পৃষ্ঠা:মালচ.djvu/১৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বৰপাত্ৰ। *

ধলে ধলে খুনবাৱে দূৰ পৰ্ব্বতৰ
ৰজাঘৰলই আহে “পালসেৱা" লই;
নগামাকো আঁক বাঁক, হাতীৰ দাঁতৰ
পিন্ধে কত অলঙ্কাৰ মনোমত কই॥
চমুৱা কুঁৱৰী তাকে ভিতৰৰ পৰা
দেখা পাই, ক’লে হাঁহি এদিন ৰজাক;
“চোৱাঁছোঁ, বঙ্গহদেও! যদিও নগাক
“কৰে ঘিন,—কিন্তু নগা সৌন্দৰ্য্যৰে ভৰা॥”
অজলা ৰজাই শুনি ভাবিলে মনত,
“আসক্তি ৰাণীৰ জানো জন্মিছে, নগাত;
“এনুৱা ৰাণীক মোক নালাগে ইয়াত।”
সগৰ্ভা ৰাণীক দিলে নগাৰ হাতত॥
খুনবাৱে কুঁৱৰীক থ’লে ভৈয়ামতে,
উপজিল “বৰপাত্ৰ” তেঁওৰ গভতে॥


* ইং ১৪৯৩ সনত চুপিম্‌ফা সৰ্গদেৱে আহোম সিংহাসনত ৰাজত্ব কৰে। এও নিজৰ চমুৱা কুঁৱৰী এজনাই নগাৰ খুনবাও এটাক দেখিবলৈ ভাল বুলি প্ৰশংসা কৰাত, কুঁৱৰীক খুনবাওলৈ দিলে। খুনবাৱে কুঁৱৰীক চাঙ্গলৈ নিনি, ভৈয়ামতে বাহৰ দিলে। কুঁৱৰী সগৰ্ভা আছিলে; কালক্ৰমে সেই বাহৰতে তেঁওৰ ল'ৰা এটি জন্ম হ’ল সেই লৰাটিকেই পাছে চিনি পাই ইং ১৫০৭ চনত স্বৰ্গ নাৰায়ণ বা দিহিঙ্গীয়া ৰজাই “কনচেঙ্গ” নাম দি “বৰপাত্ৰ ডাঙ্গৰীয়া” পাতিলে।