পৃষ্ঠা:মালচ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অনুতাপ।
(খ)

কান্দিছে এতিয়া প্ৰাণ, জ্বলিছে অনল
খন্তেকীয়া তৃপিতিৰ পৰি ছলনাত,
অমূল্য ৰতন তোৰ বেচিলি হঠাত!
সুধা ভাবি, হায়! মাথোঁ ভক্ষিলি গৰল॥
নিৰবোধ মন পখি! নুশুনি বাৰণ।
ফান্দ পাতি-ব্যাধে-দিয়া ধানৰ লোভত
খাবলই গ’লি! কিন্তু পৰিলি ফান্দত!
খোৱা যে নহ’ল, মাথোঁ মাৰিলি জীৱন!!
আহাহা! অবোধ! তই নুশুনি নামানি
হকাবধা বিবেকৰ, আপোন দোষত
ভুঞ্জিছ কেলেশ; আৰু নাপাৱ তৰণী
ঢউ-ভৰা, অনুতাপ ৰূপী সাগৰত!!
নিজ দোষে মৰ; কিয় এতিয়া বীননী?
কান্দ কিয় এৱে, হায়! দাৰুণ শোকত?