰ দিলো, কিন্তু, হায়। না পালো ৰতন।
চেছা বুলি গা তিয়ালো প্ৰেমসাগৰত,
নহ’ল শীতল, প্ৰাণ কৰিলে দহন॥
মধু আশা কৰি, হায়। মানস-ভোমোৰা
পৰিছিল উৰিউৰি কেতেকী ফুলত।
মধু যে নাপালে! মাথোঁ, পৰিলে হুলত
পাপ কেতেকীৰ (হায়। হুলেজোঙে–ভৰা!!)
সুধা ভাবি, খালো বিহ, প্ৰাণ বিয়াকুল!
অথিৰ অবিৰ মন, কান্দিছে অন্তৰ!
ৰূপত শুৱনী দেখি, সুঙ্গি বিহ ফুল।
বিষম গোন্ধত হ’ল প্ৰাণ জৰ জৰ!!
কি আছিলো কেনে হ’লো! কান্দিছে পৰাণ!
হ’ব কি হিয়াৰ, হায়! তাপ অৱসান?

[ ৯২ ]
অনুতাপ।
(খ)

কান্দিছে এতিয়া প্ৰাণ, জ্বলিছে অনল
খন্তেকীয়া তৃপিতিৰ পৰি ছলনাত,
অমূল্য ৰতন তোৰ বেচিলি হঠাত!
সুধা ভাবি, হায়! মাথোঁ ভক্ষিলি গৰল॥
নিৰবোধ মন পখি! নুশুনি বাৰণ।
ফান্দ পাতি-ব্যাধে-দিয়া ধানৰ লোভত
খাবলই গ’লি! কিন্তু পৰিলি ফান্দত!
খোৱা যে নহ’ল, মাথোঁ মাৰিলি জীৱন!!
আহাহা! অবোধ! তই নুশুনি নামানি
হকাবধা বিবেকৰ, আপোন দোষত
ভুঞ্জিছ কেলেশ; আৰু নাপাৱ তৰণী
ঢউ-ভৰা, অনুতাপ ৰূপী সাগৰত!!
নিজ দোষে মৰ; কিয় এতিয়া বীননী?
কান্দ কিয় এৱে, হায়! দাৰুণ শোকত?

[ ৯৩ ]
জোনাকী পৰুৱা।

জোনাকী পৰুৱা জ্বলে গছৰ আগত,
গাভৰু-খোঁপাত যেনে মুকুতাৰ হাৰ;
তললই নামে,—উঠে আকউ এবাৰ
এটি দুটিকই কত হৰিষ মনত॥
কতো উঠে আকাশত, উপহাস কৰে
জিকিমিকি-কৰি-জ্বলা আকাশী তৰাক;
এই আছে, এই নাই, ধিমিক-ধামাক
(আশাৰ সঞ্চাৰ হয় নৰৰ যি দৰে)॥
কেতিয়াবা জাকে-জাকে ধলে-ধলে পৰি
বননীত, কৰি থাকে ৰমক-জমক;
থাকিলে সহস্ৰ হীৰা যেনেকুৱা কৰি
পোহৰাই থাকে ঘোৰ এন্ধাৰ বনক॥
ধিমিক-ধামাক!—কৰে সঘনে পোহৰ
আশাৰ সঞ্চাৰ যেনে হয় মানৱৰ॥

[ ৯৪ ]
ৰজাৰ জী⸺(সখীলৈ)।
(ক)

ফুটা কপালত, সখি! কেতিয়া কি ঘটে,
তাকে ভাবি প্ৰাণ মোৰ ব্যাকুল সদাই!
হায়! সখি! জন্ম মোৰ ৰজাৰ ঘৰত!
থাকোঁ সি কাৰণে, জানো, মনস্তাপ পাই॥
সজাত-ভৰাই-থোৱা মইনা চৰাই
মোতকই তাইও যে শতগুণে সুখী!
কোৱাঁ, সথি! মনদুখে নেৰে কিয় মোক?
স্ৰজিলে কিয়নো মোক কৰি চিৰ দুখী?
পাপিনী সাপিনী, সখি! সদা দিন ৰাতি
বন্ধা থাকে শাসনৰ আঁটিল বান্ধত!
তাইতো অধিক দুখী এই অভাগিনী
আঁটিল বান্ধত পৰি ই ৰাজপুৰত!!
নিতে চিন্তা, নিতে দুখ, অশান্তি মনত;
নাই, সখি! লেশ শান্তি ৰাজ-ভঁড়ালত!!

[ ৯৫ ]
ৰজাৰ জী—(সখীলৈ)।
(খ)

আকাশৰ ভোটা তৰা উজ্বলে গগন;
নিশাক শুৱনী কৰে নিশাৰ ভূষণ॥
কিন্তু সখি। নাই ঘৰে জোনৰ পোহৰ,
নিশাক কোনেনো কৰে আদৰ সাদৰ?
নিশাৰ কামনা,—হোক পুৰ্ণীমা সদাই
পেলোক জগত যেন পোহৰে ভৰাই;
কিন্তু, সখি! অভাগীৰ কপাল-দোষত,
নিৰাশ-ডাৱৰে ঢাকে জোন আকাশত!
মনত আশঙ্কা,—জানো,—হয় বিনা মেঘে
অকস্মাতে বজ্ৰাঘাত অভাগী শিৰত;
হয় জানো চুৰমাৰ ই কম্পিত হিয়া
নিৰাশাৰ বজ্ৰপৰি, জানো, অকালত!!
এই চিন্তা,—ই আশঙ্কা জাগিছে মনত
কিবা দিন, কিবা ৰাতি, নিদ্ৰাত স্বপ্নত॥

[ ৯৬ ]
সখী—( ৰজাৰ জীলৈ )।

চিন্তা নকৰিবা, সখি! মনৰ চিন্তাই
টানি আনে ঢউ ফেন নিৰাশা নইৰ;
মনৰ অশান্তি আৰু ছঁয়া সন্তাপৰ,
শুন আজি, বধ লাগে! কথাটি সখীৰ॥
অন্তৰৰ কামনাৰ মৰুভূমি-মাজে
থাকে জ্বলি আশাৰ সুন্দৰ সিংহাসন;
তাৰ কাষৰেদি বয়, কল্পনা-বনত
অমিয়া পানীৰে ভৰা সৰোবৰ খন॥
কিন্তু, হায়! সি পানীত পিয়াহ না যায়
পিয়াহ-আতুৰ প্ৰাণ কৰে ‘হায়! হায়!!’
শূন্যত মিহলি হয় ‘হাহাকাৰ-ময়’
নিৰাশাৰ পানী তাত দিহা-দিহি বয়!!
মিছামিছি চিন্তা এৰাঁ, ৰেখা ভাবনাৰ
মুছি দিয়াঁ তুমি, সখি! অথিৰ হিয়াৰ॥

[ ৯৭ ]
ৰজাৰ জী—(সখীলৈ)।
(গ)

কোৱাঁ, সখি! কোনে নো যে আপোন ইচ্ছাতে
উচৰগি দিয়ে প্ৰাণ চিন্তা-পিশাচীৰ
ভয়ঙ্কৰ মুখে? কোনে নিজে ইচ্ছা কৰি
আপোন কোলাত লয় ছঁয়া অশান্তিৰ?
কোনে ইচ্ছা কৰি,—কোৱাঁ,—নিৰ্ম্মল মুখত
ঘঁহে বিষাদ-কালিমা? কলঙ্ক চন্দ্ৰত
(নিষ্কলঙ্ক কলাধৰ)? কাৰ ইচ্ছা নাই
সংসাৰ মাজত হাঁহে হাঁহে মিচিকাই?
কোৱাঁ নাই ইচ্ছা কাৰ? নাই সি হেপাহ
প্ৰেমপূৰ্ণ জগতত প্ৰেম ‘মতোৱাৰা’
প্ৰেমত বিভোৰ হই নাচিব’ হাঁহিব’
হৰিষৰ মৃদু হাঁহি? হব’ হৰ্ষ-ভৰা?
কি তোমাত মিছা কথা?—তুমি যে অভিন
কিন্তু, সখি! মন মোৰ নহয় অধীন॥

[ ৯৮ ]
অন্তিমৰ ছবি।

অতি মনোহৰ, সঁচা, জোন আকাশৰ,
বাস্তৱতে শোভাময় আকাশৰ তৰা,
কোমল লৰাৰ মুখ, সঁচা,—হাঁহি ভৰা
অনন্ত সৌন্দৰ্য্য শোভা দূৰ পৰ্ব্বতৰ॥
প্ৰকৃততে, প্ৰেমময়ী প্ৰিয়সীৰ কায়
অনন্ত শান্তিৰে ভৰা কাৰো কপালৰে.
সঁচা, কোনো জগতত আনন্দে বিহৰে,
কাৰো ভাগ্যেই সংসাৰ সুখৰ আৱাস॥
সঁচা, সঁচা,—বহু সুখ আছে সংসাৰত,
প্ৰেমময়ী প্ৰিয়তমা অমিয়া মাতেৰে
সংসাৰত কাৰো কাৰো শোক দুখ হৰে,
শান্তি ভূমি প্ৰাণপ্ৰিয়া, সঁচা জগতত॥
কিন্তু ই সকলে দুখ পাৰে কি গুছাব
যি দেখিছে ভাবি তাৰ ছবি অন্তিমৰ?

