পৃষ্ঠা:মালচ.djvu/১০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ক্ষমা।

দয়াময় ঈশ্বৰৰ নুশুনি বচন,
দিনৰাতি কৰে কত দুৰন্ত মানৱে
ঘৃণণীয় পাপ কাম গোপনীয় ভাৱে
ঘৰে পৰে আৰু, হায়! বনতো নিৰ্জ্জন॥
নথকা হেতেন, আহা!—ক্ষমা দেবি! তুমি
প্ৰভৃৰ কাষত নিতে, —এক মুহুৰ্ততে
পালে হয় ধ্বংস নৰ পৃথিবীয়ে স'তে;—
কিন্তু নিতে আছা তুমি প্ৰভু-পদ চুমি॥
স্নেহময়ী তুমি, দেবি! পাপীৰো কাৰণে
তোমাৰ পৰাণ কান্দে! ক্ৰোধ পৰিহৰি
ৰাখিছা প্ৰভুক তুমি শান্তমূৰ্ত্তি কৰি,
কৰাইছা,—ক্ষমা! দোষ ক্ষমা সযতনে॥
নথকা হেতেন তুমি প্ৰভুৰ কাষত,
পালে হয় ধ্বংস নৰ এক মুহুৰ্ত্তত॥