সমললৈ যাওক

পৃষ্ঠা:মালচ.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰাৰ্থনা।

তুমি আদি, তুমি অন্ত, মাজতে মাথোঁন
ক্ৰীড়ামন্দিৰত তযু খেলিছিলো খেলা
তোমাৰে খেলনা লই, আপোন পাহৰি
জীৱনত, দয়াময়! দুপৰৰ বেলা॥
খেলোতে খেলোতে খেলা, হ’ল বিনা–মেঘে
বজ্ৰাঘাত অকস্মাতে, ভাগিল পুতলা
(তুমি গঢ়া খেলনাটি)! চালো চকুমেলি
শেষ হ’ল জীৱনত সপোনৰ খেলা॥
খেলা শেষ হ'ল সঁচা,—আছে কিন্তু বাকি
জীৱনত, দয়াময়! পৰীক্ষা মহত
ই মানৱ জনমৰ—কৰ্ম্মক্ষেত্ৰৰূপী
এবে পৰীক্ষাৰ ঠাই মৰ জগতত॥
দয়া কৰি পৰীক্ষাত উদ্ধাৰিবা, নাথ!
নিমাখিত অতি মই, কৰোঁ প্ৰণিপাত॥