[ ৯৯ ]
কি কৰোতে কিবা হ’ল?

অমৃতৰ আশা কৰি মথিলো সাগৰ,
নুঠিল অমৃত, —তাত উঠিল গৰল,
(সৰ বান্ধি বান্ধি, হায়! বিহ হলাহল!!
ব্যাকুল পৰাণ, দেহা কৰে জৰ–জৰ্!!
মধু আশা কৰি গলো মউৰ বাঁহত,
মধু যে নহল খোৱা!–মাথোঁ কামুৰিলে
কেচা মৌৱে, গোটগাই হুলেৰে বিন্ধিলে!
কান্দিছে পৰাণ সাজি দাৰুণ দুথত!!
চিঙ্গোঁ বুলি ফুলপাহি গোলাপ গছৰ।
চাপি চাপি গ’লো, হায়! অতি হেপাহত,
নউ পাওঁতেই কিন্তু ফুলৰ কাষৰ,
পৰিলো (আহাহা!) গই কাঁয়েট-মাজত!!
কি কৰোতে কিবা হল? কান্দিছে পৰাণ;
ইচ্ছাময়! পূৰ্ণ হ’ক তযূ মনস্কাম॥

[ ১০০ ]
ধিক্কাৰ!

এই জনমত, হায়! জ্ঞান অজ্ঞানত
যদি কৰে বেয়াকাম, সি কালত গই
প্ৰতিফল পায় তাৰ, সকলোৱে কয়,
কিন্তু মোৰ তেনে ভাব নোপজে মনত॥
যদি বা সেয়েই হয়,—কিয়,—হে ধিক্কাৰ!
বেয়াকাম কৰা হ’লে, পাছে পাছে তাৰ
আহি থিয় হোৱা তুমি? নৰ হৃদয়ত
প্ৰহাৰি বিষম শেল কিয় বিন্ধা হিয়া?
“পৰলোকে প্ৰতিফল”? তেনে, কিয় দিয়া
এই জনমতে সিটো নৰৰ প্ৰাণত?
“পৰলোকে প্ৰতিফল” কল্পনা কবিৰ,
ই জন্মতে দিয়া তুমি, জানিলো, ধিক্কাৰ!
বেয়াকাম কৰা হ’লে, পাছে পাছে তাৰ
দিয়া শাস্তি, কৰা, হায়! পৰাণ অস্থিৰ॥

[ ১০১ ]
দুৰ্গোৎসৱ।

এ বছৰ হই গল,— আহিল শৰত,
আহিল আকউ উমা জগতৰ আই,
দাসদাসী আদি লই উলাহ মনত,
নৱভাৱে ভাৰতক আনন্দে ভৰাই॥
আনন্দ-বিজুলী, আহা। হৃদয়-মেঘত
ভাৰতবাসীৰ কত খেলিছে সঘনে
অপূৰ্ব্ব ভাবেৰে আজি,—অতি সযতনে
গাথিছে ভকতি-ফুল-মালা অন্তৰত॥
আনন্দময়ীক পাই আনন্দ মগন
হইছে ভাৰতবাসী আজি হৰিষত;
বহুদিন পাছে পাই মাতৃ-দৰশন
মাতৃভক্ত শিশু যেনে হয় আনন্দত॥
সুখী দুখী সকলোটি উলাহ-মগন,
স্বৰ্গীয় ভাবেৰে আজি ভৰিছে ভাৰত॥

[ ১০২ ]
ক্ষমা।

দয়াময় ঈশ্বৰৰ নুশুনি বচন,
দিনৰাতি কৰে কত দুৰন্ত মানৱে
ঘৃণণীয় পাপ কাম গোপনীয় ভাৱে
ঘৰে পৰে আৰু, হায়! বনতো নিৰ্জ্জন॥
নথকা হেতেন, আহা!—ক্ষমা দেবি! তুমি
প্ৰভৃৰ কাষত নিতে, —এক মুহুৰ্ততে
পালে হয় ধ্বংস নৰ পৃথিবীয়ে স'তে;—
কিন্তু নিতে আছা তুমি প্ৰভু-পদ চুমি॥
স্নেহময়ী তুমি, দেবি! পাপীৰো কাৰণে
তোমাৰ পৰাণ কান্দে! ক্ৰোধ পৰিহৰি
ৰাখিছা প্ৰভুক তুমি শান্তমূৰ্ত্তি কৰি,
কৰাইছা,—ক্ষমা! দোষ ক্ষমা সযতনে॥
নথকা হেতেন তুমি প্ৰভুৰ কাষত,
পালে হয় ধ্বংস নৰ এক মুহুৰ্ত্তত॥

[ ১০৩ ]
শ্মশান

আছিলে এদিন মোৰ! তোমাক, শ্মশান।
বনিছিলো স্বৰ্গ বুলি ইহ জগতৰ।
তোমাৰ কোলাতে গই, থই আহিছিলো
পতিপ্ৰাণা জয়সতী * সতী আহোমৰ॥
আহাহা! শ্মশান! হায়। নাই ভবা মই
তাৰ যে পাছতে পুনু লাগিব তোমাত
থবগই চেনেহৰ লাহৰিটি লই
অনন্ত শান্তিৰে ভৰা তোমাৰ কোলাত॥
অতি চেনেহৰ মোৰ সোনটি, শ্মশান॥
আদৰ চেনেহ কৰি তোলা অসঙ্গত;
নিদিবা কেলেশ, তাৰ কোমল পৰাণ।
ৰাখিবা নিতউ তাক অতি যতনত॥
পৰাণতো প্ৰিয় মোৰ মোৰ সোনকনি,
নকৰিবা তুমি তাক আলই এথানি।


* আমাৰ ৰচিত "তিৰুতাৰ আত্মদান" বা "জয়মতী" কাব্য লিখি সমাপ্ত কৰিয়েই (ইং ১৯০৮ সনতেই) এই কবিতাটি লিখা হৈছিল। ইয়াৰ পাছতেই– আমাৰ অতি আদৰৰ মাজু

লৰাটিৰ মৃত্যু হয়। [ ১০৪ ]
পোহৰ।

নিষ্ঠুৰ পৰাণ তোৰ! গুছি যা, পোহৰ!
কন্দুৱালি তই মোক পুনু দেখুৱাই
মৰিশালি খনি মোৰ লাহৰী সোনৰ!
কন্দালি,—পোহৰ! মোক তই পোহৰাই!!
চিৰকাললই মই শ্মশান ভূমিত
থইছিলো সোনটিক মই লুকুৱাই,
কেনুৱা নিৰ্দ্দয় তই? কাৰ ফিঁটনিত
মৰিশালি খনি তাৰ দিলি উলিয়াই?
নাচাওঁ বুলিযে, হায়! থ’লো আঁতৰত,
পুনু তই সেই ঠাই দিলি দেখুৱাই!
কোন সাত শতুৰুৰ কুট বুদ্ধি পাই
জ্বলালি নুমুৱা জুই, মোৰ অন্তৰত?
আছিল লুকাই, হায়! ঘোৰ এন্ধাৰত।
কিয় পুনু দেখুৱালি? কিহৰ খেপত?

