পৃষ্ঠা:মালচ.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যাতনা।

বিশ্ব বিধতাৰ এই বিশ্ব মণ্ডলত
জন্মিলে মৰিব লাগে, সকলোৱে কয়,
(মৰেও সকলো সঁচা, মৰে একালত)
যাতনা! তোৰেহে মাথোঁ মৰণ নহয়।।
সূৰুজো যে অস্ত যায়, জোনে পায় ক্ষয়,
সকলোৰে মৃত্যু লিখা আছে কপালত;
যাতনা! তয়েহে মাথোঁ নৰ-হৃদয়ত
অজৰ-অমৰ;— হায়! হৰণ নহয়!!
নহয়,–নহৱ,–তই, যাতনা! অমৰ;
সকলো যে মৰে, তয়ো কিয় নমৰিবি?
পৰাণ থাকোতে মাথোঁ নৰহৃদয়ৰ
থাক জ্বলি ভিতৰত; মৰিলে, মৰিবি!!
প্ৰাণ গলে যাবি তয়ো, যাতনা দোৰ্ঘোৰ!
জীয়াই থাকোতে তোৰ নাই মাথোঁ ওৰ॥