পৃষ্ঠা:মালচ.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সোঁৱৰনী।

সংসাৰৰ চিন্তা এৰি, বহি নিৰ্জ্জনত
যেতিয়া তোমাৰ কৰোঁ মনত অৰ্চ্চনা,
ওলোটাই দিয়া আনি অতীত ঘটনা
এটিদুটিকই পুনু মানস–পটত॥
বিধতাৰ বিড়ম্বনা! স্নেহৰ ৰতন।
হেৰুৱালো এটি, দেবি! মই অকালত!
সেই মূৰ্ত্তি তুমি কিন্তু কৰাই স্মৰণ,
আকউ বহুত মোক কন্দুৱাঁ শোকত!!
অতীত ঘটনা, দেবি! বাল্য জীৱনৰ
এটিদুটিকই আনি সকলো দেখুৱাঁ!
যি গইছে যাব দিয়াঁ; যোৱা বিলাকৰ
সোঁৱৰনী আনি, হায়! কিয়নো কন্দুৱাঁ?
চিৰ কাললই মই হেৰুৱালো যাক;
কিয়নো কন্দুৱা, দেবি! সোঁৱৰাই তাক?