[ ১০৫ ]
আন্ধাৰ।

নসহে চকুত মোৰ দৃশ্য শ্মশানৰ;
শোকাগ্নিয়ে হিয়াখণি কৰিছে অস্থিৰ।
দেখা পাই মৰিশালিখণি সোনটিৰ
কান্দিছে,—আন্ধাৰ। মোৰ পৰান অন্তৰ॥
কাবউ কৰিছোঁ মই তোমাক,—আন্ধাৰ।
মৰিশালি খণি তুমি থোৱাঁ লুকুৱাই,
নাচাওঁ সি দৃশ্য আৰু। পুনু উলিযাই
নেদেখাবা মৰিশালি আকউ এবাৰ॥
বিমল জ্যোতিৰে ভৰা অমৰা নগৰ,
তাকো তুমি লুকুৱাই থোৱা,—হে আন্ধাৰ!
ঢাকাঁ মৰিশালি খণি লাহৰী সোনৰ,
নজ্বলাবা পুনু মোৰ অগণি হিয়াৰ!!
দেখা পাই আজি সেই ছবি শ্মশানৰ
কান্দিছে সঘনে মোৰ দুৰ্ব্বল অন্তৰ॥

[ ১০৬ ]
ঢাকনী।

কিবা সৰু, কিবা বৰ, বহল দীঘল
ওখ বা চাপৰ, হায়! যেনুৱাই হয়,
সকলো ঢাকিব পাৰ, হে ঢাকনি; তই
আৰু থ’ব পাৰ ঢাকি জ্বলন্ত অনল॥
সুমেৰুৰ ওখ টিঙ্গ, ঢউ সাগৰৰ,
জোনবেলি ঢাকি ঢাকি থৱ দুচকুত;
ঢাকিব নোৱাৰ মাথোঁ জুই অন্তৰৰ
(জ্বলে, হায়! যি অগণি নৰৰ বুকুত!)
আহাহা! ঢাকনি! যদি ঢাক সকলোকে
হৃদয়ৰ জুই মোৰ কিয় নাঢাকিবি?
সকলোকে ঢাকি থ’ব’ চৰজিছে তোকে,
নাঢাকি হিয়াৰ জুই কিয়নো ৰাখিবি?
হৃদয়ৰ জুই মোৰ ঢাকি থ, ঢাকনি!
নিতউ দহিছে মোক নাপাওঁ তৰণী॥

[ ১০৭ ]
কোনো এখনি পুথি পঢ়ি।

নাজানো, কি পাপ–ফলে পূৰ্ব্ব জনমৰ
মাতৃযে তোমাৰ, কবি! জন্মালে তোমাক!
লজ্জা ভয় পৰিহৰি, নিৰ্ল্লজ্জ ভাবেৰে
উলঙ্গিনী কৰি তুমি আঁকিলা ৰাধাক!!
পবিত্ৰ কাৰিণী লক্ষ্মী ৰাধা গোকুলৰ,
পাপী তুমি, লজ্জাহীন!—তেনুৱা ৰাধাৰ
আঁকিলা উলঙ্গ ছবি,— উলঙ্গ লিখক!
নাইনে কলঙ্ক ভয়, হে কবি! তোমাৰ?
কবিৰ জনম যদি এনুৱা নিলাজ,
এনে পাপভাব যদি কবিৰ মনত,
কি কাজ কবিত তেনে? খাটোঁ ঈশ্বৰক,
নোহোক কবিৰ যেন জন্ম জগতত।।
উলঙ্গ লিখক! তুমি কলঙ্ক কবিৰ!
নৰৰূপী পশু তুমি কাব্য ফুলনীৰ।৷

[ ১০৮ ]
কবি চেক্ষপীৰ।

জানো দিলে বীণাপাণি বীণা আপোনাৰ
বজাব’ তোমাক, কবি! দেখি যোগ্যবান;
সি বীণাতে গাই, জানো, সুমধুৰ গীত
কৰিলা মোহিত তুমি মানৱৰ প্ৰাণ॥
দিলে জানো চিত্ৰলেখা লেখনী নিজৰ
আঁকিলা মোহিনী ছবি, কিবা চমৎকাৰ;
মিৰেণ্ডা, জেচিকা আৰু ডেচ্‌দিমোনা সতী
লিউক্ৰেটীনা, ওফিলীয়া, চিত্ৰ জুলীয়াৰ॥
কাব্য-ফুলনীত তুমি কবিৰূপী কুলি,
কি বসন্তে কি হেমন্তে সকলো কালতে
এন্ধাৰত পোহৰত মনৰ হৰিষে
গালা মধুময় গীত মধুৰ সুৰতে।
প্ৰণমো তোমাক আমি, কবিকুল মণি!
মৰিও অমৰ তুমি, বিখ্যাত জগতে॥

[ ১০৯ ]
কবি কালিদাস।

ভাৰতীৰ প্ৰিয়পুত্ৰ, কবি ভাৰতৰ,
ৰচিলে যি “শকুন্তলা” জগতমোহিনী,
(মুণি তপোবন মাজে সোনৰ হৰিণী)
মোহিনী প্ৰতিমাখনি পবিত্ৰ প্ৰেমৰ॥
যেই হাতে বিৰচিলে কাব্য “নলোদয়”
“ৰঘুৰ শ”, মহাকাব্য “কুমৰ সম্ভৱ”
“মালৱিকা-অগ্নিমিত্ৰ” “বিক্ৰম-উৰ্ব্বশী”
“মেঘদূত” (মেঘৰূপী দূতৰ উদ্ভৱ)॥
জীবনত যাৰ ভাগ্যে বসন্ত নিতউ,
ফুলনীত নিতে যাৰ মৃদুল মলয়া,
অমাবাচ্যা নাই নিশা, নিতউ পূৰ্ণীমা
বাণী যাৰ ওপৰত সদাই সদয়া,
সেই কবি কালিদাস কবিৰ পাৱত
উদ্দেশে প্ৰণাম কৰোঁ ভকতি মনত॥

[ ১১০ ]
মহাপুৰুষ শঙ্কৰদেৱ।

কুসুমৰ পুত্ৰ তুমি জন্ম আসামত,
ভক্ত অৱতাৰ তুমি, তুমি ধৰ্ম্মবীৰ,
অনন্ত অক্ষয় কীৰ্ত্তি ৰাখি গ’লা তুমি
আসামত দেখুৱাই পথ ভকতিৰ॥
বীৰ, মহাতেজ ৰজা পাৰে কি আজ্জিব
সম্ৰাজ্য স্থাপন কৰি সুকীৰ্ত্তি তেনুৱা?
ধৰ্ম্মৰাজ্য স্থাপি তুমি আসাম-ভূমিত
আৰ্জ্জিলা অনন্ত যশ, কীৰ্ত্তি যেনেকুৱা?
মুৰ্খক শিকালা জ্ঞান,—পাপীক ধৰম,
অন্ধক দেখাই দিলা পথ স্বৰগৰ;
সিকাৰণে, জানো, দেৱ! “অৱতাৰ” ভাবি
ভক্তিৰে তোমাক পূজে নৰে আসামৰ॥
গাঁৱে গাঁৱে ঘৰে ঘৰে তোমাৰ “কীৰ্ত্তন”,
উদ্দেশে প্ৰণমো, দেৱ! ভাবি শ্ৰীচৰণ॥

[ ১১১ ]
বন্ধু-বিদায়।

ইঠাইৰ যত হাঁহি থ’লো ইয়াতেই,
চকুলো দুধাৰি লই যাওঁ ঘৰলই;
বন্ধুসব! দিয়াঁ আজি আনন্দে বিদায়,
ইয়াকেই মাগোঁ মাথোঁ যোৱাৰ সময়॥
কৰি থাকোঁ যত দোষ, ক্ষেমিবা সকলো,
পদে পদে মানৱৰ ভূল জীৱনত!
আশীৰ্ব্বাদ দিয়াঁ সবে অন্তৰে সইতে,
হয় যেন শান্তি লাভ দগ্ধ হৃদয়ত॥
যদি থাকে ভাগ্যে পুনু আহিম ইয়াত,
তোমা সবে স’তে মিলি আকউ হাঁহিম,
নতু; এই শেষ দেখা ই কাৰ্য্য–ক্ষেত্ৰত,
সোঁৱৰণি লই মাথোঁ নিতউ ভাবিম॥
অন্তৰ উঠিছে কান্দি দাৰুণ শোকত!
এয়েনেকি মানৱৰ মায়া বান্ধৱত?

