পৃষ্ঠা:মালচ.djvu/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


জোনাকী পৰুৱা।

জোনাকী পৰুৱা জ্বলে গছৰ আগত,
গাভৰু-খোঁপাত যেনে মুকুতাৰ হাৰ;
তললই নামে,—উঠে আকউ এবাৰ
এটি দুটিকই কত হৰিষ মনত॥
কতো উঠে আকাশত, উপহাস কৰে
জিকিমিকি-কৰি-জ্বলা আকাশী তৰাক;
এই আছে, এই নাই, ধিমিক-ধামাক
(আশাৰ সঞ্চাৰ হয় নৰৰ যি দৰে)॥
কেতিয়াবা জাকে-জাকে ধলে-ধলে পৰি
বননীত, কৰি থাকে ৰমক-জমক;
থাকিলে সহস্ৰ হীৰা যেনেকুৱা কৰি
পোহৰাই থাকে ঘোৰ এন্ধাৰ বনক॥
ধিমিক-ধামাক!—কৰে সঘনে পোহৰ
আশাৰ সঞ্চাৰ যেনে হয় মানৱৰ॥