পৃষ্ঠা:মালচ.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চন্দ্ৰ।

নোলাবা নোলাবা, মই কৰিছোঁ মিনতি
ইদৰে আকউ তুমি আকাশ-মাজত!
তোমাৰ মোহন মূৰ্ত্তি দেখি নয়নত
কান্দিছে পৰাণ মোৰ, হে ৰোহিনীপতি!
আহাহা! আছিলে মোৰো নিচিনা তোমাৰ
সুন্দৰ লাবন্য এটি প্ৰাণৰ লহৰী,
কিন্তু তাক অকালতে নিছে কালে হৰি!
আছে জ্বলি সি অগনি আজিও হিয়াৰ!!
মধুৰতা তেনে, দেৱ! আছে কি তোমাৰ
লাহৰীৰ কথা যেনে আছিলে মধুৰ?
তাৰ মিঠা মাতে প্ৰাণ কৰিছিলে জূৰ!
নিৰমূল হ’ল কিন্তু সকলোটি তাৰ!!
নোলাবা নোলাবা তুমি, আকউ ওলাই
অন্তৰৰ জুই মোৰ নিদিবা জ্বলাই!!