পৃষ্ঠা:মালচ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহা ভ্ৰম।
(ক)

কি-যে-এটা মহাভ্ৰম, হে মন! তোমাৰ,
দুখে-ভৰা প্ৰণয়ৰ সমুদ্ৰ-গৰ্ভত
আশা কৰা সদা তুমি সুখ-ৰূপী মনি!
নোশোভে তোমাত! মাথোঁ পৰিছা ভ্ৰমত!!
প্ৰণয়ৰ সাগৰৰ ঢউৰ মাজত
পলে পলে হাঁহি কন্দা, প্ৰাণ যায় যায়!
মকৰ হাঙ্গৰ তাত ঘুৰিছে অলেখ;
তাত কি কোনোৱে, মন! সুখ দেখা পায়?
অন্তৰৰ কামনাৰ আশাময়ী গাঁথি
আঁট থায় মাজে মাজে মিলন-আশাত।
কিন্তু, হায়! ঢিলা হয় পুনু তেতিয়াই
ভবিষ্যত বিৰহৰ পৰি কল্পনাত!!
ভাবী বিৰহৰ ভাবে অন্তৰ শুকায়;
ই পাৰ্থীব প্ৰণয়ত সুখ নাই নাই॥