সমললৈ যাওক

পৃষ্ঠা:মালচ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অন্তিমৰ ছবি।

অতি মনোহৰ, সঁচা, জোন আকাশৰ,
বাস্তৱতে শোভাময় আকাশৰ তৰা,
কোমল লৰাৰ মুখ, সঁচা,—হাঁহি ভৰা
অনন্ত সৌন্দৰ্য্য শোভা দূৰ পৰ্ব্বতৰ॥
প্ৰকৃততে, প্ৰেমময়ী প্ৰিয়সীৰ কায়
অনন্ত শান্তিৰে ভৰা কাৰো কপালৰে.
সঁচা, কোনো জগতত আনন্দে বিহৰে,
কাৰো ভাগ্যেই সংসাৰ সুখৰ আৱাস॥
সঁচা, সঁচা,—বহু সুখ আছে সংসাৰত,
প্ৰেমময়ী প্ৰিয়তমা অমিয়া মাতেৰে
সংসাৰত কাৰো কাৰো শোক দুখ হৰে,
শান্তি ভূমি প্ৰাণপ্ৰিয়া, সঁচা জগতত॥
কিন্তু ই সকলে দুখ পাৰে কি গুছাব
যি দেখিছে ভাবি তাৰ ছবি অন্তিমৰ?