পৃষ্ঠা:মালচ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিহৰে পুজিম।

ব্ৰহ্মাণ্ড বিচাৰি চালো, নাপালো বিচাৰি
পুজিবৰ বস্তু, প্ৰভু৷ তোমাৰ চৰণ;
য’তে যাওঁ, যেনি চাওঁ, যেই বস্তু পাওঁ,
চাৰু ফালে দেখোঁ মাথোঁ তোমাৰ সৃজণ৷
ব্ৰহ্মাণ্ডৰ পতি তুমি, স্ৰজোঁতা বিশ্বৰ,
ঘোৰ টোপনিত আমি নিদ্ৰিত মানৱ
সামান্য নৈবিদ্য আৰু পুষ্পাঞ্জলী স’তে
পূজা দিওঁ, —চুৰি কৰি তোমাৰে বিভৱ৷
তোমাৰেই বস্তু আনি, দিওঁ তোমাকেই
অজ্ঞান মানৱ আমি, আমি মহা চোৰ!
নাজানো মনতে তুমি কত হাঁহা, প্ৰভু!
মৰ্ত্ত্যত নৰৰ দেথি ভ্ৰান্তি দোৰঘোৰ!!
দীন হীন নৰ আমি, আজন্ম দুখীয়া,
কিহৰে পুজিম, প্ৰভু! একো নাইকিয়া!!