পৃষ্ঠা:মালচ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিতাৰ জুই।

জ্বলা, জ্বলা, উঠাঁ জ্বলি, চিতাৰ অগনি!
আগনি লাগোক গই আজি স্বৰগত।
লভিছে অমিয়া শান্তি তোমাৰ কাষত
তাপিত মানৱ-প্ৰাণে তিয়াগি চিঁতনী॥
সংসাৰত ভুঞ্জি বহু যাতনা দোৰ্ঘোৰ,
উছৰগি দিছে আজি দেহা আদৰৰ
তোমাতে মানৱে এৰি মায়া সংসাৰৰ,
নুমাইছে আজি তাৰ প্ৰাণৰূপী জোঁৰ॥
জ্বলা জ্বলা জ্বলা তুমি, চিতাৰ অগনি।
তাপিত নৰৰ দেহা কৰাঁহে গ্ৰহণ,
হিতেশো এদিন আাহি পশিব শৰণ
তোমাতে মধুৰ শান্তি বিচাৰি অকনি॥
পাপী বুলি তুমি তাক ঘৃণা নকৰিবা,
নিমাখিত বুলি, দেৱ! চপাই ধৰিবা॥