[ ১১২ ]
নোহে চিত্ৰপট।

কোনে আঁকি থই গ’ল সৌৱা দুৱাৰত
সুন্দৰী ৰমণী মূৰ্ত্তি মুনি-মনোহৰ?
কি নাম তেঁওৰ? তেঁও চিত্ৰকৰ কেনে
আঁকিলে যি ছবি খনি এনুৱা সুন্দৰ?
পোহৰে যি ৰূপে ফুলি অকলে অকলে
ফুলনিত ফুলি থকা গোলাপৰ পাহি,
পোহৰিছে দেখো তেনে ঘৰটি গোটেই
ছবিটিয়ে হাঁহি হাঁহি মিচিকিয়া হাঁহি॥
কিবা ৰূপ, কিবা মুখ, কিবা চকুদুটি,
যত চাওঁ, বাঢ়ে তত দাৰুণ হেপাহ;
চাওঁ বুলি ছবি খনি গলো কাষলই
ধীৰে ধীৰে; হলো কিন্তু আশাত নিৰাশ!!
মোহিনী ছবিটি সেই গ’ল আঁৰলই;
জানিলো, জীয়ন্ত মূৰ্ত্তি, নোহে চিত্ৰপট॥

[ ১১৩ ]
প্ৰাণ আৰু বিদ্যা।

 (আমাৰ পঢ়াশলীয়া বন্ধু ৺কৃষ্ণচন্দ্ৰ নেওগে নিতান্ত পাড়িতাৱস্থাত বি, এ, পঢ়িবলৈ কলিকাতালৈ যাবলৈ যোজা কৰা শুনি, তেঁওলৈ এই কবিতাটি লিখিছিলো।)

অমূল্য যদিও অতি বিদ্যা মহাধন
প্ৰাণে স’তে কিন্তু হ’ব নোৱাৰে সমান;
এবাৰ হেৰালে, পুনু নাপায় পৰান,
হ’ব বিদ্যা উপাৰ্জ্জন থাকিলে জীৱন॥
পৰান থাকিলে, বন্ধু! গ’লেও সময়,
যদি কৰা চেষ্টা, হ’ব বিদ্যা উপাৰ্জ্জন;
গ’লে কাল পৰাণৰ, নোপোৱা জীৱন
অশেষ চেষ্টাতো পুনু, বান্ধৱ! নিশ্চয়॥
নালাগে বিদেশ যাব, বান্ধৱ-ৰতন!
কি কাজ বিদ্যাত যদি প্ৰাণত সংশয়?
(কেতিয়াবা,—হ’লে শোক দুখত মগন,
প্ৰাণত হেপাহ, হায়! যদিও নহয়)
তথাপি, জানিবা,—প্ৰাণ অমূল্য ৰতন,
ই ৰতনে স’তে বিদ্যা তুলনা নহয়॥

[ ১১৪ ]
পঢ়াশলীয়া বন্ধু ৺কৃষ্ণচন্দ্ৰ নেওগৰ মৃত্যুত

হাত ধৰাধৰি কই, উলাহ মনত
কাক লই আৰু, বন্ধু! আনন্দে ভ্ৰমিম?
কবিতা-ছঁয়াৰতলে, কাব্য-কাননত
কুলিৰ কুউৰ গীত আৰু কি শুনিম?
কাৰ উৎসাহেৰে আৰু হই উৎসাহিত
কাব্য-কাননৰ আনি “তলসৰা” ফুল,
বাচি বাচি আৰু মালা যত্নেৰে গাঁথিম?
অকল সৰীয়া আজি, প্ৰাণ বিয়াকুল!!
শোকবেজাৰত টুকি চকুলো চকুৰ,
নিৰাশা-নইত দিলে লেখনী উটাই,
কোণে আৰু দিব তুলি সাদৰে লেখনী
আকউ হাতত মোৰ অনেক বুজাই
অকল সৰীয়া কৰি এৰি গ’লা তুমি!
হিতেশ অকল আজি, নচলে লেখনী!!

[ ১১৫ ]
বছৰ-বিদায়।

(ক)

(ইং ১৯১১ )

যোৱাঁ তুমি যোৱাঁ, দিন যোৱা বছৰৰ।
হিয়া উদঙ্গাই দিছোঁ তোমাক বিদায়!
কত শোক, কত দুখ, তাপ সংসাৰৰ
দিলা তুমি দুৰ্ভগাক সীমা সংখ্যা নাই!!
মনৰ অশান্তি ৰূপী অগনি জ্বলাই
পুৰি-দেই-ছাই তুমি কৰিলা হিয়াক!
হৰিলা প্ৰাণ প্ৰিয়সী, উদঙ্গালা হিয়া,
কৰিলা এন্ধাৰ ঘৰ!!—নালাগে তোমাক!!
প্ৰথমতে তুমি, হায়! আহোঁতে,—বছৰ!
কত আশা কৰিছিলো, দিবা বুলি সুখ;
কিন্তু সেই আশা মোৰ একে৷ নুপূৰিলে,
নাপালো সুখৰ লেশ, নেদেখিলো মুখ॥
অশান্তিৰ পানী আনি দিলা ঢালি তুমি,
জৰ্জ্জৰ কৰিলা মাথোঁ মোৰ হিয়া খনি॥

[ ১১৬ ]
বছৰ-বিদায়।
(খ)

যোৱাঁ তুমি, যোৱাঁ, হেৰা কূটীল বছৰ!
তোমাৰ কূটীল দিন আজি অন্ত হ’ক।
অশান্তিৰ ছঁয়া যেন নাথাকে মৰ্ত্ত্যত
অথিৰ-অবিৰ মনে কিছু শান্তি পক॥
যোৱাঁ তুমি যোৱাঁ, হায়! কিন্তু যত দিন
দেহাৰূপী সজা-মাজে থাকে প্ৰাণ-পখী,
থাকিব তোমাৰ কথা(যত দিলা দুখ)
হিয়াৰ মাজত মোৰ জ্বলি-জ্বলি-থাকি॥
যত দিন বাকশক্তি থাকিব মুখত,
সুঁৱৰি সুঁৱৰি গাব দুষ্কৃত তোমাৰ,
থাকে মানে এই মোৰ দুৰ্ব্বলা লেখনী
লিখিব দুৰ্যশ, হায়! হাতে দুৰ্ভগাৰ॥
যি কৰিলা, যি দহিলা, যি দংশিলা হিয়া,
সি শোক, সি জ্বালা মোক আকউ নিদিয়াঁ॥

[ ১১৭ ]
নতুন বছৰ।

দুৰ্ভগাৰ দৰে আছে বহু দুৰ্ভগীয়া,
বহু দুৰ্ভাগিনী আছে, জ্বলিছে অন্তৰ!
ঢালি দিয়াঁ শান্তি আাৰু হাঁহিৰ কিৰণ,
গুছি য’ক হৃদয়ৰ অশান্তি-ডাৱৰ॥
জগতবাসীৰ হিয়া ভৰোক উলাহে
সুখ সন্তোষেৰে ভৰা হওক জগত,
আনন্দৰ ঢউ যেন খেলে সকলোতে,
চকুলো নোলায় যেন কাৰো নয়নত॥
যি টুকিলো চকুপানী, যি কান্দিলো, হ’ল!
যি পুৰিলে(সেয়ে হ’ল), জুয়ে অন্তৰৰ!!
আৰু যেন এনে ক্লেশ নঘটে ভাগ্যত
এয়েই প্ৰাৰ্থনা মাথোঁ দগ্ধ হৃদয়ৰ!!
এই আশা, ই কামনা কৰিবা পূৰণ,
এয়েই গোহাৰী মোৰ, ধৰিছোঁ চৰণ॥

[ ১১৮ ]
শেষ গতি।

জনমালে একে আয়ে, একেটি বাপেকি,
আছিলো কেউটি আমি বাই ভনী ভাই,
একে লগে হ’লো বৰ, একে ঘৰে থাকি
আদৰত উঠিছিলো! কিন্তু আজি, হায়।
কালৰ চক্ৰত ঘুৰি, এটি-এটি-কই
সংসাৰ–সোঁতত উটি ঠাই-ঠাই হ’ল!
দুটিৰ’ল ওছৰতে, কিন্তু এটি গই
পাইছিলে দূৰ, হায়! তাতো যে নৰ’ল!!
দূৰ শ্মশানত গই, অকলে অকলে
সকলোকে কন্দুৱাই থই অকালত
"অন্তিমৰ ঠাই” ল’লে বিচাৰি নিৰলে!
এয়েই জানোবা গতি আমাৰো শেহত!!
একে ঘৰে উপজিলো; কিন্তু তেনেকই
নাপাওঁ মৰিব’ কিয়, বিধতা নিৰ্দ্দয়?

