পৃষ্ঠা:মালচ.djvu/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ভেটফুল।

স্বামী বিৰহত পৰি কান্দিছে পদুম,
মিচিকিয়া হাঁহি কিন্তু হাঁহিছা মুখত
আদৰৰ জোনটিক দেখি আকাশত;
তোমাৰ হৃদয় নেকি এনে নিদাৰুণ?
জা-জোৱালী সমন্ধীয়া তুমি পদুমৰ,
কিন্তু, হায়। দেখি জা-ক বিষাদ মলিনা,
হাঁহিছা আনন্দে তুমি? তুমি দয়াহীনা?
নাই একো দয়া মায়া? নিৰ্দ্দয় অন্তৰ?
শতুৰালি জা–ই জা-ই যেনে মানৱৰ
তোমালোক দুই জা-ৰো দেখোঁ তেনেকুৱা!
ফুলৰ কোমল হিয়া, কিয়নো নোপোৱা
হৃদয়ত দুখ দেখি দুথ পদুমৰ?
জানিলো, ফুলৰো হিয়া শিলেৰে বন্ধোৱা;
সিকাৰণে দুখ দেখি বিষাদ নোপোৱা॥