সমললৈ যাওক

পৃষ্ঠা:মালচ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কান্দোন।

বিৰহী গাভৰু পৰি বিৰহ-দুখত
প্ৰণয়ী সইতে হয় যেতিয়া মিলন,
কি কৰিব, কিবা ক’ব, বিচাৰি নাপাই,
তোমাকে চপাই লয় সাদৰি, কান্দোন!
বহুত দিনৰ, হায়! পাছত এদিন
পুত্ৰপ্ৰাণা মাকে পাই প্ৰবাসী পুত্ৰক,
শোকৰ অন্তত দেখি আনন্দৰ ছিন,
হৰিষত কান্দে, লই প্ৰাণৰ সোণক॥
হৰিষতো সম্পদতো থাকা মাজে মাজে
মানৱৰ সঙ্গী তুমি; কিন্তু বিপদত,
বিষাদে যেতিয়া ধৰে, তেনুৱা কালত,
কান্দোন! তোমাৰ ছবি সদাই বিৰাজে॥
বিপদৰ সঙ্গী তুমি; শোক বিষাদত
নেৰা তুমি মানৱক ক’তো জগতত॥