পৃষ্ঠা:মালচ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মালচ।
(খণ্ড কবিতা।)
ঈশ্বৰ৷

সকলোৰে আদি হয়ো অনাদিকাৰণ,
পিতা যাৰ নাই, —কিন্তু পিতা জগতৰ;
অনন্ত অক্ষয় যাৰ মহিমা কৰুণা,
স্ৰষ্টা নাই, —কিন্তু যেয়ে স্ৰজোঁতা সবৰ॥
নেদেখে কোনেও যাক, কিন্তু থাকে যেয়ে,
সকলোতে, সৰ্ব্বভূতে, সকলো কালতে;
আকাৰ দিওঁতা হ’য়ো, নিজে নিৰাকাৰ,
পুজে যাক প্ৰভু ভাবি সকলো ৰাজতে॥
সকলোকে জানে যেয়ে, —দেখে সকলোকে,
সকলোৰে হন্তা হ’য়ো নিজে যি অমৰ;
“একমেব অদ্বিতীয়" কিন্তু নানা ভাগে
নানা ভাবে পুজে যাক নৰে জগতৰ৷
সেয়ে কোৰাণৰ “আল্লা” “লড্‌” খ্ৰীষ্টানৰ
হিব্ৰূৰ “যিহোবা” সেয়ে বেদৰ “ঈশ্বৰ”॥