পৃষ্ঠা:মালচ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চকুলো।

ঘোৰ দুৰ্দ্দিনত, হায়। বিপদ কালত
বন্ধুৱে তিয়াগি যৱে যায় এৰি থই,
তেনুৱা কালতো তুমি নেৰা, —চকুপানি।
কোমল তোমাৰ মন, কোমল হৃদয়॥
কৰিলে পৰাণত্যাগ প্ৰাণৰ পুতেকে,
দুৰ্ভাগিনী মাকে কান্দে যেতিয়া বীনাই,
তেনুৱা শোকতো তুমি দুৰ্ভাগী মাকক
হিয়াৰ অগনি মাৰি, থোৱাঁ নিচুকাই॥
আহাহা। অকলে হায়। জনক জীয়াৰী
বন্দিনী আছিলে যৱে অশোক বনত,
সিকালত, হে চকুলো। তুমি লগৰীয়া
দুৰ্ভাগিনী বৈদেহীৰ বনৰ মাজত॥
বিপদৰ বন্ধু তুমি, কোমল অন্তৰ,
এনুৱা বন্ধুত্ব, হায়। নাই মানবৰ॥