এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কিবা শোভে প্ৰিয়তমা পিন্ধি মুক্তমালা
মণি-বিৰি, গলপটা দিঙ্গি ওপোছাই;
মিনা–কৰা বাখৰুৱা কেৰু দুয়ো কানে,
মনি-মৰা খাৰুযুৰি হাতত শুৱায়॥
সোনোৱালী-বনকৰা মেখেলা কাপোৰ,
চন্দনৰ অৰ্দ্ধচন্দ্ৰ ৰেখা কপালত,
দুচকুত বিৰাজিছে কটাক্ষ সুন্দৰ
মদু মিচিকীয়া হাঁহি, লাৱন্য মুখত॥
কিন্তু তিৰী জনোচিত লজ্জা-অলঙ্কাৰে
অলঙ্কৃতা প্ৰিয়তমা শোভে যেনেকুৱা,
সেইরূপ মনোহৰ প্ৰাণমনহাৰী
নেদেখোঁ যে জীৱনত সৌন্দৰ্য্য তেনুৱা॥
স্ত্ৰীজাতিৰ লজ্জা, জানো শ্ৰেষ্ঠ অলঙ্কাৰ,
লজ্জাহীনা তিৰুতাৰ সৌন্দৰ্য্য অসাৰ॥