[ ১১৯ ] 
ছবি।

পতিপ্ৰাণা বিৰহিণী অকলে অকলে
কত ভাবি, কত কান্দি, এখনি ফলিত
আঁকিলে স্বামীৰ ছবি হই একচিত,
কল্পনাৰ সানি ৰঙ বিৰলে বিৰলে॥
প্ৰথমে আঁকিলে মুখ (জোন মনোহৰ)
তাৰ পাছে নাক, চকু, দাঁত, চুলি, কান,
সকলাে আঁকিলে কৰি জীৱন্ত সমান;
নাকিলে মাথোঁন ছবি দুটি চৰণৰ॥
বিৰহ ব্যাকুলা সতী, স্বামী বিৰহৰ
চিন্তাত বিভােৰ হই, ভাবিলে মনত,
ইমানেই থ’ক, ছবি নাকোঁ চৰনৰ,
নতুবা, পেলাব মােক পুনু বিৰহত॥
যদি আকোঁ ভৰি দুটি, আকউ পলাব,
কান্দিকাটি পৰিলেও, উলটি নাচাব॥

[ ১২০ ]
ঊৰ্ম্মিলা।

লোকলই বুলি, দেবি! যদি পাতে হুল,
নিজে তাতে মৰে ফুটি, সকলোৱে কয়,
আনে যি বোলক, কিন্তু মিছাও নহয়,
প্ৰমাণ নিজেই পালো, নাই তাত ভূল॥
লক্ষ্মণক, হায়! দেবি! স্বামীক তোমাৰ
অকালত ত্যাগ কৰি কৌশল জালত
কন্দুৱাব খুজিছিলো তোমাক শোকত
টোকাই দুয়ো চকুত চকুলো দুধাৰ॥
তোমাক কন্দুৱা আগে কিন্তু বিধতাই
স্নেহৰ ৰতন হৰি কন্দুৱালে মোক!
কল্পনাৰে-স’তে-অহা হৃদয়ৰ শোক
মূৰ্ত্তিমান হই দিলে কান্দোন ভবাই!!
তোমাক কন্দাওঁ বুলি নিজেই কান্দিলো;
লোকলই হুল পাতি, আপুনি পৰিলো॥

[ ১২১ ]
কোনো বন্ধুৰ মাতৃ বিয়োগত।

কি শুনিলো! কি শুনিলো! বন্ধু মৰমৰ!
হেৰুৱালা বোলে তুমি মাতৃ-হেন ধন
স্নেহ মুৰ্ত্তিমতী, হায়! অমূল্য ৰতন?
বৰ শোক পালো, শুনি কান্দিছে অন্তৰ!!
আজি দিনাৱধি, বন্ধু! হ’লা মাতৃহীন
চেনেহৰে “আই” বুলি আৰু জগতত
নোপোৱা মাতিব’ তুমি! যাক চিৰদিন
“আই” বুলি ভুলিছিলা দুখ আনন্দত॥
অতদিনে দুখ তুমি মাতৃ বিয়োগৰ
আছিল নোপোৱা, বন্ধু! নাই পোৱা শোক!
কিন্তু কি কৰিবা, হায়! ইচ্ছা ঈশ্বৰৰ!
কি হ'ব কান্দিলে আৰু? এৰি দিয়াঁ দুখ॥
ইয়াকে প্ৰাৰ্থনা মাথোঁ কৰা ঈশ্বৰত,
তেঁওৰ অনন্ত শান্তি হ’ক স্বৰগত॥

[ ১২২ ]
ফুল।

স্বৰগৰ অপেশ্বৰা, আলসুৱা ফুল!
শাপভ্ৰষ্টা হই মাথোঁ আছা পৃথিবীত,
কোমল তোমাৰ দেহা, মন, প্ৰাণ চিত,
জেউতিৰে ভৰা, ৰূপ মৰ্ত্ত্যত অতুল॥
এনেয়ে ৰূপহী তুমি, কেলই পিন্ধিলা
সেউজীয়া সাজ তাতে? লাহৰী গালত
পুৱাৰ নিয়ঁৰটোপা কিয়নো সানিলা?
লাৱণ্যৰ মূৰ কিয় মাৰা জগতত?
স্বৰগ সুন্দৰী তুমি, ফুল ওপৰৰ,
কিয় কৰি থাকা তুমি মুৰ তললই?
সহিব নোৱাৰি নেকি জেউতিৰ ভৰ
মুৰটি দোঁৱাই আছা তুমি এনেকই?
মূৰ দাঙ্গি চোৱাঁ তুমি, দেখক জগতে
মাধুৰি তোমাত কেনে ৰাজিছে সততে॥

[ ১২৩ ]
যশ।

দেবতা অমৰ হ'ল কৰি সুধা পান
অশ্বত্থমা অমৰণ পাই দেৱ-বৰ;
কিন্তু কলি যুগ আজি, নেদেখি দেৱতা,
মৰ্ত্ত্যভূমি পাব ক’ত ৰস অমৃতৰ?
আৰাধনা বলে তুষ্ট কৰি দেৱতাক
আনিব নোৱাৰি মাতি আৰু পৃথিবীত ,
অমৃতৰ নাই নই, কৰি যাক পান
অমৰণ হ’ব নৰ মৰত ভূমিত॥
নোহোক অমৃত আৰু নোহোক দেৱতা,
কিন্তু, যশ! তুমি কৃপা কৰা যি নৰক
অমৰত্ব কৰি লাভ তোমাৰ কৃপাত
চিৰজীবী হয় সিটো উপেক্ষি কালক॥
মৃত্যুৰ পাছতো কৰা নৰক, সমৰ,
অমৰণ, যশ! তুমি মৰ জগতৰ॥

[ ১২৪ ]
গীত

বুজিব’ নোৱাৰোঁ, গীত! কি কৌশলে দিয়া
প্ৰতিজনে খেনে খেনে ভিন ভিন ফল;
তাপিতক দিয়া শান্তি, জ্বলোৱা দুনাই
বিৰহীৰ হৃদয়ত বিৰহ অনল॥
পুত্ৰহীনা জননীৰ (চিৰ দুৰ্ভাগিনী)
উলিওৱা কেতিয়াবা চকুলো দুধাৰ,
থাকা কেতিয়াবা তুমি মোহিব’ প্ৰেমিক
শব্দময়ী সহচৰী ৰূপে প্ৰেমিকাৰ॥
ভীমৰূপা ভয়ঙ্কৰী হোৱাবা কধিও
ঘোৰ নিনাদিনী তুমি সমৰ-ক্ষেত্ৰত,
ত্ৰিতাপহাৰিনী কিন্তু হ’লে সঙ্কীৰ্ত্তন
মোহি মানৱৰ প্ৰাণ কিবা প্ৰভাৱত॥
শব্দময়ী,—দেবি! তুমি, প্ৰণমো তোমাক,
চকুলোৰ হাত মাথোঁ সৰাব আমাক॥

[ ১২৫ ]
চিন্তা।

কোন তুমি? কন্যাকাৰ? চিন্তা নাম ধৰি,
দেখাই মোহিনী-মূৰ্ত্তি নৰক ভুলোৱাঁ,
আপোন বশত আনি, পাছে দংশা হিয়া
গোপনে গোপনে! তুমি কিয় এনেকুৱা?
ৰমনীৰ মন বোলে নিচেই কোমল,
অন্তৰত বয় বোলে নই চেনেহৰ?
তেনে, চিন্তা! কিয় তুমি এনুৱা নিৰ্দ্দয়?
ৰাক্ষসীৰ দৰে কিয় তোমাৰ অন্তৰ?
কুটিলে নিৰ্দ্দয় পোকে ঠাৰি অকালত
গোলাপৰ পাহি যেনে লেৰেলি শুকায়
মানৱৰো প্ৰাণ তেনে হয় জ্বলা-কলা,
হিয়াৰ মাজত, চিন্তা! তুমি ল’লে ঠাই॥
খাওঁতে-শোওঁতে মোৰ কিয় লগ লোৱা?
কাতৰে মাতিছোঁ মই, মোক এৰি যোৱাঁ॥

[ ১২৬ ]
* * *
(ক)

কেচুৱা কালৰে পৰা ধূলীমাটি লই
তোমাৰ কোলাতে ৰঙ্গে কত উমলিলো!
কিন্তু, হায়! কান্দে প্ৰাণ! পৰিত্যাগকই
তোমা হেন ভূমি আজি আঁতৰি আহিলো॥
ইচ্ছাক্ৰমে, নোহে, আই! দাৰুণ দুখত
(শতুৰুৰ তাড়নাত!) বীনাই কান্দিলো!
শক্ৰ-হস্তগতা তুমি, সেই বেজাৰত
নিতান্ত দূৰ্ব্বল মই তোমাক এৰিলো!!
ওপজোতে মই, আই! সুৰ মিহলাই
প্ৰকৃতিৰে স’তে গালা আনন্দ-সঙ্গীত।
তিয়াগি আহিলো আজি হিয়া উদঙ্গাই
তোমাৰ, গোৱাঁহে এটি বিষাদৰ গীত॥
তুমি কান্দা, ময়ো কান্দো ধৰাধৰি কৰি;
কান্দি কান্দি হওঁ আৰু আঁতৰা-আঁতৰি!!

