পৃষ্ঠা:মালচ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

—আহাঁ,—আই বীণাপাণি! বীণাখনি লই,
উভালি মূৰৰ চুলি, বান্ধি দিলে তাঁৰ!
বজোৱাঁ বজোৱাঁ, আই! সুৱলা সুৰেৰে
সুৱলা মধুৰ গীত, দেবী কবিতাৰ!
যদিও কমলা মাতৃ! অতি নিৰদয়া,
যদিও তেঁওৰ কৃপা নাই ই দাসত,
(অযোগ্য সন্তান ইটো!) কান্দি কিবা লাভ
“হা! ধন! বিভূতি!" কৰি চিৰ জীৱনত?
নাপালো ঐশ্বৰ্য্য ধন, নাপালো ৰতন
নাপালো মুকুতা মণি (গজমতি হাৰ)
মাগোঁ, আই! তযু কৃপা, অনন্ত কৰুণা
তোমাৰ কৰুণা সৃষ্টি, দেবী কবিতাৰ!
লিখোৱাঁ কবিতা, মাতৃ! কৃপা ভিক্ষা দিয়াঁ,
অমৃতভাষিণী তুমি অমৃত বিলোৱাঁ॥