পৃষ্ঠা:মালচ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
মালচ
 
নিদ্ৰাদেবী

শান্তিময়ী,—নিদ্ৰা৷ তুমি, —হায়৷ যিকালত
ভাগৰুৱা নৰে লয় তোমাত আশ্ৰয়,
বিষময় সংসাৰৰ বিষম কেলেশ৷
অন্তৰতে কৰা তাৰ সকলোটি লয়॥
দৰিদ্ৰৰ বন্ধু তুমি, —দাৰিদ্ৰ্য দুখত
জ্বলাকলা প্ৰাণ যাৰ, তোমাৰ কৃপাত
(তোমাক আশ্ৰয় কৰি) সকলো পাহৰে,
শোকতাপ এৰি কৰে হিয়া খনি শাত॥
দুখবেজাৰত, হায়৷ বিপদ কালত
নেৰা তুমি কোনো কালে, —চিৰশান্তিময়ি৷
কি ৰজা, কি মহাবীৰ, সকলোটি বশ
তোমাৰ কাষত, —দেবি৷ তুমি সৰ্ব্বজয়ী॥
পৰণৰ পুত্ৰে যৱে প্ৰাণ এৰি যায়,
তেনুৱা শোকতো তুমি ৰাখাঁ নিচুকাই॥