[ ১২৭ ]
* * *
(খ)

হৃদয়ৰ বেগ, হায়! ঘূৰাব নোৱাৰি
দীনহীন বেশে আজি মাগিছোঁ বিদায়!
আশীৰ্ব্বাদ দিয়া, আই! হিয়া উদঙ্গাই,
কান্দো যেন সিঠাইতো তোমাক সুমৰি॥
কি সুখত, কি দুখত, শোকত মগন,
থাকোঁ যেনে অৱস্থাতে, তেনুৱা কালত
তযু মূৰ্ত্তি অঁকা যেন থাকে হৃদয়ত,
নুভূলো ধিয়াঁব যেন তোমাৰ চৰণ॥
স্বদেশী, বিদেশী কিম্বা অচিনাকী স’তে
য’তে যেনেকৈয়ে থাকোঁ, নুভূলিবা, আই!
অন্তৰৰ পৰা মোক নিদিবা পেলাই,
সুমৰিবা মাজে মাজে থাকোঁ যেয়ে য’তে॥
দীনহীন কবি মই পগলা ভাবৰ,
নকৰিবা সেই বুলি মনৰো আঁতৰ॥

[ ১২৮ ]
ওৰণী।
(ক)

কাবউ কৰিছোঁ মই তোমাক, ওৰণি!
সংসাৰৰ ফুলনিৰ বিষময় ফুল
ৰমণীয়ে মানৱক কৰে বিয়াকুল,
ঢাকি থোৱাঁ তুমি, হায়! সেই মুখখনি॥
নাজানো যে বিধতাই কিয় চৰজিলে
সংসাৰৰ ফুলনিত ৰমণী-কুসুম,
গোলাপ পাহিত ঢালি বিহৰ দুৰ্গুণ!
হাঁহি হাঁহি হৰে প্ৰাণ, নাচায় মৰিলে!!
ঢাকি থোৱাঁ মুখখনি তুমি ৰমণীৰ,
ওৰণি! তোমাক মই কৰিছোঁ মিনতি,
সেই মু-খনিয়ে মোক দিয়ে দুৰগতি,
কৰে হিয়া বিয়াকুল, পৰাণ অথিৰ॥
কাবউ কৰিছোঁ মই তোমাক, ওৰণি!
ঢাকি থোৱাঁ ৰমণীৰ মুখখনি তুমি॥

[ ১২৯ ]
ওৰণী।
(খ)

নাঢাকিবা নাঢাকিবা মুখ ৰমণীৰ
মিনতি কৰিছোঁ মই তোমাক,—ওৰণি।
সংসাৰ-ফুলনিবন,—ধৰিছে শুৱাই
সুন্দৰ গোলাপ পাহি জগত শুৱনী॥
সংসাৰ বিষাদে-ভৰা, তাপিত নৰৰ
জুড়াব’ তাপিত প্ৰাণ বিধি দয়া কৰি
শান্তিৰ নিজৰা ৰূপে কৰিলে সৃজন
ৰমণীৰ মুখখনি, নধৰাঁ আবৰি॥
যি মুখ খন্তেক মাথোঁ দেখাৰ আশাত
প্ৰেমিক আকুল হয়, পাহৰে সংসাৰ,
সেই মুখখনি তুমি নাঢাকা, ওৰণি।
মূৰ্ত্তিমতী শান্তি ৰাজে মুখত প্ৰিয়াৰ॥
কেতু তুমি? কিয়, হায়! ঢাকিছা জোনক?
উলিয়াই দিয়াঁ জোন জগতে দেখক॥

[ ১৩০ ]
কাণৰ থুৰীয়া।

পূৰ্ব্ব জনমৰ, জানো, কত পূণ্যবলে
থুৰীয়া জনম পালি তই জগতত;
শোওঁতে খাওঁতে কিম্বা উঠোঁতে বহোঁতে
চুমা দিয় প্ৰিয়সীৰ কোমল গালত॥
যি চুমাৰ হেপাহত আতুৰ প্ৰেমিক,
প্ৰেমৰ ৰাজ্যৰ যিটো অমূল্য ৰতন,
যাক লই সংসাৰৰ সকলো বলীয়া,
অনায়াসে তই কিন্তু পাৱ সেই ধন॥
যি চুমাৰ মাথোঁ এটি পাবৰ আশাত
প্ৰেমিকে উছৰ্গ কৰে পৰাণ নিজৰ;
সেই চুমা লাখ লাখ নিতে পাৱ তই,
নাজানো,—কি পূণ্য তোৰ আছিল পূৰ্ব্বৰ॥
নহ’ল আমাৰো কিয় থুৰীয়া জনম!
পালো হয় নিতে কত মধুৰ চুম্বন॥

[ ১৩১ ]
কটাক্ষশৰ।
(ক)

তাহানি কালত, প্ৰিয়ে! প্ৰাচীন যুগৰ
পাৰ্থ আদি বীৰ সবে কত যতনত
শিকিছিলে শৰ বিদ্যা, কৰিছিলে লাভ
কত তিক্ষ্ণতৰ, গুৰুৰ কাষত।
তপোবলে, বাহুবলে তুহি পশুপতি।
পাৰ্থে কৰিছিলে লাভ শৰ পাশুপত,
আৰু কতো কতো বীৰে পাইছিলে হেনো
কত শৰ, কত অস্ত্ৰ দেৱৰ কাষত॥
কিন্তু সি সকলে, প্ৰিয়ে! নোৱাৰিলে হ’ব
জগতজয়িনী, হায়! তোমাৰ নিচিনা।
কটাক্ষ শৰেৰে তুমি জিনা যেনেকই
মুহুৰ্ত্ততে ত্ৰিজগত, যেন বীৰাঙ্গনা॥
অতি পৰাক্ৰমী, প্ৰিয়ে! শৰ কটাক্ষৰ,
বিন্ধি যি বীৰৰো প্ৰাণ কৰে থৰ্‌ থৰ্‌॥

[ ১৩২ ]
কটাক্ষশৰ।
(খ)

কাতৰে মাতিছোঁ, প্ৰিয়ে! কোৱাঁ আজি মোক,
শিকালে তোমাক কোনে এনেকুৱা শৰ?
থাকে কি মৰ্ত্ত্যতে তেঁও? থাকে পাতালত?
তেঁও নেকি দিব্যমূৰ্ত্তি দেৱ স্বৰগৰ?
দেৱতাই হোক, কিম্বা হওক চাণ্ডাল,
নতুবা মৰ্ত্ত্যৰে নৰ, —গুৰু বুলি মানি।
ভজিম তেঁওকে আজি, তেঁওকেই খুজি
শিকিম সি শৰ বিদ্যা কটাক্ষৰূপিনী॥
সেই শৰবলে আজি হই দিগ্বিজয়,
ভূবন বিজয়ী নাম মৰ্ত্ত্যত ৰাখিম;
যেইবানে হৰ তুমি প্ৰাণ জগতৰ,
সেই শৰে ছয়ৰিপু, দমন কৰিম।
কাম ক্ৰোধ অদি ৰিপু কৰি পৰাজয়
কটাক্ষৰূপিনী শৰে, হ’ম ৰিপুঞ্জয়॥

[ ১৩৩ ]
চুমা।

প্ৰাণ সম প্ৰিয় পুত্ৰ সাবতি কোলাত
স্নেহময়ী মাকে দিয়ে চুমা দুগালত
ফুলনি শুৱাই থকা গোলাপ পাহিক
চুমা খায় ভোমোৰাই অতি হেপাহত॥
পুখুৰি পানীক (জানো, প্ৰাণসখী ভাবি)
হালি-জালি, নাচি নাচি, আনন্দ মনত
ফুলি-থকা পুখুৰিৰ পদুম পাহিয়ে
ঘনে ঘনে খায় চুমা কত উলাহত॥
মানিনী প্ৰেমিকা কিবা কৰি অভি
তললই কৰি মুখ থাকে যি কালত,
আতুৰ প্ৰেমিক, আহা! ধীৰে ধীৰে গই
দুয়ো গালে দিয়ে চুমা কত হেপাহত॥
অভিমাম মানিনীৰ যায় দূৰল‌ই,
চুমা দিয়ে প্ৰণয়ীক ঘূৰাই গালত॥

[ ১৩৪ ]

