পৃষ্ঠা:মালচ.djvu/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সুখ।

মৰুৰ মাজত যেনে মৰীচিকা ছঁয়া,
সংসাৰ-মাজত, সুখ! তেনেকুৱা তই!
কি দূৰত ওছৰত, কত বিচাৰিলো,
তথাপি অলপো তোক নেদেখিলো মই॥
নতুবা, মেঘত যেনে বিজুলীৰ ৰেখা
খন্তেক চমকি, হায়! দেখায় পোহৰ,
তয়ো, সুখ! তেনেকুৱা খন্তেক ওলাই
বিয়াকুল কৰ হিয়া, অথিৰ নৰৰ॥
গুছি যা, গুছি যা, সুখ! নিবিচাৰোঁ তোক,
মিছাতে ব্যাকুল মোক নকৰিবি তই!
জনম অৱধি বহু ভুগিলো কেলেশ,
আজিও ভুঞ্জিম তাকে দুৰ্ভগীয়া মই।
মেঘৰ মাজত তই বিজুলীৰ ৰেখা,
খন্তেক ওলাই দিয় কেতিয়াবা দেখা॥