পৃষ্ঠা:মালচ.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আন্ধাৰ।

নসহে চকুত মোৰ দৃশ্য শ্মশানৰ;
শোকাগ্নিয়ে হিয়াখণি কৰিছে অস্থিৰ।
দেখা পাই মৰিশালিখণি সোনটিৰ
কান্দিছে,—আন্ধাৰ। মোৰ পৰান অন্তৰ॥
কাবউ কৰিছোঁ মই তোমাক,—আন্ধাৰ।
মৰিশালি খণি তুমি থোৱাঁ লুকুৱাই,
নাচাওঁ সি দৃশ্য আৰু। পুনু উলিযাই
নেদেখাবা মৰিশালি আকউ এবাৰ॥
বিমল জ্যোতিৰে ভৰা অমৰা নগৰ,
তাকো তুমি লুকুৱাই থোৱা,—হে আন্ধাৰ!
ঢাকাঁ মৰিশালি খণি লাহৰী সোনৰ,
নজ্বলাবা পুনু মোৰ অগণি হিয়াৰ!!
দেখা পাই আজি সেই ছবি শ্মশানৰ
কান্দিছে সঘনে মোৰ দুৰ্ব্বল অন্তৰ॥