সমললৈ যাওক

পৃষ্ঠা:মালচ.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাণৰ থুৰীয়া।

পূৰ্ব্ব জনমৰ, জানো, কত পূণ্যবলে
থুৰীয়া জনম পালি তই জগতত;
শোওঁতে খাওঁতে কিম্বা উঠোঁতে বহোঁতে
চুমা দিয় প্ৰিয়সীৰ কোমল গালত॥
যি চুমাৰ হেপাহত আতুৰ প্ৰেমিক,
প্ৰেমৰ ৰাজ্যৰ যিটো অমূল্য ৰতন,
যাক লই সংসাৰৰ সকলো বলীয়া,
অনায়াসে তই কিন্তু পাৱ সেই ধন॥
যি চুমাৰ মাথোঁ এটি পাবৰ আশাত
প্ৰেমিকে উছৰ্গ কৰে পৰাণ নিজৰ;
সেই চুমা লাখ লাখ নিতে পাৱ তই,
নাজানো,—কি পূণ্য তোৰ আছিল পূৰ্ব্বৰ॥
নহ’ল আমাৰো কিয় থুৰীয়া জনম!
পালো হয় নিতে কত মধুৰ চুম্বন॥