পৃষ্ঠা:মালচ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাঁহি।

সম্পদ কালত আৰু আনন্দ দিনত
থাকা তুমি মানৱৰ নিতে লগৰীয়া;
নাইকিয়া হোৱা কিন্তু দুখ বিপদত
কৃত্ৰিম বন্ধুৰ দৰে;—হাঁহি মিচিকীয়া!
সুখৰ দেখিলে মুখ, আহি লগধৰা
বিষাদৰ গমপালে, লুকুৱাঁ পলাই!
এনুয়া তোমাৰ ৰীতি কপটতা-ভৰা?
যোৱাঁগই তুমি;—দিলো তোমাক বিদায়॥
নামাতোঁ তোমাক আৰু এই জন্মলই,
গুছি যোৱাঁ তুমি, হাঁহি! গইছে সম্পদ!
নিতান্ত কৃত্ৰিম, হায়! তোমাৰ প্ৰণয়,
নোচোৱাঁ উলটি তুমি আহিলে বিপদ॥
সম্পদত আহি থোৱা, এৰা বিপদত
কৃত্ৰিম বন্ধুৰ দৰে তুমি জগতত॥