পৃষ্ঠা:মালচ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কবি চেক্ষপীৰ।

জানো দিলে বীণাপাণি বীণা আপোনাৰ
বজাব’ তোমাক, কবি! দেখি যোগ্যবান;
সি বীণাতে গাই, জানো, সুমধুৰ গীত
কৰিলা মোহিত তুমি মানৱৰ প্ৰাণ॥
দিলে জানো চিত্ৰলেখা লেখনী নিজৰ
আঁকিলা মোহিনী ছবি, কিবা চমৎকাৰ;
মিৰেণ্ডা, জেচিকা আৰু ডেচ্‌দিমোনা সতী
লিউক্ৰেটীনা, ওফিলীয়া, চিত্ৰ জুলীয়াৰ॥
কাব্য-ফুলনীত তুমি কবিৰূপী কুলি,
কি বসন্তে কি হেমন্তে সকলো কালতে
এন্ধাৰত পোহৰত মনৰ হৰিষে
গালা মধুময় গীত মধুৰ সুৰতে।
প্ৰণমো তোমাক আমি, কবিকুল মণি!
মৰিও অমৰ তুমি, বিখ্যাত জগতে॥