পৃষ্ঠা:মালচ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ইহকাল ।

নাজানো, —অ’ ইহকাল! পূৰ্ব্বজনমত
কত পাপ কৰি, জানো, আহিছিলি, হায়!
নাই সুখ নাই শান্তি, সদাই বিলাই!
আজন্ম লিখিলে দুখ তোৰ কপালত৷ ৷
কিয়, জানো, —ইহকাল! বোলে “ইহকাল”
তোক যে বুলিব লাগে “কালশোক-ভৰা”
অজন্ম আহিছোঁ দেখি, চকু-পানী সৰা
তোৰ দু চকুৰ পৰা! দুৰ্ভগা কপাল!
আছেযে “ঐহিক সুখ” বুলি এটি কথা,
বিৰাজে অস্তিত্ব তাৰ মাথোঁঁ শবদত
নহ’লে, —“ঐহিক সুখ” নাই জগতত,
সেই সুথ মাথোঁঁ মালা মনে-মনে-গঁথা॥
“ইহকাল” নোহ তই, —“শোক-ভৰা-কাল”
সদাই কান্দোন তোৰ, দুৰ্ভগা কপাল॥