আলিঙ্গন।

বহুত দিনৰ, আহা! পাছত এদিন
দুই বন্ধু যৱে পুস্থ হয়, দেখা-দেখি
হৰিষত, আনন্দত, উলহি প্ৰেমত
আলিঙ্গন কৰে দুয়ে হই কত সুখী॥
কত দেশ, কত গাঁও, অৰণ্য নগৰ
একেৰাহে, একেমনে কতদূৰ গই
সাগৰক হেপাহেৰে কৰে আলিঙ্গন
(প্ৰেমিক প্ৰেমিকা যেনে) উত্ৰাৱল নই॥
ফুলনি বাৰীত থকা মাধই লতাই
সমাদৰে গছজুপি কৰে আলিঙ্গন,
দেহাত লগাই দেহা, মু-খনি মুখত
এয়ে জানো আলিঙ্গন প্ৰেমৰ বন্ধন॥
তৰুলতা দুয়ে মিলি দেখাইছে, জানো,
নৰক প্ৰেমৰ ছবি, প্ৰেমৰ ধৰম॥

[ ১৩৫ ]
  অগুৰু।* (From Sanskrit)

মহীমণ্ডলত এই হিমালয় গিৰি
সকলোতকই ওখ, ৰজা পৰ্ব্বতৰ;
নাই তাত চোকা ৰ’দ, তাপ সুৰুযৰ,
শীতল বতাহ মাথোঁ বলে ধীৰি-ধীৰি॥
নিতউ কুঠাৰ লই মানুহে হাতত
নুফুৰে হাবিত তাৰ, নিবিচাৰে খৰি,
সমভূমি সিকাৰণে তুমি পৰিহৰি,
অগুৰু! বিচাৰি ল’লা ঠাই পৰ্ব্বতত॥
আহাহা! অগুৰু! তুমি নাজানো নিচেই
নাজানানে অমৃততো বিহ থাকে বুলি?
নাজানা,—নহ’লে, কিয় ছলনাত ভুলি।
আশাৰ,—দুখত আহি পৰিবা নিজেই॥
হিমালয় ভাল বুলি লইছিলা বাসা,
দংশিছে বিষাল সাপে কিছু দিননিশা॥


* হিমালয় পৰ্বতত যি বিলাক অগুৰু চন্ধনৰ গছ আছে তাত হেনো সাপ উঠি উঠি থাকে। এনে এটি প্ৰবাদ আছে— যে হিমালয় পৰ্বতেই অগুৰু চন্দনৰ স্থান, তাৰ বাহিৰে পৃথিবীৰ

কোনো ঠাইতেই অগুৰু চন্দনৰ গছ নাথাকে। [ ১৩৬ ]
মদাৰ ফুল।

শুনিছোঁ, মদাৰ! তুমি স্বৰগৰ ফুল,
নন্দন বনৰ তুমি পুষ্প পাৰিজাত;
কিন্তু কি কাৰণে তুমি স্বৰ্গ পৰিহৰি
আহিলা মৰত ভূমি? ভুলি কি মায়াত?
দেৱৰাজ-প্ৰিয়া দেবী পোলোম জীয়াৰী
আৰু দেৱকন্যা সবে অমৰা পুৰৰ
কত হাবিয়াসে, জানো, চাকিয়ে চাকিয়ে
পিন্ধিছিলে খোঁপাভৰি কৰি সমাদৰ॥
সেই গৌৰৱত, জানো, গৰবিনী হ’লা,
বহুত সম্মান পাই ভুলিলা নিজক,
সেই পাপে, জানো, আজি ই দশা তোমাৰ
সুগন্ধ বিহীন হই, পালাহি, মৰ্ত্ত্যক॥
“অতি দৰ্পে হতা লঙ্কা” কাহিনী আগৰ,
"অতিমানে” নিৰবংশ বংশ কৌৰৱৰ॥

[ ১৩৭ ]
অসতী তিৰুতা৷—বেশ্যা।

কোনে কয় বৰ বিষ কালসাপিনীৰ?
দংশিলে মুহুৰ্তে ঘটে শংসয় প্ৰাণৰ?
কোনে কয় ভয়ঙ্কৰা বিকটা ডাইনী
ছলনাৰে ছলি কৰে বিলাই নৰৰ?
সাপিনী ডাইনী এই দুয়োটিত কই
নাৰীৰ মাজত আছে এজাতি সাপিনী
বেশ্যা নামে পিশাচিনী, ধৰ্ম্মপথ ভুলি।
নৰৰ পৰাণ নাশে অসতী পাপিনী!!
দংশিলে কালসাপিনী, তাতো পায় প্ৰাণ
ডাইনী খেদিব পাৰি, তাৰো আছে পথ,
সাপিনী, কালৰূপিনী, দংশিলে বেশ্যাই
নৰৰ প্ৰাণত, তাৰ, অৰক্ষা মৰ্ত্ত্যত॥
সাপিনী (চকৰী ফেঁটী!) মুৰত চকৰ!
ডাইনী, অসতী বেশ্যা, সাঁজ মনোহৰ!!

[ ১৩৮ ]
বৰপাত্ৰ। *

ধলে ধলে খুনবাৱে দূৰ পৰ্ব্বতৰ
ৰজাঘৰলই আহে “পালসেৱা" লই;
নগামাকো আঁক বাঁক, হাতীৰ দাঁতৰ
পিন্ধে কত অলঙ্কাৰ মনোমত কই॥
চমুৱা কুঁৱৰী তাকে ভিতৰৰ পৰা
দেখা পাই, ক’লে হাঁহি এদিন ৰজাক;
“চোৱাঁছোঁ, বঙ্গহদেও! যদিও নগাক
“কৰে ঘিন,—কিন্তু নগা সৌন্দৰ্য্যৰে ভৰা॥”
অজলা ৰজাই শুনি ভাবিলে মনত,
“আসক্তি ৰাণীৰ জানো জন্মিছে, নগাত;
“এনুৱা ৰাণীক মোক নালাগে ইয়াত।”
সগৰ্ভা ৰাণীক দিলে নগাৰ হাতত॥
খুনবাৱে কুঁৱৰীক থ’লে ভৈয়ামতে,
উপজিল “বৰপাত্ৰ” তেঁওৰ গভতে॥


* ইং ১৪৯৩ সনত চুপিম্‌ফা সৰ্গদেৱে আহোম সিংহাসনত ৰাজত্ব কৰে। এও নিজৰ চমুৱা কুঁৱৰী এজনাই নগাৰ খুনবাও এটাক দেখিবলৈ ভাল বুলি প্ৰশংসা কৰাত, কুঁৱৰীক খুনবাওলৈ দিলে। খুনবাৱে কুঁৱৰীক চাঙ্গলৈ নিনি, ভৈয়ামতে বাহৰ দিলে। কুঁৱৰী সগৰ্ভা আছিলে; কালক্ৰমে সেই বাহৰতে তেঁওৰ ল'ৰা এটি জন্ম হ’ল সেই লৰাটিকেই পাছে চিনি পাই ইং ১৫০৭ চনত স্বৰ্গ নাৰায়ণ বা দিহিঙ্গীয়া ৰজাই “কনচেঙ্গ” নাম

দি “বৰপাত্ৰ ডাঙ্গৰীয়া” পাতিলে। [ ১৩৯ ]
বসন্ত কালত—এটি কুলিলৈ।

নিতউ দহিছে মোক বিৰহৰ জুয়ে,
কিয় তাতে তই, পখি! দিছ সোঁৱৰাই?
এনেয়ে জ্বলিছে জুই হিয়াৰ মাজত
কুউ কৰি কিয় তই জ্বলাৱ দুনাই?
থাকিলে হেতেন যদি “একলব্য” আজি
(হিৰণ্য ধনুৰ পুত্ৰ) দ্বাপৰ যুগৰ,
শিকিলো হেতেন গই তুতি-নতি কৰি
শবদ-হৰিব-পৰা তোৰ “সপ্ত শৰ”॥
সেই শৰে শৰ তোৰ হৰিলো হেতেন,
থাকিলি হেতেন তই নীৰৱ-নীমাত;
জ্বলা জুই পুনু মোৰ নজ্বলিলে হয়,
শুনি তোৰ কুউ ধ্বনি তাপিত হিয়াত॥
নাই কিন্তু ‘একলব’, নাই "সপ্তশৰ”
হিতেশ অক্ষম আজি, ঘনে কুউ কৰ॥

[ ১৪০ ]
কমলাৰ পক্ষপাতিত্ব।

কবি গুৰু ৰত্নাকৰ আৰু কালিদাস
ভৱভূতি, মাঘ আদি পুত্ৰ ভাৰতীৰ,
কত কাব্য, কত ৰস কৰিলে প্ৰকাশ,
নাচালা উলটি, ভাবি পুত্ৰ সতিনীৰ॥
মহা কবি চেক্ষপীৰ, কবীন্দ্ৰ মিল্‌টন,
ইংলণ্ড যশস্বী যাৰ কবিত্ব-বলত,
সতিনীৰ পুত্ৰভাবি, কমলা! ক্ৰোধত
নকৰিলা তুমি কিন্তু স্নেহ-নিৰীক্ষণ!
ভাৰ্জ্জিল, হোমাৰ আদি পুত্ৰ ভাৰতীৰ
পাৰস্য ৰাজ্যৰ কবি হাফেজ প্ৰবৰ,
(জনমত ধন্য যাৰ চিৰাজ নগৰ),
নাচালা উলটি, ভাবি পুত্ৰ সতিনীৰ॥
এনুৱা নিৰ্দ্দয়া তুমি কিয় কৰিলই?
নাইনে তোমাৰ দয়া? নাইনে হৃদয়?

