পৃষ্ঠা:মালচ.djvu/১০৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ঢাকনী।

কিবা সৰু, কিবা বৰ, বহল দীঘল
ওখ বা চাপৰ, হায়! যেনুৱাই হয়,
সকলো ঢাকিব পাৰ, হে ঢাকনি; তই
আৰু থ’ব পাৰ ঢাকি জ্বলন্ত অনল॥
সুমেৰুৰ ওখ টিঙ্গ, ঢউ সাগৰৰ,
জোনবেলি ঢাকি ঢাকি থৱ দুচকুত;
ঢাকিব নোৱাৰ মাথোঁ জুই অন্তৰৰ
(জ্বলে, হায়! যি অগণি নৰৰ বুকুত!)
আহাহা! ঢাকনি! যদি ঢাক সকলোকে
হৃদয়ৰ জুই মোৰ কিয় নাঢাকিবি?
সকলোকে ঢাকি থ’ব’ চৰজিছে তোকে,
নাঢাকি হিয়াৰ জুই কিয়নো ৰাখিবি?
হৃদয়ৰ জুই মোৰ ঢাকি থ, ঢাকনি!
নিতউ দহিছে মোক নাপাওঁ তৰণী॥