পৃষ্ঠা:মালচ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুখ স্ৰজা নাই।

কিবা বেলি, কিবা জোন, আকাশৰ তৰা
কিবা কুলি, কি মলয়া, কুমলীয়া ল’ৰা,
ষোড়শী গাভৰু কিম্বা, সবৰে ভাগ্যত
আছে দুখ, -নাই সুখ,—কাৰো জীৱনত।
নাই কাৰো চিৰসুখ; নহয় সুখীয়া
সদাই বিলৰ ভেট, পদুমৰ পাহি,
খন্তেকীয়া ছঁয়া সুখ মৰ জগতত,
খন্তেক ফুলৰ মাথোঁ মিচিকীয়া হাঁহি॥
নিজকে দুখিত ভাবি, চকু দুটি মুদি
স্বৰ্গ মৰ্ত্ত্য দুয়োতেই বহু বিচাৰিলো;
তন্বতন্ব কৰি চালো, কিন্তু ক’তো নাই
প্ৰকৃতি সুখীক, হায়! ক’তো নেদেখিলো॥
অতি মুৰ্খ আমি, সুখ বিচাৰোঁ মিছাই,
সকলো স্ৰজিছে বিধি, সুখ স্ৰজা নাই।