পৃষ্ঠা:মালচ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( খ )

শিমলু পলাশ যদি তুমি নিঘিনোৱাঁ,
“মৰমৰ ছিন” বুলি আদৰেৰে লোৱাঁ,
দিলো এই মালাধাৰি, পিন্ধিবা সদাই,
আলই এথানি কৰি নিদিবা পেলাই৷
মৰমত দিয়া বুলি কৰিবা আদৰ,
যদিওবা নাই গোন্ধ মালা পলাশৰ॥
আত বাজে কিবা দিম? একো নাইকিয়া,
আছে মাথোঁ তাহানিৰ বিয়াকুল হিয়া;
নিৰাশাৰ হুমুনিয়া, চকুলো চকুত
দাৰুণ শোকৰ লেশ তপত বুকুত;
আদৰৰ “ভাই” মাত নীৰস মুখত,
কোলা লোৱা দুটি হাত শুকান দেহত;
অন্তৰত তুঁহ জুই হিয়া-ছাই-কৰা,
অথিৰ অবিৰ মন নিৰাশাৰে ভৰা॥

যোৰহাট৷
      হিতেশ৷
৩০৷৭৷১৪৷