পৃষ্ঠা:মালচ.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰজাৰ জী—(সখীলৈ)।
(গ)

কোৱাঁ, সখি! কোনে নো যে আপোন ইচ্ছাতে
উচৰগি দিয়ে প্ৰাণ চিন্তা-পিশাচীৰ
ভয়ঙ্কৰ মুখে? কোনে নিজে ইচ্ছা কৰি
আপোন কোলাত লয় ছঁয়া অশান্তিৰ?
কোনে ইচ্ছা কৰি,—কোৱাঁ,—নিৰ্ম্মল মুখত
ঘঁহে বিষাদ-কালিমা? কলঙ্ক চন্দ্ৰত
(নিষ্কলঙ্ক কলাধৰ)? কাৰ ইচ্ছা নাই
সংসাৰ মাজত হাঁহে হাঁহে মিচিকাই?
কোৱাঁ নাই ইচ্ছা কাৰ? নাই সি হেপাহ
প্ৰেমপূৰ্ণ জগতত প্ৰেম ‘মতোৱাৰা’
প্ৰেমত বিভোৰ হই নাচিব’ হাঁহিব’
হৰিষৰ মৃদু হাঁহি? হব’ হৰ্ষ-ভৰা?
কি তোমাত মিছা কথা?—তুমি যে অভিন
কিন্তু, সখি! মন মোৰ নহয় অধীন॥