পৃষ্ঠা:মালচ.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুখী নে?
(ঘ)

আৰু যে দিখিছা সেয়া গছৰ ডালত
কুউ কুউ গীত গাই, পকা আম খাই
নাচিছে কুলিয়ে আজি আনন্দ মনত
স্বভাবৰ গীত এটি নৰক শুনাই॥
বিৰহীৰ হৃদয়ত অগনি জ্বলাই,
কোকিলীক লই নিজে সুখত মগন;
পৰদুথে সুখী কুলি,—নাইপোৱা জানো,
কিৰূপে নৰক দহে বিৰহ-দহন!!
কিন্তু তাৰ সুখ মাথোঁ বসন্ত কালত,
যেতিয়া বসন্ত যাব,—আহি জহকালি
মধুৰ কুউৰ গীত হৰিব মুখত,
ঘামত কৰিব তাক জুৰুলী-পুৰুলী॥
বিষাদ মনত কুলি গুছি যাবগই,—
বসন্তৰো কুলি সুখী নহয় নহয়॥