পৃষ্ঠা:মালচ.djvu/২৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মালচ
 
কবিতা।

নাজানো, সি সুখ, হায়! পায় কি নাপায়
ৰাজ্য সুখ কৰি ভোগ ৰাজাধিৰজাই,
কবিতা!—যেনুৱা সুখ তুমি কৰা দান
অথিৰ-অবিৰ, হায়! নৰৰ প্ৰাণত।
মোহকৰী তুমি, দেবি। তোমাৰ পৰাণ
অনন্তমোহনী-ভৰা চাৰিও যুগত॥
কিনোযে মোহিনী মাৰি মোহিলা কবিক
ভাবি পোৱা নাই, দেবি! আজিল'কে মই;
কি সুখত, কি দুখত, শোক বেজাৰত,
সকলো তিয়াগি, লয় তোমাৰে আশ্ৰয়॥
সঙ্গিনী কবিৰ তুমি চিৰজীৱনত,
পোহৰাই আছা তুমি সাহিত্য-খনিক,—
মাগিছোঁ আশ্ৰয়, দেবি! ময়ো যে তোমাত,
তাপিত জীৱণ মোৰ, দিয়া বহোঁ ছাঁত॥