পৃষ্ঠা:মালচ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উটি-যোৱা বন।

যোৱাঁ, বন! যোৱাঁ তুমি, যোৱাঁ উটি-বুৰি
নইৰ সোঁতত! এই জগত অসাৰ!
পদুম-পাতৰ পানী অনিত্য সংসাৰ।
মায়াৰ পাকত আমি ফুৰোঁ মাথোঁ ঘুৰি!!
কত ৰজা মহাৰজা আছিলে ইয়াত,
তোমাৰ নিচিনাকৈয়ে উটি-বুৰি গ'ল
কালৰ সোঁতত। হায়! চিনো যে নৰ’ল!
যোৱাঁগই তুমি, বন! নকৰাঁ বিষাদ!!
যোৱাঁ উটি, যোৱাঁ, বন! তোমাৰ দৰেই
আমিওতো আছোঁ উটি কাল-সমুদ্ৰত!
কতদূৰ যাব আৰু লাগিব সোঁতত
উটি-বুৰি তোমাদৰে, জানিছে কালেই!!
নোহোৱাঁ কেৱল তুমি উটিছা সোঁতত,
কালৰ সোঁতত উটে গোটেই জগত॥