সমললৈ যাওক

পৃষ্ঠা:মালচ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লক্ষ্মী৷

ধনৰ লোভত আয়ু কতযে নিয়ালো,
তথাপি নাপালো দেখা ক’তো যে ধনক!
সতিনীৰ পুত্ৰ ভাবি নকৰা কৰুণা
তুমি, হে কমলা দেবি! এই অধমক॥
অনাহাৰে, কত খতি কৰি টোপনীক,
তোমাক বিচাৰি, দেবি! কত ঠাই গ’লো,
পিয়াহ-আতুৰ-সম মৰুভূমি-মাজে
মৰীচিকা দেখি মাথোঁ জ্বলাকলা হ’লো!!
অস্থিৰা চঞ্চলা তুমি! একো থিৰ নাই
তোমাৰ ভাবৰ দেবি! —অপাত্ৰকো দিয়া
অতুল ঐশ্বৰ্য্য ধন; —-দুৰ্ভগা কবিৰ
তোমাক নাপাই মাথোঁ কান্দি থাকে হিয়া॥
কবি যে বাণীৰ পুত্ৰ (পুত্ৰ সতিনীৰ)
সিহেতু নহয় ধন ভাগ্যত কবিৰ॥