পৃষ্ঠা:মালচ.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘৃণা।

কিয় কৰা ঘিন, ভাই বুলি দীনহীন?
তুমি আমি দুয়ো কিন্তু একে বাপেকিৰ
(স্বৰ্গীয় পিতাৰ) পুত্ৰ, যদিও অথিৰ
দিন নিশা প্ৰাণ মোৰ, শান্তি-সুখ-হীন!
একে বাপেকিৰে ল’ৰা, এয়ে মাথোঁ ভিন
কমলাৰ পুত্ৰ তুমি, মই সতিনীৰ
অযোগ্য অবোধ ল’ৰা; তুমি জননীৰ
পাইছা চেনেহ, কিন্তু মই দীনহীন॥
তোমাক মাৰাই, ভাই! বহু স্নেহ কৰে,
কিন্তু মোৰ আয়ে মোক উলটি নাচায়।
যোগ্যবান পুত্ৰ তুমি ভৰা ঐশ্বৰ্য্যৰে,
অযোগ্য অবোধ মোৰ আশা নুপূৰায়!!
আয়েই দুখীয়া মোৰ, নাইকিয়া ধন!
ঘৃণা কৰি, ভাই! মোৰ নদহা জীৱন॥