এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৌৱা যে দেখিছা, আহা! পুখুৰি-পানীত
ফুলিছে পদুম পাহি কত উলাহত,
আছে বুলি আকাশত পৰাণৰ পতি
ভুঞ্জিছে অমিয়া সুখ হৰিষ মনত॥
কিন্তু যেতিয়াহে আহি পাবহি সন্ধীয়া,
বিষাদে হৰিব সেই মিচিকীয়া হাঁহি,
পদুমৰ এই সুখ হ'ব নাইকিয়া
কোনে কয়,—বৰ সুথী পদুমৰ পাহি?
পদুম পাহিৰ গা-তে জোনাকী ৰাতিত
প্ৰাণৰ জোনক পাই, হাঁহে ভেটপাহি;
কাইলই পুঁৱা কিন্তু বেলিটি ওলালে,
ভেটফুল পাহি, হায়! শুকাব মৰহি॥
নাথাকে মুখত আৰু হাঁহি মিচিকীয়া
পদুম ভেটৰো সুখ নাই!—নাইকিয়া॥