সমললৈ যাওক

পৃষ্ঠা:মালচ.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বসন্ত কালত—এটি কুলিলৈ।

নিতউ দহিছে মোক বিৰহৰ জুয়ে,
কিয় তাতে তই, পখি! দিছ সোঁৱৰাই?
এনেয়ে জ্বলিছে জুই হিয়াৰ মাজত
কুউ কৰি কিয় তই জ্বলাৱ দুনাই?
থাকিলে হেতেন যদি “একলব্য” আজি
(হিৰণ্য ধনুৰ পুত্ৰ) দ্বাপৰ যুগৰ,
শিকিলো হেতেন গই তুতি-নতি কৰি
শবদ-হৰিব-পৰা তোৰ “সপ্ত শৰ”॥
সেই শৰে শৰ তোৰ হৰিলো হেতেন,
থাকিলি হেতেন তই নীৰৱ-নীমাত;
জ্বলা জুই পুনু মোৰ নজ্বলিলে হয়,
শুনি তোৰ কুউ ধ্বনি তাপিত হিয়াত॥
নাই কিন্তু ‘একলব’, নাই "সপ্তশৰ”
হিতেশ অক্ষম আজি, ঘনে কুউ কৰ॥