পৃষ্ঠা:মালচ.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কবি

মৰতত থাকি তুমি নিতে লোৱা ঘ্ৰাণ
নন্দন-বনত-ফুলা পাৰিজাত ফুল,
আঁকা কত ছবি তুমি সুন্দৰ অতুল
অমৰা পুৰৰ,―কবি! অমৰ পৰাণ!
সুখে আৰোহন কৰি মানস ৰথত
কল্পনা-ৰাজ্যত তুমি কত ক্ৰীড়া কৰা,
পিয়াহ-আতুৰ, হায়! নৰৰ মুখত
অমৃতৰ ৰস আনি আঁজলীৰে ধৰা॥
দেৱতা!―দেৱতা!! কবি!—এই জগতৰ
তুমিয়ে জীৱন্ত দেৱ,―প্ৰতিমা-দেৱৰ;
কি স্বৰগ, কি মৰত, কি পাতাল পুৰি,
কি নগৰ, কি অৰণ্য, তীৰ সাগৰৰ,
সকলোকে দেখা তুমি,― সকলোতে ফুৰি
আঁকা ছবি সকলোৰে,― তুমি চিত্ৰকৰ॥