পৃষ্ঠা:মালচ.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বভাৱৰ গীত।
(গ)

কাবউ কৰিছোঁ, পখি! মাতিছোঁ তোমাকে,
শুনা নাই বহু দিন সুৱলা সঙ্গীত!
মানুহে যি গান গায়, তেনুৱা গানত
নজনমে তৃপ্তি মোৰ, নোহে সুললীত॥
মানুহৰ গান, পখি! কৃত্ৰিম সঙ্গীত,
নোহে স্বভাবৰ গীত, তেনুৱা গীতত
কিবা সুখ? কিবা তৃপ্তি? শুনিছোঁ অনেক
তেনুৱা সঙ্গীত, সুখ নালাগে মনত॥
তুমি স্বভাবৰ পখী, সিকাৰণে, পখি!
শুনিব খুজিছোঁ গান তোমাৰ মুখৰ
স্বভাবৰ গীত এটি সুৱলা মধুৰ;
গোৱাঁ, পখি! গোৱা এটি, জুড়াওঁ অন্তৰ।
গোৱাঁ স্বভাবৰ গীত, অকৃত্ৰিম গান,
শুনি তাক, হোক শাঁত তাপিত পৰাণ॥