পৃষ্ঠা:মালচ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সীতা।

অযোধ্যাৰ ৰাজলক্ষ্মী,—জনকজিয়াৰী!
লক্ষ্মী অবতাৰ তুমি জগত-মাজত,
কিন্তু দুৰ্ভাগ্যৰ ফেৰ খণ্ডাব নোৱাৰি
জন্মাৱধি গ’ল কাল দুখ বেজাৰত॥
কান্দোতে কান্দোতে গ’ল গোটেই জনম
তোমাৰ, জানকী দেবি! দুয়ো নয়নৰ
নুগুছিলে চকুপানী, ৰামৰ জীৱন!
কিন্তু কি কৰিবা? হায়! লিখা কপালৰ॥
ৰাজলক্ষ্মী হ’য়ো, হ’ল দীনা তপস্বিনী,
স্বামী দেৱৰৰে স’তে গ’লা বনলই,
হৰি নি ৰাৱণে কত দুখ দিলে গই,
অশোক বনত, দেবী জনক নন্দিনি!
“অগ্নিত পৰীক্ষা” আদি কত পালা দুখ,
শেহত পাতাল গই, পাহৰিলা শোক॥