[ ১৪১ ]
দুৰাশা।

ভাল বন্দী পালা তুমি, দুৰাশা ডাকিনি।
কৰিব’ তোমাৰ পূৰ মনৰ কামনা;
কোৱাইছা যেই সেই তুমি,—পিশাচিনি!
যেই সেই কৰাইছা নকৰি ভাবনা॥
নাজানিও সাঁতৰিব, দিছোঁ সাগৰত
তোমাস’তে জাঁপ, হায়! নাই দুনয়ন
চাব খোজোঁ পূৰ্ণচন্দ্ৰ প্ৰাণ বিমোহন,
জিবা নাই, আশা কিন্তু মউ-সোৱাদত॥
কান নাই, ইচ্ছা শুনো কুলি কউ গীত
(মধুৰ সঙ্গীত, হায়! নিতে স্বভাৱৰ)
নাক নাই, গোন্ধ লওঁ ফুল সুবাসীত,
প্ৰেম নাই,—ইচ্ছা, পাওঁ প্ৰেম জগতৰ॥
অমূল্য কবিত্ব-শক্তি শূন্য মন চিত,
ইচ্ছা,—কিনি লওঁ, হায়! যশ কবিত্বৰ॥

[ ১৪২ ]
কলাঠৰুৱা।

আনিলে কোনেনো আজি কলাৰ ঠৰুৱা
কলনিৰ কলাগছজুপি কন্দুৱাই?
ফুলনি বাৰীৰ ফুল ফুলতে ভাঙ্গিলে
নিৰাশ চুৰুনীটিয়ে অকালত হায়!!
নালাগে, নানিবা আৰু কলাৰ ঠৰুৱা
আধাফুলা ঢোপাকলি কলিতে শুকাল!
নাগাঁথোঁ আকউ ফুল নিৰাশে-শুকুৱা!
কোনেনো পিন্ধিব? হায়! দুৰ্ভগা কপাল!!
নাই গোন্ধ নাই ৰূপ মৰহা ফুলৰ,
মালাত নোপজে কাৰো আদৰ সাদৰ!
কি হ’ব আনিলে ফুল? কি হ’ব গাঁথিলে
এপাহ দুপাহ কৰি শুকান মালতী?
কি হ’ব ঠৰুৱা আনি? কিবা লাভ গাঁথি?
নানিবা! মালাত আৰু নাই কাৰো ৰতি॥

[ ১৪৩ ]
প্ৰাৰ্থনা।

তুমি আদি, তুমি অন্ত, মাজতে মাথোঁন
ক্ৰীড়ামন্দিৰত তযু খেলিছিলো খেলা
তোমাৰে খেলনা লই, আপোন পাহৰি
জীৱনত, দয়াময়! দুপৰৰ বেলা॥
খেলোতে খেলোতে খেলা, হ’ল বিনা–মেঘে
বজ্ৰাঘাত অকস্মাতে, ভাগিল পুতলা
(তুমি গঢ়া খেলনাটি)! চালো চকুমেলি
শেষ হ’ল জীৱনত সপোনৰ খেলা॥
খেলা শেষ হ'ল সঁচা,—আছে কিন্তু বাকি
জীৱনত, দয়াময়! পৰীক্ষা মহত
ই মানৱ জনমৰ—কৰ্ম্মক্ষেত্ৰৰূপী
এবে পৰীক্ষাৰ ঠাই মৰ জগতত॥
দয়া কৰি পৰীক্ষাত উদ্ধাৰিবা, নাথ!
নিমাখিত অতি মই, কৰোঁ প্ৰণিপাত॥

[ ১৪৪ ]
শেষ ভিক্ষা।

নক’বা নক’বা কাকো (মৃত্যুৰ পাছত)
কি আছিলে কি নাছিলে সদবদ গুণ।
কবা মাথোঁ, —“দুচকুত আছিল দুধাৰি।
“তপত চকুৰ পানী, শোকৰ কান্দোন॥”
“আছিল এখনি হিয়া” কোৱা যদি ক’বা
“বলিয়া-ভাবেৰে-ভৰা,—নিৰাশাৰ চিন।
“নিৰস মুখত,– আৰু এটি হুমুনিয়া,
"অন্তৰত জ্ঞান-চক্ষু দূৰ দৃষ্টিহীন॥”
আৰু ক’বা, “চাৰি ফালে ঘোৰ বিষাদৰ।
“আছিলে আবৰি ছঁয়া; হিয়াৰ মাজত
“উথলি আছিলে সদা শোক-সাগৰৰ
“ঠউকি-বাঠুকি ঢউ চিৰ জীৱনত॥”
আৰু কবা, “ভাৰতীৰ ভাবি শ্ৰীচৰণ
“উছৰগ কৰিছিলে গোটেই জীৱন॥”

[ ১৪৫ ]
ৰূপলাল দত্ত।

“Oh! the happy time,
Like the spring time of the year
Could it but like pretty flowers
Come again each coming year.”
   ...............Anonymous

[ ১৪৬ ]

পঢ়াবয়সত সেই তাহানিকালত,
আছিলো দুয়োটি আমি যেন একে-প্ৰাণ।
কি আহোঁতে, কি যাওঁতে চিৰ লগৰীয়া,
ভিন পৰ নাইকিয়া, একেই পৰাণ॥
গ’ল কিন্তু সেই কাল, সি সুখৰ দিন!
জীৱনৰ ভাল দিন অতীত-গৰ্ভত!
এই জন্মলৈ আৰু ঘুৰি নাহে সিটো,
ঘি গইছে গ’ল, ভাই! এই জীৱনত॥
গ’ল সেই কাল! কিন্তু আঁকে সোঁৱৰণি।
ধীৰে ধীৰে কিযে এটি স্মৃতি মনোহৰ।
মানস-পটত মোৰ, কিৰূপে বৰ্নাম?
হিতেশৰ শক্তি ভাই নাই বৰ্নাবৰ॥
সুখময়ী স্মৃতি সিটো বাল্য জীৱনৰ
অতুলন জগতত, মৰ জগতৰ॥

[ ১৪৭ ]
লোকনাথ বৰুৱা।

“Friend of my youth! When young
      we roved,
Like striplings, mutually beloved,
With friendship's purest glow,
The bliss which wing’d those rosy hours
Was such as pleasure seldom showers
On mortals here below,
The recollection seems alone
Dearer than all the joys I‘ve known
When distant far from you:
Though pain, 'tis still a pleasing pain
To trace those days and hours again
     Lord BYRON,

[ ১৪৮ ]

বাল্য জীৱনৰ সেই পঢ়াবয়সৰ
স্বাধীন প্ৰাণৰ এটি সোঁৱৰণি লই
পলাশ ফুলৰ ক্ষুদ্ৰ চতুৰ্দ্দশপদী
গাঁথিলো কবিতা ইটো হাবিয়াস কই॥
ভালপোৱা-চিন ইটো বাল্য জীৱনৰ,
বন্ধুৰ প্ৰেমৰ ইটো মাথোঁ সোঁৱৰণি;
সৰু বয়সৰ সেই তাহানি কালৰ
প্ৰেমময় অন্তৰৰ চেনেহ অকনি॥
নিৰ্গন্ধ ফুলেৰে ভৰা ইক্ষুদ্ৰ কবিতা
গোন্ধ নাই বুলি কিন্তু নিদিবা পেলাই;
হাঁহোক জগতে দেখি ই নিৰ্গন্ধ ফুল
না হাঁহিবা তুমি মাথো, ধৰিবা চপাই॥
হিতেশ তোমাৰ, ভাই! তুমি হিতেশৰ,
বন্ধুবাণী মহাৰত্ন দীন দৰিদ্ৰৰ॥


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)