পৃষ্ঠা:মালচ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এই পুথিৰ কিছুমান কবিতা "বাঁহী", "ঊষা" আৰু “আলোচনী"ত প্ৰকাশ হৈছিল; আৰু কিছু মান ইং ১৯০২ সনত “ঢোপাকলি” নামে পুথিৰ আকাৰে ছাপা হৈছিল৷ বাকি খিনি, আগৈয়ে ছাপা হোৱা নাই।

 "আসাম পাবলিছিং হাউচ্‌"ৰ প্ৰতিষ্ঠাতা সাহিত্যানুৰাগী শ্ৰীযুত জিতেন্দ্ৰকুমাৰ দাস মহোদয়ে অনুগ্ৰহ কৰি এই পুথিখনি প্ৰকাশ কৰিছে৷ সেইবাবে লিখোঁতা তেখেতৰ ওছৰত চিৰকৃতজ্ঞ আৰু পাঠক পাঠিকা সকলৰো তেথেত শলাগৰ পাত্ৰ৷ ইতি—

ৰঙালী বিহু
১৩।৪৷১৮।
হিতেশ।